ETV Bharat / health

বুদ্ধ পূৰ্ণিমাৰ দিনা শুভফল লাভ কৰিবলৈ কি কৰিব ? - Buddha Purnima 2024

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 4:48 PM IST

Astro Tips: ধন বৃদ্ধিৰ বাবে কি কৰিব ? মানসিক সমস্যাত ভুগি থকা লোকসকলে কি কৰিব ? দাম্পত্য জীৱন সুখী হোৱাৰ বাবে বা বিবাহৰ প্ৰাৰ্থী বিচাৰি থকাসকলে কি কৰিব এই সন্দৰ্ভত জনালে জ্যোতিষী ড৹ পৰশমণি শৰ্মাই ৷

buddha-purnima-2024-do-these-remedies-happiness-and-prosperity-will-come
বুদ্ধ পূৰ্ণিমাৰ দিনা শুভফল লাভ কৰিবলৈ কি কৰিব ? (FREEPIK)

জ্যোতিষী ড৹ পৰশমণি শৰ্মা (ETV BHARAT ASSAMESE)

গুৱাহাটী, 22 মে’: কাইলৈ ২৩ মে' অৰ্থাৎ বৃহস্পতিবাৰে পালন কৰা হ’ব বুদ্ধ পূৰ্ণিমা ৷ বুদ্ধ পূৰ্ণিমাৰ তিথি আৰম্ভ হ'ব ২২ মে'ৰ অৰ্থাৎ আজি সন্ধিয়া ৬.৪৭ মিনিটৰ পৰা আৰু কাইলৈ সন্ধিয়া ৭.২২ মিনিটলৈ থাকিব ৷ ভগৱান বিষ্ণুৰ নৱম অৱতাৰ হৈছে ভগৱান গৌতম বুদ্ধ ৷ এই পূৰ্ণিমাৰ দিনটোতে বুদ্ধদেৱৰ জন্ম হৈছিল, লগতে এই দিনটোত তেওঁৰ সিদ্ধি প্ৰাপ্তি হৈছিল আৰু উক্ত দিনটোতে ভগৱান গৌতম বুদ্ধৰ মহাপৰিনিৰ্বাণ প্ৰাপ্তিও হৈছিল ৷ এইবৰ্ষৰ বুদ্ধ পূৰ্ণিমাৰ এই দিনটোতে বৃহস্পতি গ্ৰহ, শুক্ৰ গ্ৰহ আৰু ৰবি গ্ৰহ একেলগে বৃষ ৰাশি অৰ্থাৎ ১১ নম্বৰ ঘৰত আহিছে ৷ সেই এই সময়ছোৱাত কৰা সকলো কাম আমাৰ গোটেই জীৱনটোৰ বাবে ভাল হ'ব ৷

শুভফল লাভ কৰিবলৈ কি কৰিব

  • পুৱা ঘৰ মচাৰ সময়ত পানীৰ লগত গংগা জল বা গোলাপ জল বা বগা ভিনেগাৰ, লগত নিমখ দি মচিব পাৰে ৷
  • যিহেতু এইবাৰৰ পূৰ্ণিমা বৃহস্পতিবাৰে পৰিছে অৰ্থাৎ লক্ষ্মীৰ বাৰ পৰিছে আৰু পূৰ্ণিমাত লক্ষ্মীৰ চৰিত পাঠ কৰা হয়, সত্য নাৰায়ণ পূজা কৰা হয় , সেয়ে এই সময়খিনিত ঘৰত সকলোৱে গংগাজলেৰে গা ধুব পাৰিলে ভাল হয় ৷
  • আঁহত গছত মা লক্ষ্মীয়ে বাস কৰে গতিকে এই দিনটোত পানীৰ লগত চেনি মিহলি কৰি আঁহত গছৰ গুৰিত ঢালিলে তেতিয়া ধন বৃদ্ধিত সহায় হয় ৷
  • পাৰিলে চেনিৰ লগত অকমান আটা মিহলি কৰি আঁহত গছৰ গুৰিত দিব পাৰিলে ভাল ৷ সেই আটা পৰুৱাই খোৱাৰ ফলত ব্ৰহ্মভোজনৰ ফল পোৱা যাৱ ৷ মন্দিৰৰ ওচৰৰ আঁহত গছ হ'লে ভাল হয় ৷ আৰু আঁহত গছজোপাৰ চাৰিওফালে ৪ বাৰ বা ৭ বাৰ প্ৰদক্ষিণ কৰিব ৷
  • শিৱ মন্দিৰ দৰ্শন কৰিব পাৰে ৷ শিৱ মন্দিৰ দৰ্শন কৰিবলৈ যাওঁতে শিৱলিংগত গাখীৰ, চাউল আৰু চেনি মিহলি কৰি অৰ্পণ কৰিব পাৰে ৷ লগতে শিৱলিংগত গংগাজল অৰ্পণ কৰিব পাৰিলেও ভাল ৷

ধন বৃদ্ধিৰ বাবে কি কৰিব ?

ধন বৃদ্ধি বা টকাৰ অভাৱ দূৰ কৰিবৰ বাবে ৫ পোৱা অৰ্থাৎ ১কেজি এপোৱা চাউল এখন হালধীয়া কাপোৰেৰে বান্ধি পূৰ্ণিমাৰ ৰাতি মা লক্ষ্মী বা শ্ৰী বিষ্ণুক প্ৰাৰ্থনা কৰিব পাৰে ৷ পিছদিনা এই চাউলৰ আধাকেজি নিজৰ কাৰণে ৰাখি, আধা কেজি ভিক্ষাৰীক দান দিব পাৰে ৷ আৰু বাকী ৰোৱা এপোৱা চাউল মন্দিৰত ৰাখিব পাৰে ৷ যেতিয়া আপুনি শুভ কামত ওলাই যাব তেতিয়া সেই চাউল লগত লৈ যাব পাৰে ৷

মানসিক সমস্যাত ভুগি থকা লোকসকলে কি কৰিব ?

মানসিক সমস্যাত ভুগি থকা লোকসকলে গংগা জলেৰে গা ধোৱাৰ লগতে, ৰাতি পূৰ্ণিমাৰ জোনৰ ফালে চাই গাখীৰ আৰু গংগাজল মিহলি কৰি অৰ্ঘ্য দিব পাৰিলে ভাল ৷

বিবাহৰ প্ৰাৰ্থী বিচাৰি থকাসকলে কি কৰিব ?

এই সময়খিনি দুডাল তুলসী অৰ্থাৎ বগা আৰু কলা তুলসী ৰুব পাৰিলে ভাল ৷ লগতে তুলসী দুডালৰ তলত দুগছি ঘি চাকি জ্বলাব পাৰিলে ভাল ৷ একো কৰিব নোৱাৰিলে ঘৰৰ মা লক্ষ্মীৰ ওচৰতো ঘি চাকি জ্বলাব পাৰে ৷

লগতে পঢ়ক: Buddha Purnima 2023: বুদ্ধ পূৰ্ণিমা পালন কৰাৰ ৬ টা বিশেষ কাৰণ কি জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.