জ্যোতি চিত্ৰবনত সংযোজন হৈছে ছবি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বহুকেইটা নতুন প্ৰকল্প
ছবি নিৰ্মাতাসকলৰ বাবে এটা ভাল খবৰ ৷ জ্যোতি চিত্ৰবনত সংযোজন হৈছে ছবি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বহুকেইটা নতুন প্ৰকল্প ৷

By ETV Bharat Entertainment Team
Published : March 12, 2025 at 1:02 PM IST
গুৱাহাটী : এখন ছবি নিৰ্মাণৰ আঁৰত থাকে বহু কষ্ট ৷ ছবি এখনৰ কাহিনী লিখাৰ পৰা আৰম্ভ কৰি ছবিখন ছবিগৃহত মুক্তি দিয়ালৈকে যি এক দীঘলীয়া প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ বাবে ধনৰ লগতে প্ৰয়োজন হয় বিভিন্ন প্ৰযুক্তিৰ । বৰ্তমান যি সমূহ ছবি দৰ্শকৰ মাজলৈ এৰি দিয়া হৈছে, সেয়া লাগিলে বলীউডেই হওক বা স্থানীয় ভাষাত নিৰ্মাণ কৰা ছবিসমূহেই হওক, প্ৰতিখন ছবিতে দেখা যায় নতুনত্বৰ যাদু । বিশেষকৈ পোষ্ট প্ৰডাকশ্যনৰ যি সমূহ কাম সেয়া এখন ছবিৰ মূল প্ৰক্ৰিয়া বুলি উল্লেখ কৰিব পাৰি ।
পোষ্ট প্ৰডাকশ্যনৰ কাম যিমানেই নিয়াৰিকৈ কৰা হয়, সিমানেই ছবি এখনে দৰ্শকক আকৰ্ষণ কৰে । কিন্তু অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ তেন্তে অসমৰ প্ৰায়ভাগ ছবিকে পোষ্ট প্ৰডাকশ্যনৰ কামসমূহৰ বাবে বাহিৰলৈ পঠিওৱা দেখা যায় । পোষ্ট প্ৰডাকশ্যনৰ বাবে যেতিয়া এখন ছবি বাহিৰলৈ পঠিওৱা হয় তাৰ বাবে প্ৰয়োজন হয় বহু অৰ্থৰো । যাৰ বাবে বহু সময়ত বহু ছবিৰ কাম আধাতে সামৰাও পৰিলক্ষিত হয় ।
আনহাতে বৰ্তমান অসমীয়া ছবি উদ্যোগটোৰ কথা ক’বলৈ গ’লে ই পূৰ্বতকৈ ঠন ধৰি উঠিছে যেন অনুমান হয় ৷ এটা সময়ত বছৰটোত মুক্তি লাভ কৰা ছবিৰ সংখ্যা আছিল তেনেই তাকৰ, কিন্তু এতিয়া সেই সময় নাই । এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছে মুক্তি পোৱা ছবিৰ সংখ্যা । লগতে ছবি নিৰ্মাণৰ বাবে আগবাঢ়ি আহিছে নৱ-প্ৰজন্মৰ বহু পৰিচালক তথা প্ৰযোজক । সমান্তৰালভাৱে অসমত নতুনকৈ আৰম্ভ হৈছে ৱেব ছিৰিজৰ প্ৰক্ৰিয়া ।

ইয়াৰ মাজতে শুনিবলৈ পোৱা গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, যিটো খবৰে অসমৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক নিশ্চয়কৈ উৎসাহী কৰি তুলিব । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ফিল্ম ষ্টুডিঅ’ জ্যোতি চিত্ৰবনক লৈ নতুনকৈ হাতত হোৱা হৈছে কেইবাটাও নতুন প্ৰকল্প । জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ ইতিমধ্যে বহু কাম সম্পূৰ্ণ হৈ উঠিছে আৰু বহু কাম সম্পূৰ্ণ হ'বলৈ বাকী আছে । এখন ছবি নিৰ্মাণৰ বাবে যিসমূহ ব্যৱস্থাৰ প্ৰয়োজন তাৰ বাবে হাতত লোৱা হৈছে এইসমূহ নতুন প্ৰকল্প ।
এই সন্দৰ্ভত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে কয়, "এখন ছবিৰ পোষ্ট প্ৰডাকশ্যনৰ যিসমূহ কাম থাকে সেই কামসমূহৰ বাবে সম্পূৰ্ণ ব্যৱস্থা জ্যোতি চিত্ৰবনত আছে । ডি আই কালাৰ কাৰেকশ্যনৰ সম্পূৰ্ণ ব্যৱস্থা এতিয়া জ্যোতি চিত্রবনত আছে । লগতে 5.1 ছাউণ্ড ডিজাইনৰ ব্যৱস্থা, ডাবিঙৰ ব্যৱস্থা কৰা হৈছে । সমসাময়িকভাৱে এটা ক্ৰোমা ষ্টুডিঅ’ৰ কাম সম্পূৰ্ণ কৰা হৈছে । য’ত কেইবাটাও গীতৰ লগতে ছবিৰো দৃশ্যগ্ৰহণ ইতিমধ্যে কৰা হৈছে ।

জ্যোতি চিত্ৰবনত 3 কোটি টকাৰ ব্যয় সাপেক্ষে নতুনকৈ সংযোজন হ’ব এটা (এৰী)arri 35 অত্যাধুনিক কেমেৰা । যিটো পৰিচালক-প্ৰযোজকসকলৰ বাবে এটা ভাল খবৰ । "arri মিনি অৱশ্যে আমাৰ আছে । লগতে কেইবাটাও নতুন কাম কৰি থকা হৈছে জ্যোতি চিত্ৰবনত ।" এই ভাষ্য অধ্যক্ষৰ ৷
নিজৰ কাৰ্যকাল সন্দৰ্ভত বিদ্যাসাগৰে কয়, "মোৰ কাৰ্যকালত এটা পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে, লাইটৰ ব্যৱস্থা কৰা হৈছে । পূৰ্বে 5 বজাত জ্যোতি চিত্ৰবনত আন্ধাৰ হৈছিল, এতিয়া ডাঙৰ ডাঙৰ হাইমাস্ক লাইট জ্বলি থাকে । সমান্তৰালভাৱে 99 লাখ টকা ব্যয় সাপেক্ষে এটা 100 টা আসনযুক্ত প্ৰেক্ষাগৃহৰ লগতে স্ক্ৰীণিং হলৰ কাম চলি আছে । এমাহৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হ'ব । লগতে শীঘ্ৰেই জ্যোতি চিত্ৰবনত নিৰ্মাণৰ কাম আৰম্ভ হ'ব 54 কোটি টকাৰ ব্যয় সাপেক্ষে এটা 1000 আসনযুক্ত অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰেক্ষাগৃহৰ । ১৮ মাহৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হ'ব । জ্যোতি চিত্ৰবনত পৰিত্যক্ত অৱস্থাত থকা পার্কখনো নতুনকৈ নির্মাণ কৰা হৈছে ।"

জ্যোতি চিত্ৰবনত হাতত লোৱা নতুন এই প্ৰকল্পৰসমূহৰ পৰা যিসকল ছবি নিৰ্মাতা আছে তেওঁলোকে বহু পৰিমাণে উপকৃত হ’ব বুলি আশাবাদী অধ্যক্ষ বিদ্যাসাগৰ ।
লগতে পঢ়ক : কেনেদৰে নিৰ্মাণ হৈছিল অসম তথা উত্তৰ-পূবৰ একমাত্ৰ ফিল্ম ষ্টুডিঅ’টো

