ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ প্ৰিং ৱেডিঙত পত্নী গৌৰীৰ সৈতে ৰোমান্টিক নৃত্য শ্বাহৰুখ খানৰ

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 10:38 AM IST

Shah Rukh Khan dances with wife Gauri: অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ তৃতীয় দিনা অৰিজিত সিং, লাকী আলী, শ্ৰেয়া ঘোষাল, উদিত নাৰায়ণে নিজৰ কণ্ঠৰে উপস্থিত সকলোকে আপ্লুত কৰি তোলে ৷ এই সকলোবোৰৰ মাজতে শ্বাহৰুখ খানে গৌৰী খানৰ সৈতেও নৃত্য কৰে ৷ যাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

Shah Rukh Khan romantic dance with wife Gauri at the Anant-Radhika Pre wedding
পত্নী গৌৰীৰ সৈতে ৰোমান্টিক নৃত্য শ্বাহৰুখ খানৰ

চিটাৰা ডেস্ক, ৪ মাৰ্চ: গুজৰাটৰ জামনগৰত চলি আছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান ৷ প্ৰি-ৱেডিং অনুষ্ঠানৰ তৃতীয় দিনা ভাৰতীয় কণ্ঠশিল্পীসকলে নিজৰ কণ্ঠৰে মোহিত কৰে অতিথিসকলক ৷ অৰিজিত সিং, লাকী আলী, শ্ৰেয়া ঘোষালৰ দৰে বহু ভাৰতীয় কণ্ঠশিল্পীয়ে তৃতীয় দিনা সংগীত পৰিৱেশন কৰে । এই সকলোবোৰৰ মাজতে বলীউডৰ ‘ৰোমাঞ্চ কিং’ শ্বাহৰুখ খানেও পত্নী গৌৰীৰ সৈতে উদিত নাৰায়ণৰ ‘মে ইয়াহা হু’ গীতত নৃত্য কৰা দেখা যায় ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে শ্বাহৰুখ খানৰ ছবি ‘বীৰ জাৰা’ৰ গীত ‘মে ইয়াহা হু’ । এই ছবিখনত শ্বাহৰুখ খানৰ লগত প্ৰীতি জিন্তা আৰু ৰাণী মুখাৰ্জীকো দেখা গৈছিল । এতিয়া এই গীতটিত শ্বাহৰুখ আৰু গৌৰী খানৰ নৃত্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

শ্বাহৰুখ আৰু গৌৰীৰ ৰোমান্টিক ডান্স

ভাইৰেল ক্লিপটোত দেখা গৈছে মঞ্চত ‘মে ইয়াহা হু’ গীতটি পৰিৱেশন কৰিছে উদিত নাৰায়ণে । আনহাতে মঞ্চৰ তলত শ্বাহৰুখ খানে পত্নী গৌৰীৰ সৈতে এই গীতটিত ৰোমান্টিক নৃত্য কৰিছে । এই সময়চোৱাত শ্বাহৰুখ খানে পৰিধান কৰিছিল বগা ৰঙৰ পাঠানী কুৰ্তা পায়জামা । আনহাতে, গৌৰী খানক নীলা ৰঙৰ লেহেংগা পৰিধান কৰা দেখা গৈছিল ৷ দুয়োকে বৰ মৰমলগা দেখা গৈছিল ।

শ্বাহৰুখ খান আৰু গৌৰী খানে এই গীতটোত বাহুত হাত থৈ ৰোমান্টিক নৃত্য কৰে । শ্বাহৰুখ আৰু গৌৰী খানৰ নৃত্যৰ এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ইফালে অনুৰাগীয়ে এই ভাইৰেল ভিডিঅ’টোক লৈ মন্তব্য প্ৰকাশ কৰিছে । শ্বাহৰুখক প্ৰায়ে অভিনেত্ৰীসকলৰ সৈতে ৰোমান্টিক নৃত্য কৰা দেখা যায় ৷ কিন্তু এতিয়া শ্বাহৰুখ খানক নিজৰ পত্নী গৌৰীৰ সৈতে ৰোমান্টিক নৃত্য কৰা দেখি অনুৰাগী আপ্লুত হৈ পৰিছে ৷

প্ৰি-ৱেডিং অনুষ্ঠান তিনিদিন চলিছে

উল্লেখ্য যে, অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান গুজৰাটৰ জামনগৰত তিনিদিন চলিছিল । ১ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত ভাৰত আৰু বিদেশৰ বহু বৃহৎ ব্যক্তিয়ে অংশগ্ৰহণ কৰে । মাৰ্ক জুকাৰবাৰ্গ, ৰিহানা, একন, ইভাংকা ট্ৰাম্পকে ধৰি বহু বিদেশী চেলিব্ৰিটিৰ লগতে বলীউডৰ তাৰকাসকলে এই অনুষ্ঠানৰ শোভা বঢ়ায় । কেৱল বলীউডেই নহয়, ক্ৰীড়া, ৰাজনীতি আৰু ব্যৱসায়িক জগতৰ বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টক আশীৰ্বাদ দিয়ে ।

লগতে পঢ়ক: অনন্ত আম্বানীৰ সৈতে ৰাহাৰ এই মৰমলগা ভিডিঅ’ই মন জয় কৰিব আপোনাৰো; চাওক সম্পূৰ্ণ ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.