ETV Bharat / entertainment

ৰণবীৰ-আলিয়াৰ পৰা বিকি-কেটৰিণালৈ সকলোৰে কণ্ঠত জয় শ্ৰী ৰাম ধ্বনি

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 11:23 AM IST

Celebs in Ram Mandir Inauguration: বলীউডৰ বহু চেলিব্ৰিটিয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে । এতিয়া এটা ভিডিঅ’ প্ৰকাশ পাইছে য’ত সকলোৰে কণ্ঠত জয় শ্ৰী ৰাম ধ্বনি শুনা গৈছে ৷

Vicky Kaushal-Katrina Kaif, Ranbir Kapoor-Alia Bhatt chant Jai Shree Ram on Pran Pratishtha Ceremony
সকলোৰে কণ্ঠত জয় শ্ৰী ৰাম ধ্বনি

চিটাৰা ডেস্ক, 23 জানুৱাৰী: 22 জানুৱাৰীৰ দিনটো দেশবাসীৰ বাবে এক ঐতিহাসিক দিন আছিল । বহু বছৰৰ অপেক্ষাৰ অন্তত অৱশেষত অযোধ্যাত উদ্বোধন হ’ল ৰাম মন্দিৰ ৷ ৰাম মন্দিৰ উদ্বোধনৰ লগে লগে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাও সম্পন্ন হৈছে । এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈছে বলীউডৰ বহু চেলিব্ৰিটি । ৰণবীৰ কাপুৰৰ পৰা কেটৰিণা কাইফ আৰু ৰোহিত শ্বেট্টীয়েও এই সমাৱেশত অংশগ্ৰহণ কৰিছিল । এতিয়া ৰোহিত শ্বেট্টীয়ে সেই ঐতিহাসিক মুহূৰ্তৰ এটি অতি সুন্দৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে ।

এইসকল তাৰকাৰ সৈতে ৰোহিত শ্বেট্টীয়ে দিলে ‘জয় শ্ৰী ৰাম’ ধ্বনি

ৰোহিত শ্বেট্টীয়ে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছে । ভিডিঅ’টো অযোধ্যাৰ ৰাম মন্দিৰৰ । ভিডিঅ’টোত প্ৰথমে এখন হেলিকপ্টাৰে আকাশৰ পৰা ফুল ছটিওৱা দেখা যায় । ইয়াৰ পিচত সকলো অভিনেতাই একেলগে জয় শ্ৰীৰামৰ ধ্বনি দিয়া দেখা যায় । এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি আছিল বিকি কৌশলে । এই সময়চোৱাত ৰণবীৰ কাপুৰ, আলিয়া ভাট, কেটৰিণা কাইফ, আয়ুষ্মান খুৰানা আৰু ৰোহিত শ্বেট্টীয়ে পিচফালে থিয় হৈ একেমুখে জয় শ্ৰী ৰাম ধ্বনি দিয়ে ।

পৰম্পৰাগত ৰূপত দেখা তাৰকাসকলক

ভিডিঅ’ত এই তাৰকাসকলক পৰম্পৰাগত ৰূপত দেখা গৈছিল । সকলো পুৰুষ অভিনেতাই ধুতি কুৰ্তা পৰিধান কৰি আছিল, আনহাতে আলিয়া ভাটৰ পৰা আৰম্ভ কৰি কেটৰিণা কাইফলৈকে পৰিধান কৰিছিল পৰম্পৰাগত শাৰী । এই সাজত সকলোকে অতি সুন্দৰ দেখা গৈছিল । ভিডিঅ’টোৰ কেপচনত ৰোহিত শ্বেট্টীয়ে লিখিছে -ঐতিহাসিক অযোধ্যা'৷

এইসকল তাৰকাই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল

উল্লেখ্য যে, ৰণবীৰ কাপুৰ, আলিয়া ভাট, বিকি কৌশল, কেটৰিণা কাইফ আৰু ৰোহিত শ্বেট্টীৰ উপৰিও আয়ুষ্মান খুৰাণা, অমিতাভ বচ্চন, কংগনা ৰনৌত, মাধুৰী দীক্ষিত, আম্বানী পৰিয়াল প্ৰাণ প্ৰতিষ্ঠাত উপস্থিত থাকে । একে সময়তে দক্ষিণ চিনেমাৰ বহু তাৰকাও এই দিনটোৰ বাবে ৰাম মন্দিৰত উপস্থিত থাকে । এই তালিকাত ৰামচৰণ, ৰজনীকান্ত, ধনুশ, ঋষভ শ্বেট্টীৰ দৰে নামো সন্নিবিষ্ট কৰা হৈছে ।

এইসকল তাৰকাই ঘৰতে থাকি উদযাপন কৰে এই ঐতিহাসিক দিনটো

আনহাতে অযোধ্যালৈ যাব নোৱাৰা চেলিব্ৰিটিসকলে ঘৰতে থাকি এই দিনটো উদযাপন কৰে । দীপিকা পাডুকনে নিজৰ ঘৰত চাকি জ্বলোৱাৰ বিপৰীতে বৰুণ ধৱনে পোষ্ট কৰি অভিনন্দন জ্ঞাপন কৰে । ইয়াৰ উপৰিও সিদ্ধাৰ্থ মালহোত্ৰা, ৰাজপাল যাদৱ, শ্ৰেয়স তালপাড়ে, অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফে ছ’চিয়েল মিডিয়াৰ যোগেদি অভিনন্দন জ্ঞাপন কৰে ।

লগতে পঢ়ক: ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত আৱেগিক হৈ পৰিল চনু নিগম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.