ETV Bharat / entertainment

দৰ্পণৰ উদ্যোগত কলাক্ষেত্ৰত শনিবাৰে মঞ্চস্থ হয় নাটক শূর্পণখা

Shurpanakha Nat: দুদিনীয়া কাৰ্যসূচীৰে দৰ্পণৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় নাট প্ৰদৰ্শন । এই কাৰ্যসূচীত প্ৰদৰ্শিত হয় 'শূর্পণখা' শীৰ্ষক নাট ৷

Shurpanakha Nat staged at Srimanta Sankaradeva Kalakshetra on Initiated by Darpan
কলাক্ষেত্ৰত মঞ্চস্থ হয় নাটক শূর্পণখা
author img

By ETV Bharat Assamese Team

Published : February 18, 2024 at 11:15 AM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১৮ ফেব্ৰুৱাৰী: দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় নাট প্ৰদৰ্শন কাৰ্যসূচী ৷ ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ দৰ্পণৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত প্ৰদৰ্শিত হয় ‘শূর্পণখা’ শীৰ্ষক এখনি নাটক ৷ ইফালে শনিবাৰৰ আৰম্ভণিৰ দিনটোত প্ৰথমে এখন সুন্দৰ আৰু নতুন চিন্তাৰ নাটক পৰিৱেশন কৰে দৰ্পণ নাট্যগোষ্ঠীয়ে, যিয়ে উপস্থিত দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় ৷

ইয়াৰ পিচত প্ৰদৰ্শিত হয় ‘শূর্পণখা’ শীৰ্ষক নাটক ৷ ‘শূর্পণখা’ নাটখনৰ মূল চৰিত্ৰত অভিনয় কৰে অসমৰ এগৰাকী ওডিচি আৰু সত্ৰীয়া নৃত্যৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী ড৹ অঞ্জনা ময়ী শইকীয়াই ৷ আনহাতে বিশিষ্ট পৰিচালক- নাট্যকাৰ মানিক ৰয়ৰ পৰিকল্পনা, পৰিচালনা আৰু চিত্ৰনাট্যৰে নাটখন সজোৱা হয় । শনিবাৰে অনুষ্ঠিত হোৱা প্ৰথম দিনাৰ দৰ্শনীত নাট উপভোগ কৰা দৰ্শকৰ সঁহাৰিৰে সাফল্যমণ্ডিত হয় দৰ্পণৰ এই অভিজাত নাট্য আয়োজন ৷

লগতে শূপৰ্ণখা নাটখনৰ পোহৰ পৰিচালনা কৰিছে কৌশিক বৰবৰাই ৷ ইফালে নাটখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে মুকুট নাথ, মানস প্ৰতীম নেওগ, মানস শৰ্মা, বিপ্লৱ শইকীয়া, ইন্দ্ৰজিৎ বৰা, দিপান্বিতা দাস, পংখী মহন্ত, অনিন্দিতা দাস, পাহী বিশ্বাস, সাগৰিকা পুষ্পানন্দা, হেমন্ত হিৰু, ডিম্পল সঞ্জীৱন কাশ্যপ আদিয়ে ৷ নিজ মাতৃয়ে সৰুতে ৰখা নামৰ ‘শূর্পণখা’ই কিদৰে সময়ৰ সোঁতত জনমানসত 'শূর্পণখা' হিচাপে পৰিচিত হ’ল সেয়াও নাটখনত উপস্থাপন কৰা হৈছে ।

উল্লেখযোগ্য যে, গুৱাহাটীৰ আগশাৰীৰ এক সাংস্কৃতিক প্ৰতিষ্ঠান হৈছে 'দৰ্পণ' । আজিও দৰ্পণৰ উদ্যোগত প্ৰদৰ্শিত হ’ব একেখিনি নাট 'শূর্পণখা' । দেওবাৰে বিয়লি ৪ বজাত আৰু সন্ধিয়া ৬:৩০ বজাত 'শূর্পণখা' শীৰ্ষক নাটকখন পৰিৱেশন কৰা হ’ব ৷ ব্যতিক্ৰমী চিন্তা আৰু পূৰ্বে সাধাৰণতে নকৰা চিন্তাৰ সমাবেশ ঘটা 'শূর্পণখা' নাটখন দেওবাৰেও দুবাৰকৈ মঞ্চস্থ কৰা হ’ব ৷

লগতে পঢ়ক: হিন্দী, তামিল, তেলুগু, বঙালী ভাষাত ডাব হ’ব বীৰাঙ্গনা সাধনী