ETV Bharat / entertainment

কেনেদৰে নিৰ্মাণ হৈছিল অসম তথা উত্তৰ-পূবৰ একমাত্ৰ ফিল্ম ষ্টুডিঅ’টো

‘চিত্ৰবন’ৰ সন্মুখত ‘জ্যোতি’ লিখাটো কাৰ চিন্তা আছিল ? জ্যোতি চিত্ৰবনত নিৰ্মাণ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল ?

How Jyoti Chitrabon was built the only film studio in Assam and the North East
জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : March 11, 2025 at 2:27 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ প্ৰথম আৰু বৰ্তমানলৈ একমাত্ৰ ফিল্ম ষ্টুডিঅ’টো হৈছে জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ ৷ ১৯৬১ চনত এই ষ্টুডিঅ’টো অসমীয়া ছবিৰ জনক জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতিত প্ৰতিষ্ঠা কৰা হৈছিল ।

আনহাতে ১৯৬৮ চনত আনুষ্ঠানিকভাৱে গুৱাহাটীৰ কাহিলীপাৰাত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ শুভাৰম্ভ কৰা হয় । দীৰ্ঘদিন ধৰি জ্যোতি চিত্ৰবনে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ মুখ্য কেন্দ্র হিচাপে কাম কৰি আহিছে । জ্যোতি চিত্ৰবনৰ বুকুৰ পৰা কেইবাগৰাকীও প্ৰতিভাবান পৰিচালক, অভিনেতা আৰু প্ৰযোজকে নিজৰ প্ৰতিভা বিকাশৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰত সুনাম অর্জন কৰাৰ সুযোগ পাইছে ।

একমাত্ৰ ফিল্ম ষ্টুডিঅ’টোৰ অধ্যক্ষৰ ভাষ্য (ETV Bharat Assam)

কেনেদৰে প্ৰতিষ্ঠা কৰা হৈছিল জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ ?

অসমীয়া ছবিজগতৰ পুৰোধা ব্যক্তি আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা । জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰচেষ্টাতে ১৯৩৫ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰ জৰিয়তে অসমৰ ছবি উদ্যোগৰ সূচনা হৈছিল । সেই সময়ত নাছিল আজিৰ দৰে উন্নত প্ৰযুক্তি । বহু ঘাট-প্ৰতিঘাট নেওচি নিৰ্মাণ কৰা জয়মতী ছবিখনৰ মূল শ্বুটিং ভোলাগুৰি চাহ-বাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা চিত্ৰবন ষ্টুডিঅ’ত কৰা হৈছিল ।

জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ ইতিহাস সন্দৰ্ভত বৰ্তমানৰ অধ্যক্ষ বিদ্যাসাগৰে কয়, “জ্যোতি চিত্ৰবন আচলতে গহপুৰত নিৰ্মাণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো সপোনৰ ষ্টুডিঅ’ 'চিত্ৰবন', তাৰ চিন্তাৰ আলমতে অসমৰ কেইবাগৰাকীও বৰণ্য ব্যক্তিৰ নেতৃত্বত স্থাপন কৰা হৈছিল । বিষ্ণু প্ৰসাদ ৰাভাৰ দিনত কেবাগৰাকী বৰণ্য ব্যক্তিয়ে বিধানসভাত এই প্ৰসংগটো উত্থাপন কৰিছিল । ১৯৬৯ চনত ইয়াৰ প্ৰথম আৰম্ভণি হৈছিল আৰু ১৯৭৩ চনত জ্যোতি চিত্ৰবন চৰকাৰী ছ'চাইটি হিচাপে গঠন কৰা হয় । জ্যোতি চিত্ৰবনৰ প্ৰথম গৰাকী অধ্যক্ষ আছিল বিজয় কৃষ্ণ সন্দিকৈ ।”

How Jyoti Chitrabon was built the only film studio in Assam and the North East
অসম তথা উত্তৰ-পূবৰ একমাত্ৰ ফিল্ম ষ্টুডিঅ’টো (Photo : ETV Bharat Assam)

১৯৬৮ চনৰ ১৭ জানুৱাৰীত প্ৰকাশিত এখন ইংৰাজী বাতৰি কাকতত উল্লেখ থকা অনুসৰি, “অসম চৰকাৰে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত অসমত চলচ্চিত্ৰ উদ্যোগক উৎসাহিত কৰিবলৈ এই চলচ্চিত্ৰ ষ্টুডিঅ’ স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল । এই ষ্টুডিঅ’ স্থাপনৰ মূল উদ্দেশ্য হৈছে বেচৰকাৰী চলচ্চিত্ৰ প্ৰযোজকসকলক কম ব্যয়ত অসমীয়া তথা দেশীয় চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰা । লগতে আশা কৰা হৈছে যে, এই ষ্টুডিঅ’য়ে অসমৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ সক্ষম হ'ব । এই ষ্টুডিঅ’য়ে NEFA, অৰ্থাৎ নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ দৰে অঞ্চলসমূহৰ চলচ্চিত্ৰ প্ৰযোজকসকলক সুলভ মূল্যত সুবিধা প্ৰদান কৰিব ।'

উল্লেখনীয় যে, এই সমগ্ৰ প্ৰকল্পটো প্ৰায় ১৫ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল ।

‘চিত্ৰবন’ ৰ সন্মুখত ‘জ্যোতি’ শব্দটো লিখিবলৈ কোনে উল্লেখ কৰিছিল ?

এই সন্দৰ্ভত বিদ্যাসাগৰে কয়, “চিত্ৰবনৰ আগত জ্যোতি শব্দটো লিখিবলৈ সমিতিলৈ ভূপেন হাজৰিকাদেৱে এখন পত্ৰ প্ৰেৰণ কৰিছিল । চিত্ৰবন জ্যোতি ককাইদেউৰ সপোনৰ ষ্টুডিঅ’ আছিল ৷ লগতে অসমীয়া ছবিক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিল্পীগৰাকীৰ যিটো সপোন, সেই সপোনটো যাতে সদায় জিলিকি থাকে সেই অৰ্থে চিত্ৰবনৰ আগত জ্যোতি শব্দটো লিখিবলৈ আহ্বান কৰিছিল ভূপেন হাজৰিকাই । ভূপেন হাজৰিকাদেৱৰ আগ্ৰহ মৰ্মে চিত্ৰবনৰ আগত জ্যোতি শব্দটো লগাই জ্যোতি চিত্ৰবন নামেৰে নামাকৰণ কৰা হয় ।”

How Jyoti Chitrabon was built the only film studio in Assam and the North East
জ্যোতি প্ৰসাদ আগৰৱালাৰ মূৰ্তি (Photo : ETV Bharat Assam)

জ্যোতি চিত্ৰবনত নিৰ্মাণ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল ?

১৯৬৮ চনত অসমৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ সন্তান তথা দেৱদাস ছবিৰ নিৰ্মাতা প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ নামেৰে এখন ফ্ল’ৰেