ETV Bharat / entertainment

জামাল কুডু গীতত পত্নীৰ সৈতে নৃত্য ৰণবীৰ কাপুৰৰ, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 1:35 PM IST

Ranbir-Alia Dance Video: ফিল্মফেয়াৰ এৱাৰ্ডত আলিয়া ভাটৰ সৈতে নৃত্য কৰিলে ৰণবীৰ কাপুৰে । তেওঁৰ নৃত্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

Watch: Ranbir Kapoor-Alia Bhatt nail Jamal Kudu step, couple's cute PDA from award gala floors fans
আলিয়া ভাটৰ সৈতে নৃত্য কৰিলে ৰণবীৰ কাপুৰে

চিটাৰা ডেস্ক, ২৯ জানুৱাৰী: বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ তেওঁৰ ছবি এনিমেলৰ বাবে বৰ্তমান বাতৰিৰ শিৰোনামত আছে । ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰাৰ পিচত শেহতীয়াকৈ অ’টিটি প্লেটফৰ্মত মুক্তি পোৱা এই ছবিখনে ৰাইজৰ পৰা যথেষ্ট মৰম লাভ কৰিছে । অনুৰাগীয়ে এই ছবিখনত ৰণবীৰৰ এক বেলেগ ৰূপ চাবলৈ পাইছে । অৱশ্যে এই ছবিখনৰ এটি গীত অতি ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত ৷ এই গীতটিত অভিনয় কৰিছে ববি দেওলে ৷ এতিয়ালৈকে হয়তো গ’মেই পাইছে কোনটো গীতৰ কথা কৈছো ৷ হয়, আমি কৈছো ‘জামাল কুডু’ গীতটিৰ কথা । এই গীতটি যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল ছ’চিয়েল মিডিয়াত ৷ ইফালে ২৮ জানুৱাৰীত অনুষ্ঠিত হোৱা ফিল্মফেয়াৰ এৱাৰ্ডত এই গীতটিত নৃত্য কৰে ৰণবীৰ কাপুৰে। এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰণবীৰৰ এই ভিডিঅ’টো ৷

ফিল্মফেয়াৰ এৱাৰ্ডত মঞ্চত নৃত্য প্ৰদৰ্শন কৰে ৰণবীৰে। কেৱল এয়াই নহয়, এনিমেলৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰে অভিনেতাগৰাকীয়ে । ৰণবীৰৰ নৃত্যৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত তেওঁ মঞ্চৰ পৰা নামি আহি পত্নী আলিয়াৰ সৈতে নৃত্য কৰে ।

মঞ্চৰ পৰা নামি আহি ৰণবীৰে আলিয়াৰ সৈতে জামাল কুডু গীতটিত নৃত্য কৰে । আলিয়া আৰু ৰণবীৰ দুয়োগৰাকীয়ে মূৰত গ্লাছ লৈ নৃত্য কৰে । ইয়াৰ পিচত ৰণবীৰে পত্নীক চুমা খাই পুনৰ মঞ্চলৈ উভতি যায় ।

অনুৰাগীৰ প্ৰতিক্ৰিয়া

ৰণবীৰ-আলিয়াৰ এই ভিডিঅ’টোত অনুৰাগীয়ে নিজৰ মতামত প্ৰকাশ কৰে ৷ এজনে লিখিছে- ৰাহা ইমান ভাগ্যৱান । আনহাতে আন এগৰাকীয়ে লিখিছে- অতি মৰমলগা দম্পতী ।

ৰণবীৰৰ পাৰফৰমেন্স লুকৰ কথা ক’বলৈ গ’লে ক’লা পেণ্টৰ সৈতে বগা ব্লেজাৰ পৰিধান কৰিছিল । আলিয়াৰ লুকৰ কথা ক’বলৈ গ’লে বেইজ ৰঙৰ ষ্টেটমেন্ট শাৰী পৰিধান কৰিছিল । য’ত আলিয়াক ধুনীয়া দেখা গৈছিল ।

এইখিনিতে ক’ব লাগিব যে ফিল্মফেয়াৰত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটাও লাভ কৰিছে আলিয়া ভাটে । ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী ছবিৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে।

লগতে পঢ়ক: এৱাৰ্ড শ্ব’ত পিতৃ ঋষি কাপুৰক মনত পেলাই আবেগিক হৈ পৰিল ৰণবীৰ কাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.