ETV Bharat / entertainment

ৰহমানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব নেকি সুস্মিতা সেন ?

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 1:36 PM IST

Sushmita Sen On Marriage: বৰ্তমান বলীউডৰ অভিনেত্ৰী সুস্মিতা সেন ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক ৱেব ছিৰিজ আৰ্য ৩ৰ প্ৰচাৰত । ইয়াৰ মাজতে এতিয়া অভিনেত্ৰীগৰাকীৰ বিবাহৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে ৷ এই সন্দৰ্ভত বিতংকভাৱে জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন ৷

Sushmita Sen Reveals Wedding Plans as She Reconciles with Rohman Shawl
ৰোহমানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব সুস্মিতা সেন !

চিটাৰা ডেস্ক, ৬ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেত্ৰী সুস্মিতা সেন প্ৰায়ে কিবা নহয়, কিবা কাৰণত বাতৰিৰ শিৰোনামত থাকে ৷ কেতিয়াবা যদি ব্যক্তিগত জীৱনৰ বাবে, আকৌ কেতিয়াবা পেছাদাৰী জীৱনৰ বাবে চৰ্চাত থাকে অভিনেত্ৰীগৰাকী । অৱশ্যে এইবাৰ পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ কিন্তু এইবাৰ পেছাদাৰী জীৱনৰ বাবে নহয়, ব্যক্তিগত জীৱনক লৈ বাতৰিৰ শিৰোনাম দখল কৰিছে সুস্মিতাই ।

উল্লেখ্য যে, ৰহমান শালৰ সৈতে সুস্মিতাৰ প্ৰেমৰ সম্পৰ্কৰ বিচ্ছেদ ঘটিছিল যদিও এতিয়া দুয়ো পুনৰ সম্পৰ্কত আহিছে । সুস্মিতা আৰু ৰহমান পুনৰ সম্পৰ্কত অহাৰ পিচতে দুয়োৰে বিয়া হ’ব বুলি অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছে । ইয়াৰ মাজতে এতিয়া সুস্মিতাই নিজৰ বিবাহৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছে ।

বৰ্তমান সুস্মিতা ব্যস্ত আৰ্য ৩ ৰ প্ৰচাৰত । প্ৰমোশ্যনৰ সময়ত এক সাক্ষাৎকাৰত তেওঁক বিয়াৰ কথা সোধা হৈছিল । এই সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁৰ ছেটেল হোৱাৰ কোনো পৰিকল্পনা নাই ।

বিয়াৰ পৰিকল্পনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সুস্মিতাৰ

সুস্মিতাই কয়, ‘‘মই জানো যে গোটেই পৃথিৱীয়ে এই বিষয়ে মই চিন্তা কৰাটো বিচাৰে । এই পৰ্যায়লৈ অহাৰ পিচত মই বিবাহপাশত আৱদ্ধ হোৱাটো বিচাৰে । এই কথাটোত মই গুৰুত্ব দিব নিবিচাৰো । মই এইটো উল্লেখ কৰাটো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰোঁ যে মই বিবাহৰ কাৰ্যটোক ভালপাওঁ আৰু সন্মান কৰো । মোৰ আৰ্য পৰিচালক ৰাম মাধৱনী আৰু মোৰ প্ৰযোজক অমিতা মাধৱনীকে ধৰি কিছুমান অবিশ্বাস্য মানুহক চিনি পোৱাৰ সৌভাগ্য হৈছে ৷ যিসকল মোৰ চিনাকি আটাইতকৈ ধুনীয়া দম্পতীৰ ভিতৰত অন্যতম ।’’

সুস্মিতাই লগতে ক’লে, ‘‘কিন্তু মই সংগী আৰু বন্ধুত্বত বেছি বিশ্বাস কৰো । যদি এইবোৰ থাকে তেন্তে বিবাহ হ’ব পাৰে । কিন্তু সেই সন্মান আৰু বন্ধুত্ব অতি গুৰুত্বপূৰ্ণ আৰু স্বাধীনতাও অতি গুৰুত্বপূৰ্ণ । মই মোৰ স্বাধীনতাৰ প্ৰতি অধিক গুৰুত্ব দিওঁ ।’’

উল্লেখ্য যে, ২০১৮ চনত ৰহমান শালৰ সৈতে সুস্মিতা সেনে নিজৰ প্ৰেমৰ সম্পৰ্ক আনুষ্ঠানিক কৰিছিল । ইয়াৰ পিচত ২০২১ চনত দুয়োৰে বিচ্ছেদ ঘটে । ইয়াৰ পিচত সুস্মিতাই ব্যৱসায়ী ললিত মোদীক ডেট কৰিবলৈ আৰম্ভ কৰে । কিন্তু ললিত মোদীৰ সৈতে ব্ৰেকআপৰ পিচত সুস্মিতা আকৌ ঘূৰি আহে ৰহমানৰ ওচৰলৈ ।

লগতে পঢ়ক : ললিত মোদীৰ সৈতে কি সম্পৰ্ক আছিল সুস্মিতা সেনৰ ? মুকলিকৈ ক’লে অভিনেত্ৰীগৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.