ETV Bharat / health

দামী প্ৰসাধন সামগ্ৰীৰ পৰিৱৰ্তে ছালত ব্যৱহাৰ কৰক গাখীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 4:24 PM IST

Milk For Skin: গাখীৰ ছালৰ বাবেও যথেষ্ট উপকাৰী ৷ ইয়াত ভিটামিন-এ, ডি আৰু বি ১২ৰ লগতে লেকটিক এচিডো পোৱা যায়, যিয়ে ছালৰ বহুতো সমস্যা আঁতৰ কৰাত সহায় কৰে ৷ সেয়ে ছালৰ সমস্যা আঁতৰাবলৈ গাখীৰেৰে তৈয়াৰ কৰা ফেচমাস্ক আপুনি ব্যৱহাৰ কৰিব পাৰে ৷

Apply milk to your skin instead of expensive moisturizers
দামী প্ৰসাধন সামগ্ৰীৰ পৰিৱৰ্তে ছালত ব্যৱহাৰ কৰক গাখীৰ

গাখীৰৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই ৷ গাখীৰ ছালৰ বাবেও যথেষ্ট উপকাৰী ৷ ইয়াত ভিটামিন-এ, ডি আৰু বি ১২ৰ লগতে লেকটিক এচিডো পোৱা যায়, যিয়ে ছালৰ বহুতো সমস্যা আঁতৰ কৰাত সহায় কৰে ৷ এনে পৰিস্থিতিত, ছালৰ সমস্যা আঁতৰাবলৈ গাখীৰেৰে তৈয়াৰ কৰা ফেচমাস্ক আপুনি ব্যৱহাৰ কৰিব পাৰে ৷

তদুপৰি, ক্লিনজাৰ আৰু ট'নাৰ হিচাপেও গাখীৰ ব্যৱহাৰ কৰা হয় ৷ শীতকালত গাখীৰেৰে মুখখন পৰিস্কাৰ কৰিলে ছালৰ সমস্যা আঁতৰ কৰাৰ লগতে ছালখনক কোমল কৰি ৰাখে ৷ ইয়াক ছালৰ শুষ্কতা আঁতৰাবলৈও ব্যৱহাৰ কৰা হয় ৷ গাখীৰ ছালত প্ৰয়োগ কৰাৰ উপকাৰিতাসমূহৰ বিষয়ে আজি জানো আহক-

ছাল পৰিস্কাৰ হয়

অধিকাংশ মহিলাই মুখখন পৰিস্কাৰ কৰিবলৈ ব্যয়বহুল চাবোন বা ফেচৱাছ ব্যৱহাৰ কৰে ৷ কিন্তু যদি আপুনি প্ৰাকৃতিকভাৱে ছালখন পৰিস্কাৰ কৰি ৰাখিবলৈ বিচাৰে, তেনেহ'লে গাখীৰ ব্যৱহাৰ কৰিব পাৰে ৷ ই আপোনাৰ ছালখন গভীৰভাৱে পৰিস্কাৰ কৰি উজ্জ্বল কৰি তুলিব ৷

ছাল হাইড্ৰেটেড হৈ থাকে

গাখীৰে ছালক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে ৷ যদি আপোনাৰ ছাল অত্যাধিক শুকান হয়, তেনেহ'লে আপুনি গাখীৰেৰে মুখখন পৰিষ্কাৰ কৰা উচিত ৷ ই ছালখন হাইড্ৰেটেড আৰু কোমল কৰি ৰাখিব ৷

শুষ্কতা আঁতৰ হয়

শীতকালত ছাল শুকান হৈ পৰে ৷ যদি আপুনি এই সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ বিচাৰে, তেন্তে মুখত গাখীৰ প্ৰয়োগ কৰিব পাৰে ৷ গাখীৰক প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ বুলি গণ্য কৰা হয় ৷ সেয়েহে, মুখখন গাখীৰেৰে পৰিস্কাৰ কৰিলে ছালখন আৰ্দ্ৰ হৈ থকাৰ লগতে ছালৰ শুষ্কতাও দূৰ হ'ব ৷

দাগ আঁতৰ হয়

যদি আপোনাৰ মুখত দাগ বা শালমইনা আছে, আপুনি গাখীৰ ব্যৱহাৰ কৰিব পাৰে ৷ ই ছালৰ দাগ আঁতৰ কৰাতো যথেষ্ট সহায়ক ৷ নিয়মীয়া গাখীৰেৰে ছাল পৰিষ্কাৰ কৰিলে খুব কম দিনতে দাগ আৰু শালমইনা দূৰ হয় ৷

জ্বলা-পোৰাৰ সমস্যা দূৰ হয়

যিসকলৰ ছাল সংবেদনশীল, তেওঁলোকে ছালত গাখীৰ ব্যৱহাৰ কৰিব পাৰে ৷ যদি কোনো প্ৰসাধন সামগ্ৰী আপোনাৰ ছালৰ প্ৰতি এলাৰ্জিক হয়, তেনেহ'লে গাখীৰ আপোনাৰ বাবে সঠিক বুলি প্ৰমাণিত হ'ব পাৰে ৷

লগতে পঢ়ক: অধিক বাদাম খালে আপোনাৰ ওজন বৃদ্ধি হ’ব পাৰে নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.