ETV Bharat / health

গৰমৰ দিনত ভ্ৰমণৰ সময়ত কি কি সাৱধানতা লোৱা উচিত ? - PRECAUTIONS FOR HOT SUMMER WEATHER

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 5:59 PM IST

PRECAUTIONS FOR HOT SUMMER WEATHER: শেহতীয়াকৈ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান হিট ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ বাতৰি সকলো নিউজ চেনেলৰ শিৰোনাম হৈ পৰিছিল ৷ সম্প্ৰতি সামাজিক মাধ্যমতো উৎকট গৰমৰ সৈতে জড়িত বাতৰি আহি পৰিছে য’ত বহুলোকৰ মৃত্যুৰ খবৰো পোহৰলৈ আহিছে ৷ যদিও প্ৰতিটো ঋতুৰ নিজস্ব সুবিধা-অসুবিধা থাকে, কিন্তু গ্ৰীষ্মকালত কেতিয়াবা বহু গুৰুতৰ সমস্যাৰ লগতে এজন ব্যক্তিৰ জীৱনলৈ ভাবুকিও আহিব পাৰে ৷

Hot summer weather can increase the risk of getting sick while traveling, it is important to take precautions
গৰমৰ দিনত ভ্ৰমণৰ সময়ত কি কি সাৱধানতা লোৱা উচিত ? (FREEPIK)

চিকিৎসকে গৰমৰ দিনত শৰীৰক হাইড্ৰেটেড কৰি ৰখা আৰু ঘৰৰ পৰা কমকৈ বাহিৰলৈ যোৱাকে ধৰি বহু পৰামৰ্শ দিয়ে ৷ যাতে গৰমৰ ফলত হোৱা সমস্যাৰ পৰা হাত সাৰিব পৰা যায় ৷ কিন্তু যিসকল লোকে চাকৰি বা অন্য কাৰণত যাতায়ত কৰিবলগীয়া হয় বা দীর্ঘদিন ৰ’দত থাকিবলগীয়া হয়, তেওঁলোকে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে জানিবলৈ ই টিভি ভাৰত সুখীভৱই ইয়াৰ বিশেষজ্ঞৰ সৈতে এক আলোচনাত মিলিত হৈছিল ৷ এই সাক্ষাৎকাৰত বিশেষজ্ঞগৰাকীয়ে বহু তথ্যই আমাৰ আগত প্ৰকাশ কৰে ৷

হিট ষ্ট্ৰোকৰ প্ৰভাৱ

ভূপালৰ ডাঃ ৰাজেশ শৰ্মাই কয় যে, হিট ষ্ট্ৰ’কত শৰীৰৰ উষ্ণতা বহু পৰিমাণে বৃদ্ধি পায় ৷ হিট ষ্ট্ৰ’কৰ প্ৰভাৱত অহাৰ পিচত যদি তৎকালীনভাৱে ভুক্তভোগীৰ শৰীৰৰ উষ্ণতা হ্ৰাস কৰাৰ প্ৰচেষ্টা কৰা নহয় আৰু তেওঁক তৎকালীনভাৱে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা নহয়, তেন্তে ভুক্তভোগীয়ে মূৰ ঘূৰোৱা, দুৰ্বলতা, বমি, গা বেয়া লগা, হিটক্ৰেম্প, ভ্ৰম, অচেতন হৈ পৰা, উশাহ-নিশাহৰ সমস্যা আৰু হৃদস্পন্দনৰ হাৰ বৃদ্ধি, ডায়েৰিয়া, সাধাৰণ জ্বৰ, টাইফয়েড আৰু তীব্ৰ মূৰৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ইয়াৰ গুৰুতৰ প্ৰভাৱে বৃক্ক, যকৃত আৰু আন কিছুমান অংগৰো ক্ষতি কৰিব পাৰে আৰু ইয়াৰ ফলত আনকি মৃত্যুও হ’ব পাৰে ৷

ভ্ৰমণৰ সময়ত ল’বলগীয়া সাৱধানতা

তেওঁ কয় যে, সাধাৰণতে দিনত প্ৰচণ্ড ৰ’দত থাকিব নালাগে, বিশেষ শাৰীৰিক পৰিশ্ৰম কৰিব নালাগে, প্ৰচুৰ পৰিমাণে পানী খাব লাগে যাতে শৰীৰটো হাইড্ৰেট হৈ থাকে, প্ৰবল ৰ’দত ওলাই যোৱাৰ সময়ত ছানগ্লাছ, ছাতি বা টুপী পিন্ধিব লাগে ৷ সূৰ্যৰ পোহৰৰ প্ৰত্যক্ষ সংস্পৰ্শৰ পৰা হাত সাৰিব পৰা পানী ব্যৱহাৰ কৰিলে কঠোৰ বতৰৰ পৰা কিছু সকাহ পোৱা যায় ৷ কিন্তু যিসকল লোকে কামৰ বাবে বা আন কাৰণত ৰ’দত যাত্ৰা কৰিবলৈ বাধ্য হয়, বা যিসকলে ছুটীৰ বাবে যাত্ৰা কৰে, তেওঁলোকৰ বাবে বাটত কিছু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় ৷ ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ ৷

