ETV Bharat / health

দূৰ হ’ব ছালৰ মিহি ৰেখা তথা দাগ ! কেৱল এবাৰ ব্যৱহাৰ কৰক এই প্ৰাকৃতিক ফেচ মাস্ক

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 12:00 PM IST

Skin Care Tips : বৰ্তমানৰ জীৱনশৈলীত ছালৰ যত্ন লোৱাটো সহজ নহয় । প্ৰায়ে মানুহে নিজৰ ব্যস্ততাত নিজৰ বাবে সময় বিচাৰি উলিয়াব নোৱাৰে, যাৰ প্ৰভাৱ ছালতো দেখা যায় । আমি সুস্থ আৰু উজ্বল ছাল পাবলৈ সকলো কাম কৰো ৷ কিন্তু কেতিয়াবা ছালত বিচৰা ধৰণে গ্লো পাবলৈ সক্ষম নহও এনে পৰিস্থিতিত এই ফেচ মাস্ক এবাৰ ব্যৱহাৰ কৰি চাব পাৰে ।

if you want to get rid of fine lines and spots then Moringa face mask will help you to get glowing skin
সুস্থ আৰু উজ্বল ছালৰ ৰহস্য

আজিকালি প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ বহু পৰিমাণে বৃদ্ধি পাইছে যদিও ইয়াৰ পিচতো ছালৰ সৈতে জড়িত সমস্যাৰ যেন অন্ত পৰা নাই ৷ টকা খৰচ কৰিও যেতিয়া আমি আকাংক্ষিত উজ্বলতা আমাৰ ছালত নাপাওঁ তেতিয়া আমি কেৱল ঘৰুৱা বস্তুহে ব্যৱহাৰৰ কথা আমাৰ মনলৈ আহে ৷ যিহেতু এইবোৰ স্বাভাৱিক ৷ গতিকে ই আপোনাৰ ছালৰ কোনো ক্ষতি নকৰে ৷ তেনে এবিধ ঘৰুৱা সমাগ্ৰী হৈছে চজিনা ৷ যদি আপুনি মিহি ৰেখা আৰু দাগবোৰৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে আপুনি চজিনা পাতৰ এই ফেচ মাস্ক ব্যৱহাৰ কৰি চাব পাৰে ৷ ইয়াৰ ব্যৱহাৰ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

চজিনা পাতৰ ফেচ মাস্ক কেনেকৈ প্ৰস্তুত কৰিব জানি লওক ?

প্ৰথমে আপোনাৰ মুখমণ্ডলৰ বাবে প্ৰয়োজন অনুসৰি চজিনাৰ পাত চিঙি পিচি লওক ৷

এতিয়া ইয়াত ১ চামুচ মৌ আৰু ১ চামুচ নেমুৰ ৰস দি ভালদৰে মিহলাই লওক ৷

যদি আপোনাৰ ছাল শুকান হয়, তেন্তে তাত গাখীৰ দিব পাৰে আৰু যদি আপোনাৰ ছাল তেলীয়া হয় তেন্তে ইয়াত গোলাপৰ পানী বা এলোভেৰা জেল দিব পাৰে ৷

এই সকলোবোৰ ভালকৈ মিহলাই মুখত লগাই ২০ মিনিটমান লগাওক ৷ ইয়াৰ পিচত ঠাণ্ডা পানীৰে মুখখন ধুই লওক ৷

মুখখন ধোৱাৰ পিচত ছালৰ ধৰণ অনুসৰি মইশ্ব’ৰাইজাৰ লগাবলৈ নাপাহৰিব ৷

চজিনা পাতৰ ফেচ মাস্কৰ উপকাৰিতা

যদি আপুনি তেলীয়া ছালৰ ধৰণৰ শ্ৰেণীৰ পৰা আহিছে, তেন্তে এই ফেচ মাস্ক আপোনাৰ বাবে অতি উপকাৰী হ’ব পাৰে ৷ ই ছালৰ মুকলি ছিদ্ৰ কমোৱাৰ কাম কৰে ৷ যাৰ ফলত তেল উৎপাদন হ্ৰাস পায় আৰু পিম্পল ৰোধ কৰে ৷

দাগ আৰু বলিৰেখা কমোৱাতো ই অতি ফলপ্ৰসূ ৷

ছালৰ সকলো সমস্যা, এলাৰ্জী আৰু ছালৰ জ্বলা-পোৰা দূৰ কৰাত চজিনাৰ পাত অতি উপকাৰী ৷

চজিনাত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ এনে পৰিস্থিতিত ইয়াৰ পৰা তৈয়াৰী ফেচ মাস্কেও আপোনাক টেনিং আঁতৰোৱাত সহায় কৰিব পাৰে ৷

লগতে পঢ়ক : কিয় যুৱক-যুৱতীৰ মাজত বৃদ্ধি পাইছে বৃহদান্ত্ৰৰ কৰ্কট ৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.