ETV Bharat / health

শীতকালত স্বাস্থ্যৰ বাবে অতি গুণকাৰী এই ৫বিধ শুকান ফল

Dry Fruits for Winter: শীতকালত কেৱল বাহিৰৰ পৰাই নহয় ভিতৰৰ পৰাও শৰীৰ গৰম কৰি ৰখাটো গুৰুত্বপূৰ্ণ । এই ক্ষেত্ৰত আপোনাক কিছুমান শুকান ফলে সহায় কৰিব পাৰে । এইবোৰ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আপুনি চৰ্দিৰ প্ৰভাৱ কিছু পৰিমাণে হ’লেও হ্ৰাস কৰিব পাৰে । ইয়াৰ বাহিৰেও এই শুকান ফলৰ পৰা আন বহুতো উপকাৰিতা সাধন হ’ব পাৰে । তেন্তে জানো আহক শীতকালত কোনবোৰ শুকান ফল খালে আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে-

These 5 dry fruits are beneficial for winter, including these dry fruits in your diet it will provide many benefits
শীতকালত স্বাস্থ্যৰ বাবে অতি গুণকাৰী এই ৫বিধ শুকান ফল
author img

By ETV Bharat Assamese Team

Published : January 23, 2024 at 12:47 PM IST

|

Updated : January 23, 2024 at 2:22 PM IST

3 Min Read
Choose ETV Bharat

শীতৰ পৰিমাণ এতিয়াও যেন কম হোৱাৰ নাম লোৱা নাই ৷ এনে ক্ষেত্ৰত ঠাণ্ডাৰ বিৰূপ প্ৰভাৱৰ পৰা আমি আমাৰ শৰীৰক ৰক্ষা কৰিবলৈ আমাৰ শৰীৰটোক গৰম কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ ৷ ক্ৰমাৎ বৃদ্ধি পোৱা ঠাণ্ডাৰ বাবে আমাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে ৷ সেয়ে আমাৰ শৰীৰটোক গৰম কৰি ৰাখিবলৈ আমি চুৱেটাৰ, জেকেট আদি পৰিধান কৰো, হিটাৰ ব্যৱহাৰ কৰো, ঘৰৰ খিৰিকী-দুৱাৰ বন্ধ কৰি ৰাখোঁ, কিন্তু এইবোৰৰ লগতে শৰীৰটো ভিতৰৰ পৰা গৰম কৰি ৰখাটোও অতি প্ৰয়োজনীয় ৷

যদিও শৰীৰটো গৰম কৰি ৰাখিবলৈ বহুতো খাদ্য সামগ্ৰীৰ সহায় ল’ব পাৰি, কিন্তু কিছুমান শুকান ফলে এই ক্ষেত্ৰত আপোনাৰ বাবে লাভদায়ক হ’ব পাৰে৷ শৰীৰক গৰম কৰি ৰখাৰ লগতে শুকান ফলৰ দ্বাৰা আন বহুতো স্বাস্থ্য উপকাৰিতা সাধন হয়৷ তেন্তে জানো আহক কোনবোৰ শুকান ফল আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি ঠাণ্ডাৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিব পৰা যায়-

আখৰোট

আখৰোটত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে শীতকালত প্ৰদাহ কমায় আৰু হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী ৷ শীতকালত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাত আখৰোট সহায়ক হ’ব পাৰে ৷ ইয়াৰ উপৰিও স্বাস্থ্যকৰ চৰ্বিৰ বাবে ই শৰীৰক শক্তিও প্ৰদান কৰে, যাৰ বাবে ভাগৰ আৰু এলাহ কমি যায় ৷ এই উপকাৰিতাৰ উপৰিও মগজুক সুস্থ কৰি ৰখাতো ই সহায়ক ৷

কাঠবাদাম

কাঠবাদামক ভিটামিন ইৰ এক উৎকৃষ্ট উৎস, যিয়ে শীতকালত ছালখন মসৃণ আৰু আৰ্দ্ৰতাত ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও ই হৃদযন্ত্ৰৰ বাবেও অতি উপকাৰী, কাৰণ ইয়াত ওমেগা-৩ ফেটি এচিড পোৱা যায় ৷ ইয়াত অধিক পৰিমাণৰ কেলৰি থকাৰ বাবে কম পৰিমাণে খালেও দীৰ্ঘসময়লৈকে শৰীৰক শক্তি প্ৰদান কৰে আৰু ভোক অনুভৱ নকৰে, যাৰ ফলত শীতকালত ওজন বৃদ্ধিৰ সমস্যা হ্ৰাস পায় ৷

খেজুৰ

শৰীৰক গৰম কৰি ৰখাত সহায় কৰাৰ লগতে খেজুৰে শক্তিও প্ৰদান কৰে, যিয়ে শীতকালত অনুভৱ কৰা ভাগৰ আৰু এলাহ দূৰ কৰাত সহায় কৰে ৷ ইয়াত আইৰণ থাকে, যিয়ে ৰক্তকণিকা তৈয়াৰ কৰি সুস্থ কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও ইয়াত আঁহ পোৱা যায়, যিয়ে সাধাৰণতে শীতকালত হোৱা কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা উপশম ঘটাব পাৰে ৷

প্ৰুন

শুকান প্লামক প্ৰুন বোলা হয় ৷ ই এক প্ৰাকৃতিক ৰেচক, যিয়ে পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰাত সহায় কৰে ৷ সেয়েহে শীতকালত প্ৰুন খোৱাটো অতি উপকাৰী হ’ব পাৰে ৷ ইয়াৰ উপৰিও ই শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰখাতো যথেষ্ট সহায় কৰে ৷

ডিমৰু

ডিমৰুত এন্টি অক্সিডেন্ট পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷ চৰ্দিৰ ফলত হোৱা চৰ্দি আৰু ফ্লু প্ৰতিৰোধ কৰাত ই বহুখিনি সহায় কৰে ৷ ইয়াত আইৰণ পোৱা যায়, যাৰ ফলত ৰক্তহীনতাৰ সম্ভাৱনা কম হয় ৷

লগতে পঢ়ক: আদা দিয়া চাহৰ গুণাগুণ জানি আপুনিও হৈ পৰিব আচৰিত

Last Updated : January 23, 2024 at 2:22 PM IST