ETV Bharat / health

শীতকালত হাৰ্ট এটাকৰ পৰা হাত সাৰিব বিচাৰে নেকি ? তেন্তে মনত ৰাখিব চিকিৎসকৰ এইবোৰ কথা

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 4:00 PM IST

Heart attack In winters : শীতকালত হাৰ্ট এটাকৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পায় । এই বতৰত উষ্ণতা কম হোৱাৰ বাবে হাৰ্ট এটাকৰ সম্ভাৱনা বৃদ্ধি হয় । বিগত কেইবছৰমানৰ পৰা কম বয়সতো হাৰ্ট এটাকৰ ঘটনা চৰ্চালৈ আহিছে । এনে পৰিস্থিতিত এই ঋতুত কেনেদৰে হাৰ্ট এটাক প্ৰতিৰোধ কৰিব পাৰি চিকিৎসকৰ পৰা জানি লওক-

If you want to avoid heart attack in winter then keep these things of doctors in mind
শীতকালত হাৰ্ট এটাকৰ পৰা হাত সাৰিব বিচাৰে নেকি ? তেন্তে মনত ৰাখিব চিকিৎসকৰ এইবোৰ কথা

প্ৰতি বছৰে শীতকালত হাৰ্ট এটাকৰ ঘটনা বৃদ্ধি পায় ৷ বিশেষকৈ শীতকালত ইয়াৰ সম্ভাৱনা বৃদ্ধি হোৱা দেখা যায় ৷ কিছুমান ক্ষেত্ৰত কোনো লক্ষণ নোহোৱাকৈ হাৰ্ট এটাক হয় ৷ বৰ্তমান দেখা গৈছে যে হাৰ্ট এটাকৰ ফলত বহু লোকৰ মৃত্যু হয় ৷ আনকি যুৱক-যুৱতীৰো হাৰ্ট এটাক হৈছে ৷ এনে পৰিস্থিতিত চিকিৎসকে এই বতৰত বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে ৷ সেয়ে এই শীতকালত কেনেকৈ হাৰ্ট এটাকক প্ৰতিৰোধ কৰিব পাৰি জানো আহক-

চিকিৎসকে কয় যে, শীতকালত উষ্ণতা কম হোৱাৰ বাবে শিৰাবোৰ সংকুচিত হয় ৷ যাৰ ফলত ৰক্ত সঞ্চালন সঠিকভাৱে নহয় আৰু যাৰ ফলত হাৰ্ট এটাক হয় ৷ চিন্তনীয় বিষয় যে এতিয়া ২০ৰ পৰা ৩০ বছৰৰ ভিতৰৰ লোকৰ মাজত হাৰ্ট এটাকৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে ৷

ইয়াৰ মূল কাৰণ হৈছে বেয়া জীৱনশৈলী, ভুল খাদ্যাভ্যাস আৰু Covidৰ প্ৰভাৱ ৷ বিগত তিনিটা বছৰত হাৰ্ট এটাকত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হৈছে Covid Virus ৷ এই ভাইৰাছৰ কাৰণে হৃদযন্ত্ৰৰ ধমনীত বন্ধ হৈ পৰে, যাৰ ফলত হাৰ্ট এটাক হয় ৷ এনে পৰিস্থিতিত সুৰক্ষাৰ বাবে কিছুমান টিপছ মানি চলিব পাৰে ৷

ঠাণ্ডাৰ পৰা ৰক্ষা কৰক

চিকিৎসকে কয় যে, এই বতৰত ঠাণ্ডাৰ পৰা ৰক্ষা পোৱাটো অতি প্ৰয়োজনীয় ৷ ইয়াৰ বাবে পুৱা আৰু গধূলি প্ৰচণ্ড ঠাণ্ডাৰ সময়ত বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক ৷ শৰীৰটো সম্পূৰ্ণৰূপে ঢাকি ৰাখিবলৈ চেষ্টা কৰক ৷ বিশেষকৈ হাত, নাক আৰু কাণ ঢাকি ৰাখিব লাগে ৷ ইয়াৰ উপৰিও এই ছিজনত হঠাৎ কোনো গধুৰ ৱৰ্কআউট নকৰাটোও গুৰুত্বপূৰ্ণ ৷ চেষ্টা কৰক যাতে জিমলৈ গ’লেও তাতো লাইট ৱৰ্কআউট কৰক ৷ হঠাৎ গধুৰ ৱৰ্কআউট কৰিলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷

আপোনাৰ খাদ্যৰ যত্ন লওক

চিকিৎসকে কয় যে, এই ঋতুত মানুহে অধিক ফাষ্ট ফুড খাবলৈ আৰম্ভ কৰে, কিন্তু ইয়াৰ পৰা আঁতৰি থকাটো উচিত ৷ ফাষ্ট ফুড খালে শৰীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি পায় যিটো ক্ষতিকাৰক ৷ এনে পৰিস্থিতিত এই বতৰত খাদ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ ৷ খাদ্যত সেউজীয়া শাক-পাচলি আৰু ফল-মূল নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক ৷

লগতে পঢ়ক: শীতকালত কিয় বৃদ্ধি পায় চাইনাছৰ সমস্যা ? কেনেকৈ পাব পৰিত্ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.