ETV Bharat / health

পেৰিফেৰেল নিউৰ'পেথীৰ বিষয়ে জানেনে ? - Peripheral neuropathy

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 9:36 AM IST

Symptoms of Peripheral neuropathy : পেৰিফেৰেল নিউৰ'পেথীৰ কি ? কি কাৰণত এই সমস্যাৰ সৃষ্টিৰ হয় ? ইয়াৰ লক্ষণসমূহ কি কি ? এই সন্দৰ্ভত হৃদয়, বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ পৰিচালন সঞ্চালক ডাঃ বসন্ত কুমাৰ বৈশ্যৰ সৈতে এক বিশেষ বাৰ্তালাপ অনুষ্ঠান ।

পেৰিফেৰেল নিউৰ'পেথীৰ বিষয়ে জানেনে ?
পেৰিফেৰেল নিউৰ'পেথীৰ বিষয়ে জানেনে ?
পেৰিফেৰেল নিউৰ'পেথীৰ বিষয়ে জানেনে ?

গুৱাহাটী, ২০ এপ্ৰিল : বৰ্তমান সময়ত বহু লোক পেৰিফেৰেল নিউৰ'পেথীৰ সমস্যাত ভুগা পৰিলক্ষিত হয় । পেৰিফেৰেল মানে এটা বস্তুৰ পৰা দূৰত থকাটো বুজায় ৷ আনহাতে নিউ'ৰপেথি মানে হৈছে স্নায়ুৰ পৰা হোৱা বিষ আদিকে ধৰি অন্যান্য সমস্যা ।

চিকিৎসা বিজ্ঞান অনুসৰি পেৰিফেৰেলক প্ৰধানত দুটা ভাগত ভাগ কৰা হৈছে । সেই দুটা হৈছে চেণ্ট্ৰেল নাৰ্ভাচ চিষ্টেম আৰু আনটো হৈছে পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম । চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম বুলি ক’লে মগজু আৰু মগজুৰ স্পাইনেল ফৰ্ম এই অংশ দুটাক বুজোৱা হয় ।

তাৰ বাহিৰে যিখিনি স্নায়ু ওলাই গৈ হাত, ভৰিকে ধৰি শৰীৰৰ যিবোৰ অংশত সিঁচৰতি হৈ পৰে, তাক পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম বুলি কোৱা হয় । এই পেৰিফেৰেল নাৰ্ভাছ ছিষ্টেম যি নিউৰ'পেথীৰ অসুবিধা সৃষ্টি হয়, তাকেই পেৰিফেৰেল নিউৰ'পেথীৰ বুলি কোৱা হয় ।

বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ১ কোটিৰো অধিক লোক এই সমস্যাত ভুগি আছে । সমান্তৰালভাৱে সমগ্ৰ বিশ্বজুৰি প্ৰায় ২.৫ % পৰা ৩% লোক এই সমস্যাত ভুগি আছে । অন্যান্য স্নায়ুৰোগসমূহ লগ লগালে ইয়াৰ পৰিসৰ আৰু বৃদ্ধি পাব । সমগ্ৰ বিশ্বজুৰি প্ৰায় ৭ কোটি লোক অকল ডায়েবেটিক স্নায়ুৰ সমস্যাত ভুগি আছে ।

আমাৰ দেহত স্নায়ু সমূহৰ কিছু নিজা নিজা বৈশিষ্ট আছে । কিছুমান স্নায়ুই কেৱল আমাৰ শৰীৰৰ স্পৰ্শ, হেঁচা মাৰি ধৰিলে যি অনুভৱ হয়, জুয়ে পুৰিলে যি অনুভৱ কৰায় । আনহাতে, অন্য এটা মোটা স্নায়ু থাকে যিয়ে মাংসপেশীৰ চলাচলক নিয়ন্ত্ৰণ কৰিব পাৰে । আনহাতে আৰু কিছু অটোনেমিক স্নায়ুই আমাৰ উচ্চৰক্তচাপ, হাওঁফাওঁৰ গতি, হজম, স্থীৰতা আদি নিয়ন্ত্ৰণ কৰিব পাৰে ।

পেৰিফেৰেল নিউৰ'পেথীৰ লক্ষণ বুলি ক’লে ইয়াৰ কোনোবা এটা ভাগত প্ৰভাৱ পৰিলে বা গোটেই কেইটা ভাগত প্ৰভাৱ পৰিলেই এই ৰোগ হ'ব পাৰে । কিছুমান কেন্সাৰৰ ঔষধৰ বাবেও এয়া হ'ব পাৰে । তদুপৰি আঘাতৰ পৰাও পেৰিফেৰেল নিউ'ৰপেথি হ'ব পাৰে । ভিটামিন B, C আৰু D ৰ অভাৱ হ’লেও এই সমস্যা হ'ব পাৰে ।

লগতে পঢ়ক : আপোনাৰ দিনত শোৱাৰ অভ্যাস আছে নেকি, তেন্তে সাৱধান হওক... Dementia Risk - Dementia Risk

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.