ETV Bharat / health

গাঁঠি বা গাঁৰ বিষ অনুভৱ হ’লে গৰম সেক দিয়াটো কিমান গ্ৰহণযোগ্য ?

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 4:08 PM IST

Winter Orthopedic Care: শীতকালত বহু লোকৰে গাঁঠিৰ বিষ হোৱা দেখা যায় ৷ এই বিষৰ কাৰণ কি ? বিষ অনুভৱ হ’লে গৰম সেক দিয়াটো কিমান গ্ৰহণযোগ্য ৷ এই সন্দৰ্ভত জনালে অৰ্থ'পেডিক বিশেষজ্ঞ ডাঃ শান্তনু শৰ্মাই ৷

Winter Orthopedic Care
গাঁঠি বা গাঁৰ বিষ অনুভৱ হ’লে গৰম সেক দিয়াটো কিমান গ্ৰহণযোগ্য ?
অৰ্থ'পেডিক চিকিৎসক ডাঃ শান্তনু শৰ্মা

গুৱাহাটী, 24 জানুৱাৰী: শীতৰ সময়ছোৱাত বহু লোকৰে গাঁঠিৰ বিষ হোৱা দেখা যায় ৷ চিকিৎসকৰ মতে গাঁঠিৰ বিষ যদি বেমাৰৰ বাবে হয় তেন্তে শীত বা গৰম বুলি কোনো কথা নাথাকে ৷ শীতত যদি কোনো লোকৰ গাঁঠিৰ বিষ অনুভৱ হয় তেনে সেয়া সাধাৰণতে মাংসপেশী সমূহৰে বিষ হয় ৷ শীতৰ এই সময়ছোৱাত বিশেষকৈ বয়সস্থলোক সকলৰ মাংসপেশীবোৰ ষ্টিক হৈ যায় ৷ লগতে ভালদৰে তেজৰ চলাচল নহয় ৷ উষ্ণতা কম হ’লে মাংসপেশী বৃদ্ধি পায়, ধমনীবোৰত চাপ পৰে আৰু গাঁঠিবোৰ জঠৰ হ'বলৈ আৰম্ভ কৰে ৷ যাৰ বাবে বিষ অনুভৱ হয় ৷

বিষ অনুভৱ হ’লে গৰম সেক দিয়াটো কিমান গ্ৰহণযোগ্য ?

শীতকালত প্ৰায়ভাগ লোকৰে কম-বেছি পৰিমাণে গাঁঠিৰ বিষ বা গাৰ বিষ অনুভৱ হয় ৷ এই বিষৰ পৰা উপশম পাবলৈ বহু লোকে গৰম সেক বা বিষ অনুভৱ হোৱা ঠাইত গৰম পানী ধলা দেখা যায় ৷ চিকিৎসকৰ মতে গৰম সেক কঁকালত দিব পাৰে, কিন্তু আঁঠু আদিৰ বিষত এই গৰম সেক গ্ৰহণযোগ্য নহয় ৷ আঁঠু আদিত গৰম সেক দিলে কেতিয়া Infection হ'ব পাৰে ৷

সাধাৰণতে এই বিষৰ কাৰণসমূহ কি কি ?

এই সময়ছোৱাত গাঁঠিৰ বিষ হোৱাৰ ভিন্ন কাৰণ থাকিব পাৰে ৷ তাৰেই ভিতৰত শৰীৰত কেলচিয়ামৰ পৰিমাণ কম থাকিলেও বিষ অনুভৱ হ'ব পাৰে ৷ শৰীৰত ভিটামিন D ৰ পৰিমাণ কম থাকিলেও বিষ অনুভৱ হ'ব পাৰে ৷ শৰীৰত ভিটামিন D কম থাকিলে হাড়ৰ পৰা কেলচিয়ামৰ মাত্ৰা কমি যায় যাৰ বাবে হাড়বোৰ দুৰ্বল হৈ যায় ৷

কেলচিয়াম কমি গ’লে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ?

মাছ-মাংস, ফল-মূল, গাখীৰ, গাখীৰ পৰা উৎপাদন কৰা সামগ্ৰী, আদি গ্ৰহণ কৰিলে শৰীৰত কেলচিয়ামৰ মাত্ৰা ঠিকেই থাকে ৷ লগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ৷

লগতে পঢ়ক: শীতকালত স্বাস্থ্যৰ বাবে অতি গুণকাৰী এই ৫বিধ শুকান ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.