  • যিমান পাৰি সিমান পানী খাওক ৷
  • যাত্ৰাৰ সময়ত ORS, ইলেক্ট্ৰলাইট পাউদাৰ আৰু গ্লুক’জ লগত ৰাখিব লাগে আৰু হিট ষ্ট্ৰোকৰ লগত জড়িত সৰু-সুৰা লক্ষণো দেখা পালে সেইবোৰ ইয়াক সেৱন কৰক ৷
  • পানীৰ বাহিৰেও নাৰিকলৰ পানী, নেমুৰ পানী বা অন্যান্য তৰল পদাৰ্থ, দৈ, চালাড, আৰু এনে ফল-মূল আৰু খাদ্য যিবোৰত পানীৰ পৰিমাণ বেছি থাকে সেইবোৰ মাজে মাজে খাই থাকিব ৷
  • প্ৰচণ্ড সূৰ্যৰ তাপৰ পৰা হাত সাৰিবলৈ ভাল মানৰ ছানগ্লাছ, ছাতি, কেপ/টুপী, স্কাৰ্ফ, কপাহী গ্লভছ আৰু মোজা ব্যৱহাৰ কৰিব লাগে ৷
  • ভ্ৰমণৰ সময়ত ঢিলা আৰু লঘু, যিমান পাৰি কপাহী কাপোৰ পিন্ধক, যিয়ে শৰীৰত বায়ু পোৱাত সহায় কৰে আৰু ঘাম শুকায় ৷ কপাহী কাপোৰেও ছালখন শীতল কৰি ৰখাত সহায় কৰে ৷
  • সম্ভৱ হ’লে দিনটোৰ আটাইতকৈ গৰম সময়ত (দুপৰীয়া ১২ বজাৰ পৰা দুপৰীয়া ৩ বজাৰ ভিতৰত) যাত্ৰা নকৰিব ৷ পুৱা সোনকালে বা সন্ধিয়া তাপমাত্ৰা অলপ কম হ’লে যাত্ৰা কৰাটো ভাল ৷
  • যাত্ৰাৰ সময়ত মাজৰ শীতল আৰু ছাঁয়াময় ঠাইত ৰৈ থাকিব লাগে ৷ ইয়াৰ দ্বাৰা শৰীৰে আৰাম পোৱাৰ লগতে অত্যধিক তাপৰ পৰা ৰক্ষা পাব ৷
  • কিছু সময়ৰ পাচত পানীত তিয়াই থোৱা কাপোৰেৰে হাত-মুখ মচিলেও শৰীৰৰ উষ্ণতা হ্ৰাস পায় ৷
  • গাড়ীৰে যাত্ৰা কৰিলে এয়াৰ কণ্ডিচনাৰ ব্যৱহাৰ কৰক ৷ কিন্তু মনত ৰাখিব যে গাড়ীখন যদি বহুসময়লৈকে ৰ’দত বন্ধ কৰি থৈ দিয়া আছে, তেন্তে গাড়ীখন ষ্টাৰ্ট কৰাৰ পিচত এচি অন কৰি কিছু সময়ৰ বাবে খিৰিকী খোলা ৰাখিব আৰু কিছু সময়ৰ পিচত বন্ধ কৰি যাত্ৰা আৰম্ভ কৰিব ৷
  • যাত্ৰাৰ সময়ত প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী নিশ্চয়কৈ ৰাখিব লাগে ৷ য’ত ORS আৰু কুলিং পেকৰ লগতে অত্যাৱশ্যকীয় ঔষধ থাকিব লাগে ৷

প্ৰাথমিক চিকিৎসা

ডাঃ ৰাজেশে বুজাইছে যে, যদি কোনো ব্যক্তি হঠাৎ হিট ষ্ট্ৰ’কৰ বলি হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় ৷ কিন্তু একে সময়তে প্ৰাথমিক চিকিৎসা অতি গুৰুত্বপূৰ্ণ ৷ চিকিৎসকৰ ওচৰলৈ যোৱা বা সহায় নোলোৱালৈকে এই ৰোগৰ ফলত ৰোগীৰ অৱস্থা অধিক বেয়া হ’ব পাৰে ৷ হিট ষ্ট্ৰোক হ’লে চিকিৎসকে ভুক্তভোগীৰ ওচৰ পোৱা বা পোৱালৈকে প্ৰাথমিক চিকিৎসাত ল’বলগীয়া পদক্ষেপসমূহ তলত দিয়া ধৰণৰ ৷

  1. পীড়িত ব্যক্তিক ঠাণ্ডা পানীৰে স্পঞ্জ কৰক বা ঠাণ্ডা পানী ছটিয়াওক ৷
  2. ডিঙি, কাষলতি আৰু কঁকালত তিতা আৰু ঠাণ্ডা টাৱেল ৰাখিব ৷
  3. শীতল, আৰ্দ্ৰ চাদৰেৰে ঢাকি দিব আৰু তাৰ ওপৰত লাহে লাহে পানী ছটিয়াই থাকিব ৷
  4. ঠাণ্ডা পানী, ইলেক্ট্ৰ’লাইট, ORS বা গ্লুক’জযুক্ত পানীয় ভুক্তভোগীক দিব ৷
  5. যদি ব্যক্তিজন অচেতন হৈ পৰিছে আৰু লাহে লাহে উশাহ লৈছে তেন্তে চিপিআৰ আৰম্ভ কৰক ৷
লগতে পঢ়ক: অজ্ঞান হ’লে কি কৰা অনুচিত ? হিট ষ্ট্ৰ’কৰ সময়ত শৰীৰত কি হয় মনত ৰাখক - HEAT STROKE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.