ETV Bharat / health

জীৱনত টকাৰ অভাৱ দূৰ কৰিবলৈ বুদ্ধ পূৰ্ণিমাৰ দিনা কৰক এই কাম ? - Buddha Purnima 2024

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 4:12 PM IST

Astro Tips: বুদ্ধ পূৰ্ণিমাৰ দিনা কি পূজা কৰিলে ভাল ফল লাভ কৰিব ? টকাৰ অভাৱ দূৰ কৰিবলৈ বুদ্ধ পূৰ্ণিমাৰ দিনা কি কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ।

Astro tips
জীৱনত টকাৰ অভাৱ দূৰ কৰিবলৈ বুদ্ধ পূৰ্ণিমাৰ দিনা কৰক এই কাম ? (ETV BHARAT ASSAM)

জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা (ETV BHARAT ASSAM)

গুৱাহাটী, 22 মে’: এইবর্ষৰ অহা ২৩ মে' তাৰিখে পালন কৰা হ'ব বুদ্ধপূৰ্ণিমা ৷ এইবর্ষৰ বুদ্ধ পূৰ্ণিমাৰ তিথি বুধবাৰ অৰ্থাৎ ২২ মে'ৰ সন্ধিয়া ৬.৩০ বজাৰ পৰা বৃহস্পতিবাৰে ৭.৩০ মিনিটলৈ থাকিব ৷ এই দিনটোত ভগৱান বিষ্ণুৰ নৱম অৱতাৰ বুদ্ধদেৱৰ আৰাধনা কৰা হয় ৷ পূৰ্ণিমাত বুদ্ধদেৱৰ জন্ম হৈছিল, লগতে এই দিনটোত তেওঁৰ সিদ্ধি লাভ কৰিছিল আৰু উক্ত দিনটোতে ভগৱান গৌতম বুদ্ধৰ মহাপৰিনিৰ্বাণ প্ৰাপ্তিও হৈছিল ৷ সেয়ে এই দিনটোত বৌদ্ধ ধৰ্মৰ লোকসকলৰ লগতে সনাতন ধৰ্মৰ লোকসকলে ডাঙৰ উৎসৱ হিচাপে পালন কৰে ৷ যিহেতু মহাত্মা বুদ্ধক ভগৱান বিষ্ণুৰ নৱম অৱতাৰ হিচাপে গণ্য কৰা হয় সেয়ে এই পৱিত্ৰ দিনটোত বহুলোকে তেওঁলোকৰ ঘৰত সত্য নাৰায়ণ পূজা কৰে ৷

আনহাতে, যিহেতু ভগৱান বৌদ্ধ বধি বৃক্ষৰ অৰ্থাৎ আঁহত বৃক্ষৰ তলত বহি তেওঁ বুদ্ধত্ব লাভ কৰিছিল ৷ সেয়ে যদিহে বুদ্ধ পূৰ্ণিমাৰ দিনা দৰিদ্ৰতা নাশ কৰিব বিচাৰে তেন্তে আঁহত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাব পাৰে ৷ আঁহত গছৰ তলত চাকি আৰু ধূপ জ্বলাই আঁহত গছডালৰ চাৰিওকাষে সাতবাৰ প্ৰদক্ষিণ কৰিব লাগে ৷ মান্যতা আছে যে বুদ্ধপূৰ্ণিমাৰ দিনা এনে কৰাৰ ফলত জীৱনত টকাৰ অভাৱ বা দৰিদ্ৰতা নাশ হয় ৷ যিহেতু বুদ্ধ পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণুৰ পূজা কৰা হয় সেই অনুসৰি যদি সেইদিনা যদি মা লক্ষ্মীৰ পূজা কৰা হয় তেতিয়াও ধনৰ অভাৱ কেতিয়াও নহয় বুলি কোৱা হয় ৷

মা লক্ষ্মীক পূজা কৰোঁতে সন্ধিয়াৰ ভাগত ১১টা হালধীয়া বা বগা কড়িত হালধীয়া ফোট দি বা কেঁচা হালধিৰ ৰসত ডুবাই মা লক্ষ্মীৰ চৰণত অৰ্পণ কৰি তাৰ পিচত সেই কড়িকেইটা এখন ৰঙা কাপোৰেৰে বান্ধি ঘৰৰ বা কাৰ্যালয়ৰ কেচ বাকচত থব পাৰে ৷ এই সৰু উপায়টো কৰাৰ ফলত ধনৰ অভাৱ দূৰ হোৱাৰ লগতে বহুক্ষেত্ৰতে অলাগতিয়াল খৰচ দূৰ হয় বুলি কোৱা হয় ৷'

লগতে পঢ়ক: Buddha Purnima 2023: বুদ্ধ পূৰ্ণিমা পালন কৰাৰ ৬ টা বিশেষ কাৰণ কি জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.