ETV Bharat / health

কেঁচা হালধিৰে কেনেদৰে ছাল উজ্জ্বল কৰিব ? - Benefits of turmeric

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 7:04 PM IST

Benefits of turmeric : কেঁচা হালধি ছালৰ বাবে কিমান উপকাৰী ? কেঁচা হালধিৰে কেনেদৰে সৌন্দৰ্য্য চৰ্চা কৰিব পাৰি এই সন্দৰ্ভত জনালে সৌন্দৰ্য্য বিশেষজ্ঞ মালা মহন্তই ।

Benefits of turmeric
কেঁচা হালধিৰে কেনেদৰে ছাল উজ্জ্বল কৰিব?
কেঁচা হালধিৰে কেনেদৰে ছাল উজ্জ্বল কৰিব?

প্ৰতিগৰাকী লোকেই নিজকে ধুনীয়াকৈ সজাই পৰাই ৰাখিবলৈ বা ধুনীয়া হৈ থাকিবলৈ ভাল পায় । আমি প্ৰত্যেকেই নিজেকে ধুনীয়াকৈ ৰখাটো অৱশ্যকো । নিজকে ধুনীয়াকৈ ৰাখিলে আমি জীৱনত সকলোৱে খুৱ ধুনীয়াকৈ আগবাঢ়ি যাব পাৰো লগতে আত্মবিশ্বাসো বাঢ়ে । সেয়ে আমি সকলোৱে নিজৰ ছাল-চুলিৰ যতন লোৱাটো আৱশ্যক ।

যিহেতু এতিয়া বিহুৰ বতৰ । ৰঙালী বিহুত মাহ-হালধিৰ এক বিশেষ তাৎপৰ্য আছে । গৰুবিহুৰ দিনা মাহ-হালধি গাত সনা হয় । ঠাই বিশেষে গ্রাম্যঞ্চল সমূহত গৰুবিহুৰ দিনা, গৰু গা ধুৱাই মাহ-হালধি গৰুৰ ভৰিত লগোৱাৰ পাচত সেই মাহ-হালধিও মূৰত আশীষ হিচাপে লোৱা হয় । সেয়ে মাহ-হালধিৰ তাৎপৰ্য অসমীয়া চহা জীৱনত অপৰিহাৰ্য ।

কেঁচা হালধিৰে কেনেদৰে সৌন্দৰ্য্য চৰ্চা কৰিব পাৰি :

কেঁচা হালধিত এন্টিচেপ্টিক গুণ আছে । লগতে ছাল বগা কৰাৰো গুণ আছে । কেঁচা হালধিৰ টুকুৰা কৰি ৪ চামুচমান মৌ দি ভালদৰে পেষ্ট তৈয়াৰ কৰি ল’ব ৷ সেই পেষ্টৰ লগত অকমান পিঠাগুৰি মিহলাই ল'ব । যিহেতু প্ৰত্যকৰে ঘৰত পিঠাগুৰি থাকেই । যদিহে পিঠাগুৰি নাথাকে তেন্তে অকমান জহা চাউলৰে গুৰি কৰি ল'ব । সেই চাউলৰ গুৰিখিনিৰ লগত হালধিৰ পেষ্টখিনি আৰু ৪ চামুচ টেঙা দৈ মিহলি কৰি ল'ব । এই আটাইখিনি বস্তু ভালদৰে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ব ।

এই মিশ্ৰণটো মুখ আৰু ডিঙিৰ লগতে হাত-ভৰিৰ ছালটো ভালদৰে লগাব আৰু ছালখন ভালদৰে স্কাৰ্ব কৰিব । আমাৰ প্ৰত্যকৰে ছালত মৃত কোষৰ সৃষ্টি হয় । যাৰ ফলত ছালখন অনুজ্জ্বল দেখুৱাই । এই পেষ্টটো ভালদৰে লগাই ২০ মিনিট মান ৰখাৰ পাচত, হাতখন পানীত তিয়াই ভালদৰে আঙুলিৰে ঘহি ঘহি মুখখন চাফা কৰক ৷ এনেধৰণেৰে লগালে আপোনাৰ অনুজ্জ্বল ছাল উজ্জ্বল হৈ উঠিব ৷

লগতে পঢ়ক: শালমইনাৰ বিষৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব ? পঢ়ক বিশেষ টিপছ - How To reduce acne pain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.