ETV Bharat / entertainment

ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত আৱেগিক হৈ পৰিল চনু নিগম - Pran Pratishtha ceremony

Sonu Nigam Happy Tears: ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত কণ্ঠশিল্পী চনু নিগম অতিশয় সুখী । সুখ প্ৰকাশ কৰোতে চকুলো বৈ আহে চনু নিগমৰ । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে চনুৰ এই ভিডিঅ’।

Sonu Nigam gets emotional after attending Pran Pratishtha ceremony of Ram Lalla
আৱেগিক হৈ পৰিল চনু নিগম
author img

By ANI

Published : January 22, 2024 at 4:23 PM IST

2 Min Read

চিটাৰা ডেস্ক, ২২ জানুৱাৰী: আজি পূৰণ হ’ল বহু বছৰ পুৰণি সপোন ৷ যিটো ক্ষণৰ বাবে বছৰ বছৰ ধৰি ৰাম ভক্তসকলে অপেক্ষা কৰি আছিল, অৱশেষত অন্ত পৰিল সেই অপেক্ষাৰ ৷ অযোধ্যাত উদ্বোধন হ’ল ৰাম মন্দিৰ ৷ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল বলীউডৰ পৰা দক্ষিণলৈকে বহু চেলিব্ৰিটি ৷ লগতে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হয় গায়ক চনু নিগম । কেৱল এই ক্ষণৰ সাক্ষী হোৱাই নহয়, নিজৰ কণ্ঠৰে আৰু অধিক ভক্তিময় কৰি তুলিছিল মন্দিৰৰ চৌপাশ ৷ এই অনুষ্ঠানত চনু নিগমে ৰাম ভজন পৰিৱেশন কৰিছিল । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে চনুৰ বহু ভিডিঅ’। ইফালে চনুৰ আন এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত কণ্ঠশিল্পীগৰাকীক আৱেগিক হৈ পৰা দেখা গৈছে ।

চকুলো বৈ আহিল চনু নিগমৰ

আচলতে ৰাম মন্দিৰ নিৰ্মাণত চনু নিগম ইমানেই সুখী যে তেওঁ আৱেগিক হৈ পৰে । সংবাদ মাধ্যমৰ সৈতে কথা পাতি থাকোঁতে চনু নিগমৰ আনন্দৰ চকুলো বৈ আহে । এ এন আইৰ সৈতে কথা পাতি থাকোঁতে চনুৰ চকুলো বৈ আহে । সংবাদ মাধ্যমে কিয় কান্দিছে বুলি সোধাত চনুৱে ঘূৰি আহি সাংবাদিকক সুধিলে – আপুনি কিয় কান্দিছে? চনুৱে আৰু কয় – এতিয়া ক’বলগীয়া একো নাই, মাত্ৰ এইবোৰ (চকুলো)হে ক’বলৈ আছে ।

এই অনুষ্ঠানৰ বাবে চনু নিগমে পৰিধান কৰিছিল বগা ৰঙৰ সাজ-পোছাক । কপালত তিলক লগাই ব্ৰাউন শ্বেড পৰিধান কৰিছিল । সুৰীয়া কণ্ঠত ভজন গাই ভক্তগণক আপ্লুত কৰি তোলে চনুৱে ।

উল্লেখ্য যে, বলীউডৰ বহু ডাঙৰ ডাঙৰ তাৰকাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে । অমিতাভ বচ্চন, আলিয়া ভাট, ৰণবীৰ কাপুৰ, ৰোহিত শেট্টী, অভিষেক বচ্চন, কেটৰিণা কাইফ, বিকি কৌশল, মাধুৰী দীক্ষিত, আয়ুষ্মান খুৰানা, কংগনা ৰনৌত, ৰজনীকান্ত, ৰাম চৰণ, অনুপম খেৰ, শৈলেশ লোধা আদি বহু ডাঙৰ তাৰকাক দেখা গৈছিল । প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত টিভিৰ ৰাম অৰুণ গোভিল আৰু সীতা দীপিকা চিখলিয়াইও অংশগ্ৰহণ কৰিছিল ।

আনহাতে যিসকল তাৰকা এই অনুষ্ঠানৰ অংশ হ’ব নোৱাৰিলে তেওঁলোকে ছ’চিয়েল মিডিয়াত পোষ্টৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিছে ।

লগতে পঢ়ক: ভিডিঅ’ মেছেজৰ জৰিয়তে অক্ষয়-টাইগাৰে জনালে শুভেচ্ছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.