ETV Bharat / entertainment

লণ্ডনত আৰম্ভ হ’ব 'কিং' ৰ দৃশ্যগ্ৰহণ: পিতৃ-কন্যাৰ যুটিক চাবলৈ অপেক্ষাৰত দৰ্শক - King Shooting In London

Shah rukh Khan-Suhana Khan in 'King': ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু তেওঁৰ কন্যা সুহানা খানক অচিৰেই একেলগে দেখা যাব ৰূপালী পৰ্দাত ৷ অচিৰেই লণ্ডনত আৰম্ভ হ’ব 'কিং'ৰ দৃশ্যগ্ৰহণ ৷

Shah rukh Khan- Suhana Khan in 'King'
লণ্ডনত আৰম্ভ হ’ব 'কিং' ৰ দৃশ্যগ্ৰহণ
author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 11:42 AM IST

চিটাৰা ডেস্ক, 25 এপ্ৰিল : কিং খান শ্বাহৰুখ খান তেওঁৰ কন্যা সুহানা খানৰ আহিবলগীয়া ছবিয়ে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে ৷ প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত একেলগে দেখা যাব পিতৃ-কন্যাৰ যুটিটোক । পিতৃ-কন্যাৰ যুটিটোৱে 'কিং' নামৰ আহিবলগীয়া ছবিখনত একেলগে কাম কৰিব ৷ ইতিমধ্য়ে তেওঁলোকে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিবলৈ পৰিকল্পনা আৰম্ভ কৰিছে ।

প্ৰাপ্ত তথ্য অনুসৰি, এই বছৰৰ জুন মাহৰ আৰম্ভণিতে কিং ছবিখনৰ বাবে 'কিং খান' আৰু তেওঁৰ কন্যা সুহানাই দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিব । দলটোৱে লণ্ডনত দৃশ্যগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ লণ্ডনত ছবিখনৰ কিছু আকৰ্ষণীয় এক্সন দৃশ্যৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, প্ৰডাকশ্যন দলটোৱে এই ছবিখনৰ বাবে অভিলাসী পৰিকল্পনা কৰিছে ৷ বিশেষকৈ ছবিখনত হাই-এক্সন দৃশ্যক লৈ পৰিকল্পনা কৰা হৈছে ৷ এই এক্সন দৃশ্য ছবিখনৰ অপৰিহাৰ্য অংগ ৷ জানিব পৰা অনুসৰি ছবিখনৰ কাম ইতিমধ্য়ে অব্যাহত আছে ৷ স্কাউটসকলে ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে স্থান বিচাৰি আছে ৷

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শ্বাহৰুখ খানক ছবিখনত ডনৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব । ছবিখনত কিছুমান ধূসৰ শ্বেড’ থাকিব । গৌৰী খান আৰু সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা "কিং" ছবিখন প্ৰযোজনা কৰা হৈছে । এই ছবিখনত প্ৰায় 200 কোটি টকাৰ অধিক ব্যয় হ'ব বুলি আশা কৰা হৈছে ।

এয়া 'কিং' শ্বাহৰুখ আৰু সুহানাৰ একেলগে প্ৰথম চলচ্চিত্ৰ প্ৰকল্প হ'ব । ইয়াৰ পূৰ্বে, কিং খানে তেওঁৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ান খানক দৰ্শকলৈ মাজলৈ লৈ আহিছিল । আৰিয়ানে 'ষ্টাৰডম' নামৰ তেওঁৰ প্ৰথম পৰিচালনা উদ্যোগত কাম কৰি আছে ৷

লগতে পঢ়ক: ৰাজনীতিত যোগদানক লৈ কি ক’লে ৰণদ্বীপ হুড্ডাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.