সাৱধান! চেনিটেৰী পেডে বৃদ্ধি কৰিব পাৰে কেন্সাৰৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Desk

Published : Feb 6, 2024, 11:43 AM IST

Attention Sanitary pads can increase the risk of cancer, shocking revelation in the study

Using Sanitary Pads: ডাইঅক্সিন হৈছে চেনিটেৰী পেড ব্লিচ কৰিবলৈ ব্যৱহাৰ কৰা এবিধ ৰাসায়নিক পদাৰ্থ । শৰীৰৰ বাবে Dioxin অতি ক্ষতিকাৰক । গতিকে এনে ক্ষেত্ৰত মহিলাই মাহেকীয়াৰ সময়ত ব্যৱহাৰ কৰা চেনিটেৰী পেড কিমান গ্ৰহণযোগ্য জানো আহক-

বেছিভাগ কিশোৰী তথা মহিলাই মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰে কিন্তু আপুনি জানেনে যে এই পেডত থকা ৰাসায়নিক পদাৰ্থবোৰ আমাৰ শৰীৰৰ বাবে কিমান বিপজ্জনক ৷ যাৰ ফলত মহিলা ডিম্বাশয়ৰ কৰ্কট ৰোগৰ আশংকাও বৃদ্ধি পায় আৰু বন্ধ্যাত্বও হ’ব পাৰে ৷ শেহতীয়াকৈ কৰা এক অধ্যয়নৰ অন্তত নিশ্চিত হৈছে যে পেড বুদ্ধিমানৰূপে ব্যৱহাৰ কৰিব লাগে, অন্যথা আন কোনো বিকল্পও বাছি ল’ব পাৰে ৷

দৰাচলতে পেডে তেজ ভালদৰে শোষণ কৰে ৷ সেয়েহে কিশোৰীয়ে ইয়াক ব্যৱহাৰ কৰি ভাল পায় ৷ কিন্তু এই কঠিন দিনত ব্যৱহাৰ কৰা চেনিটেৰী পেড ব্যৱহাৰ কৰাটো আপোনাৰ বাবে সম্পূৰ্ণ নিৰাপদ নে ? যাৰ দীৰ্ঘসময়লৈকে তেজ শোষণ কৰাৰ ক্ষমতা থাকে ৷ ডাইঅক্সিন আৰু ছুপাৰৰ দৰে এজেণ্ট-ইহঁতত শোষক পলিমাৰ ব্যৱহাৰ কৰা হয় ৷ শৰীৰত ডাইঅক্সিন জমা হোৱাৰ প্ৰকৃতিৰ বাবে ইয়াৰ ফলত ছাৰ্ভাইকেল কেন্সাৰ বা ডিম্বাশয়ৰ কৰ্কট ৰোগ হ’ব পাৰে ৷ সেইবাবেই কোৱা হয় যে প্ৰতি ৩-৪ ঘণ্টাৰ মূৰে মূৰে পেড সলনি কৰিব লাগে ৷

ডাইঅক্সিন: ডাইঅক্সিন হৈছে চেনিটেৰী পেড ব্লিচ কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থ ৷ শৰীৰৰ বাবে Dioxin অতি ক্ষতিকাৰক ৷

কীটনাশক: চেনিটেৰী পেড বনাবলৈ ব্যৱহাৰ কৰা কপাহত প্ৰায়ে কিছুমান কীটনাশক থাকে ৷ যিবোৰ কৃষকে খেতিৰ সময়ত ইয়াৰ ওপৰত ছটিয়াই দিয়ে আৰু তাৰ পিচতহে কপাহ সাজু হয় ৷

কৃত্ৰিম সুগন্ধি: পেডৰ সুগন্ধি বৃদ্ধি কৰিবলৈ কৃত্ৰিম সুগন্ধি ব্যৱহাৰ কৰা হয় ৷ ই এনে এক ৰাসায়নিক পদাৰ্থ যাক নিৰাপদ বুলি গণ্য কৰা নহয় ৷ যাৰ বাবে গৰ্ভধাৰণ কৰিব নোৱাৰাৰ দৰে গুৰুতৰ সমস্যাৰো সৃষ্টি হ’ব পাৰে ৷

প্ৰস্তুত কৰা কপাহ প্ৰথমে হালধীয়া ৰঙৰ হয় যদিও পিছলৈ ব্লিচ যোগ কৰি বগা কৰা হয় ৷ য'ত বহু ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে আৰু এই ৰাসায়নিক পদাৰ্থই যকৃতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে ৷ কেৱল এয়াই নহয়, ই ডিম্বাশয়ৰো ক্ষতি কৰিব পাৰে লগতে ফুলা, খজুৱতি আৰু যোনিৰ সমস্যা আদিও বৃদ্ধি কৰিব পাৰে ৷ ইয়াৰ ফলত আন ধৰণৰ সমস্যাৰ সৃষ্টি হয়, যাৰ ফলত পিছলৈ কেন্সাৰৰ আশংকাও বৃদ্ধি পায় ৷

লগতে পঢ়ক: কিয় প্ৰতিবছৰে পালন কৰা হয় মহিলাৰ যৌনাংগ বিকৃতকৰণৰ শূন্য সহনশীলতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.