উচ্চ কলেষ্টেৰলত কণীৰ কুহুম ভাল নে বেয়া পুষ্টিবিদৰ পৰামৰ্শ জানক... - EGG YOLK IN HIGH CHOLESTEROL
Egg Yolk In High Cholesterol : উচ্চ কলেষ্টেৰল হৃদযন্ত্ৰৰ বাবে বিপদজ্জনক । বিশেষজ্ঞসকলৰ মতে, ই হৃদৰোগৰ আশংকা বৃদ্ধি কৰে। শৰীৰৰ বাবে বেয়া কলেষ্টেৰল পৰিহাৰ কৰিবলৈ কণীৰ কুহুম খোৱা বাদ দিয়ক ৷

Published : April 26, 2024 at 5:15 PM IST
আমাৰ শৰীৰৰ বাবে অতিমাত্ৰা কলেষ্টেৰল সুবিধাজনক নহয় ৷ কলেষ্টেৰল হৈছে কোষৰ আৱৰণত পোৱা এক চৰ্বিযুক্ত, তেলেতীয়া ষ্টেৰইড আৰু ই তেজত সঞ্চালিত হয় । ই স্তন্যপায়ী জীৱৰ কোষ আৱৰণৰ এক অত্যাৱশ্যকীয় উপাদান । আমি দৈনন্দিন খোৱা কণীয়ে আমাৰ শৰীৰৰ কলেষ্টেৰলত কেনেদৰে প্ৰভাৱ পেলায় জানেনে ?
পুষ্টিবিদে ডাঃ সুচৰিতা সেনগুপ্তাই এই সন্দৰ্ভত কয় যে, কণীৰ হালধীয়া অংশত আটাইতকৈ বেছি চৰ্বি থাকে ৷ সেইবাবে বহু লোকে উচ্চ ইউৰিক এচিড আৰু কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ কণীৰ হালধীয়া অংশ বা কুহুম নাখায় ৷
পুষ্টিবিদগৰাকীয়ে কোৱা অনুসৰি, কণীৰ বগা অংশত প্ৰ'টিন থাকিলেও ইয়াক খোৱাত কোনো বাধা নাই ৷ কণী খোৱাৰ বিষয়ে চিন্তা কৰাৰ একমাত্ৰ কাৰণ হৈছে কণীৰ হালধীয়া অংশ ৷ যদি কণীৰ কুহুম সপ্তাহত 2 দিন খোৱা হয়, তেন্তে ই তেজত কলেষ্টেৰলৰ স্তৰ অত্যধিক বৃদ্ধি নকৰে ৷
যদি কাৰোবাৰ উচ্চ কলেষ্টেৰল আছে বা যদি তেওঁৰ উচ্চ ট্ৰাইগ্লিচাৰাইট বা কম এইচডিএল, এলডিএল আছে তেন্তে সেই ব্যক্তিজনে প্ৰতিদিনে কণীৰ বগা অংশ খাব পাৰে কিন্তু কণীৰ ভিতৰৰ অংশ অৰ্থাৎ কুহুম সপ্তাহত 2 দিনতকৈ বেছি খাব নালাগে ৷
লগতে, চৰ্বি-দ্ৰৱণীয় ভিটামিন এ, ডি, কে, ই য়ে শৰীৰত চৰ্বি শোষণত সহায় কৰে ৷ কণীৰ কুহুম পৰ্যাপ্ত পৰিমাণৰ খালে কোনো অসুবিধা নহয় ৷ কাৰণ কণীৰ কুহুমত ভাল চৰ্বীয়েই থাকে ৷ সুস্থ শৰীৰৰ বাবে সিজোৱা কণী খাব লাগে ৷
যিসকলে উচ্চ কলেষ্টেৰলৰ সমস্যাত ভুগি আছে, যদি তেওঁলোকে পুৱাৰ আহাৰত কণীৰ লগত এইসমূহ আহাৰ খাব পাৰে -
ডাঃ সেনগুপ্তাই কোৱা অনুসৰি, কণী প্ৰ'টিন আৰু চৰ্বীৰ অংশ ৷ সেইবাবে ইয়াত কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইট থাকে লগতে জটিল কাৰ্ব’হাইড্ৰেটৰ পৰিমাণো যথেষ্ট বেছি। গতিকে ব্ৰেডৰ সলনি হাতেৰে তৈয়াৰ কৰা ৰুটী খাওক ৷
লগতে পঢ়ক: ভেকচিন সন্দৰ্ভত সজাগতাৰ অভাৱ এতিয়াও ভাৰতত এক প্ৰত্যাহ্বান: আই এম এ - WORLD IMMUNIZATION WEEK

