ETV Bharat / entertainment

আজি সুহানাৰ জন্মদিন : পিছে চৰ্চাত আহিছে অনন্যা-নব্যা-শ্বানায়াৰহে ইনষ্টা ষ্ট’ৰী - Suhana khan birthday

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 12:33 PM IST

Suhana khan Birthday: শ্বাহৰুখ খানৰ কন্যা সুহানা খানে বুধবাৰে উদযাপন কৰিছে জন্মদিন ৷ সুহানাক বিশেষ অনুভৱ কৰাবলৈ সুহানাৰ বিএফএফ(best friend forever) অনন্যা আৰু নব্যাই ছ’চিয়েল মিডিয়াত মৰমলগা পোষ্ট দি জন্মদিনৰ শুভেচ্ছা জনাইছে ।

Suhana khan birthday Ananya Panday, Navya Naveli Nanda shanaya kapoor wish their BFF friend on her bday
সুহানা খান (etv bharat)

চিটাৰা ডেস্ক, 22 মে’ : সুহানা খান, অনন্যা পাণ্ডে, নব্যা নভেলী নন্দা আৰু শ্বানায়া কাপুৰ হৈছে বি-টাউন বেষ্টিজ ৷ প্ৰায়ে আটাইকে একেলগে বহুতো অনুষ্ঠান আৰু ৰেস্তোৰাঁৰ বাহিৰত একেলগে দেখা যায় । আজি 22 মে'ত, শ্বাহৰুখ খানৰ কন্যা সুহানা 24 বছৰীয়া হৈছে । তেওঁৰ 24 সংখ্যক জন্মদিনত তেওঁৰ প্ৰিয় বান্ধৱীসকলে এক বিশেষ ধৰণে জন্মদিনৰ শুভেচ্ছা জনাইছে ।

সুহানা খানে তেওঁৰ শৈশৱ অনন্যা পাণ্ডে, শ্বানায়া কাপুৰ, নব্যা নভেলী নন্দা আদিৰ দৰে বি-টাউনৰ শিশুসকলৰ সৈতে পাৰ কৰিছিল । সৰুৰে পৰা একেলগে থকাৰ বাবে তেওঁলোকৰ মাজৰ বন্ধুত্বও ক্ৰমান্বয়ে আৰু অধিক শক্তিশালী হৈ পৰে ৷ এতিয়াও বেছিভাগ সময় তেওঁলোকে একেলগেই পাৰ কৰে ৷ ছ’চিয়েল মিডিয়াৰ পোষ্টবোৰৰ পৰা অনুমান হয় যে তেওঁলোকে সদায়ে ইজনে সিজনক সমৰ্থন কৰে ।

অনন্যা পাণ্ডেই ১২ বজাৰ লগে লগে সুহানাক জন্মদিনৰ শুভেচ্ছা জনাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰে । 'ড্ৰিম গাৰ্ল ২' ৰ অভিনেত্ৰী অনন্যা পাণ্ডেই আই পি এল ২০২৪ ৰ প্ৰথমখন কোৱালিফায়াৰ মেচৰ বিজয়ী দল কলকাতা নাইট ৰাইডাৰ্ছৰ এই জয়ত উল্লসিত হৈ থকাৰ সময়তে ষ্টেডিয়ামৰ পৰা নিজৰ আৰু সুহানাৰ এখন ছবি শ্বেয়াৰ কৰে । তাৰ পৰাই এই ছবিখন তেওঁ বিশেষ কেপশ্যনৰ সৈতে পোষ্ট কৰিছে ।

সুহানাক জন্মদিনৰ শুভেচ্ছা জনাই অনন্যাই কেপশ্যনত লিখিছে, ‘হেপী বাৰ্থডে মাই বেষ্ট গাৰ্ল । গোটেই পৃথিৱীত তোমাৰ দৰে কোনো নাই, মই তোমাক ভাল পাওঁ চুজি । এই ফটোখনত আমাৰ ভালপোৱা কামটো কৰি থকাৰ সময়ত আমি আটাইতকৈ সুখৰ মুহুৰ্তত' ৷

Suhana khan birthday Ananya Panday, Navya Naveli Nanda shanaya kapoor wish their BFF friend on her bday
অনন্যাৰ ইনষ্টা ষ্ট’ৰী (etv bharat)

ইয়াৰ পিচতে অমিতাভ বচ্চনৰ নাতিনীয়েক নব্যা নভেলী নন্দই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ক’লা পল্কা ডট ড্ৰেছত সুহানাৰ এখন ছবি শ্বেয়াৰ কৰে । ‘হেপি বাৰ্থডে সুহানা’ বাৰ্তা আৰু ৰঙা হৃদয়ৰ ইমোজিৰে শুভেচ্ছা জনায় নব্যাই ।

নব্যাৰ ইনষ্টা ষ্ট’ৰী (etv bharat)

শ্বানায়া কাপুৰেও সুহানা খানৰ সৈতে ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন ফটো পোষ্ট কৰিছে । এই ছবিখন এখন আই পি এল খেলৰ সময়ত তোলা হৈছিল । ছবিখন পোষ্ট কৰাৰ সময়ত শ্বানায়াই শিৰোনামটোত লিখিছে, ‘হেপী বাৰ্থডে চিষ্টাৰ । লৱ্ ইউ লং টাইম' ৷

শ্বানায়াৰ ইনষ্টা ষ্ট’ৰী (etv bharat)

মঙলবাৰে কলকাতা নাইট ৰাইডাৰ্ছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আই পি এল মেচ চাবলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সুহানা উপস্থিত হৈছিল অগস্ত্য নন্দ, অনন্যা আৰু শ্বানায়া কাপুৰৰ সৈতে । য’ত শ্বাহৰুখৰ দল কে কে আৰে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি আই পি এল ২০২৪ ৰ ফাইনেলত স্থান নিশ্চিত কৰে ।

লগতে পঢ়ক : 30 বছৰীয়া এক গৌৰৱোজ্জ্বল যাত্ৰা: ভাৰতলৈ প্ৰথমবাৰৰ বাবে আহিছিল মিছ ইউনিভাৰ্ছ খিতাপ - Miss Universe Sushmita Sen

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.