ETV Bharat / entertainment

সংসদত প্ৰদৰ্শন হ’ব বিবেক অগ্নিহোত্ৰীৰ ছবি দ্য ভেকচিন ৱাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 10:01 AM IST

The Vaccine War will be screened in Parliament: ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত মুক্তি লাভ কৰিছিল ‘দ্য ভেকচিন ৱাৰ’ ৷ কিন্তু এই ছবিখনে পৰ্দাত বিশেষ একো ফলাফল দেখুৱাব নোৱাৰিলে । এতিয়া কেইবামাহ পিচত এই ছবিখনৰ বিষয়ে এটা ভাল খবৰ শ্বেয়াৰ কৰিছে পৰিচালকে । দেশৰ সংসদত প্ৰদৰ্শন হ’ব এই ছবিখন ।

Vivek Ranjan Agnihotris film The Vaccine War will be screened in Parliament
সংসদত প্ৰদৰ্শিত হ’ব দ্য ভেকচিন ৱাৰ

চিটাৰা ডেস্ক, ১ ফেব্ৰুৱাৰী: বলীউডৰ অন্যতম পৰিচিত তথা বিতৰ্কিত পৰিচালক বিবেক অগ্নিহোত্ৰী । বিবেক অগ্নিহোত্ৰীয়ে তেওঁৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ জৰিয়তে লাইমলাইটলৈ আহিছিল ৷ এই ছবিখনৰ পিচত তেওঁ আন এখন ছবি নিৰ্মাণ কৰিছিল ৷ ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত মুক্তি লাভ কৰিছিল বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য ভেকচিন ৱাৰ’ । এই ছবিখন কৰ'না কালৰ আধাৰত নিৰ্মিত । দ্য কাশ্মীৰ ফাইলছৰ সফলতাৰ পিচত এই ছবিখনৰ পৰা পৰিচালকৰ যথেষ্ট আশা আছিল যদিও এই ছবিখনে পৰ্দাত বিশেষ একো ফলাফল দেখুওৱাব নোৱাৰিলে ৷ এতিয়া পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এই ছবিখনৰ সৈতে জড়িত এটা ভাল খবৰ তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে শ্বেয়াৰ কৰিছে ।

সংসদত প্ৰদৰ্শন হ’ব দ্য ভেকচিন ৱাৰ

বুধবাৰে বিবেক অগ্নিহোত্ৰীয়ে এই খবৰটো অনুৰাগীৰ সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰি পৰিচালকে নিজৰ এক্স একাউন্টত লিখিছে, ‘‘ৱাহ ! পুৱাই এটা খুব ভাল খবৰ লাভ কৰিলো । সংসদত প্ৰদৰ্শন হ’ব ‘দ্য ভেকচিন ৱাৰ’ ৷ সকলো বিজ্ঞানীৰ বাবে মই অতি সুখী ।”

দ্য ভেকচিন ৱাৰৰ বক্স অফিচ

বিবেক অগ্নিহোত্ৰীৰ দ্বিতীয়খন ছবিৰ পৰা আশা আছিল যদিও মুক্তিৰ পিচত বক্স অফিচত ব্যৰ্থ হয় দ্য ভেকচিন ৱাৰ । ভেকচিন ৱাৰে সমগ্ৰ দেশত মাত্ৰ প্ৰায় ১০ কোটি টকাৰ ব্যৱসায় কৰিছিল ।

OTT প্লেটফৰ্মত মুকলি কৰা হৈছে

ছবিগৃহত মুক্তি পোৱাৰ পিচত নিৰ্মাতাই ছবিখন অ’টিটি প্লেটফৰ্মতো মুক্তি দিয়ে । ২৪ নৱেম্বৰত ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাইছিল ছবিখন ।

উল্লেখ্য যে, ছবিখনত নানা পাটেকাৰ, সপ্তমী গৌড়া, পল্লৱী যোশী আৰু ৰাইমা সেনে মুখ্য ভূমিকা পালন কৰিছে । নানা, সপ্তমী আৰু পল্লৱীয়ে ছবিখনত বিজ্ঞানীৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে ৰাইমাক দেখা গৈছিল সাংবাদিকৰ চৰিত্ৰত । ছবিখনত অনুপম খেৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল । এই ছবিখন Covid-19 ৰ বিৰুদ্ধে যুঁজ দিয়া ভাৰতীয় বিজ্ঞানীসকলৰ বিজয়ৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে । ‘দ্য ভেকচিন ৱাৰ’ হিন্দীকে ধৰি আন বহু ভাষাতো মুক্তি পাইছিল ।

লগতে পঢ়ক: The Vaccine War: দ্য ভেকচিন ৱাৰলৈ সুখবৰ, অস্কাৰ একাডেমীৰ পৰা লাভ ডাঙৰ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.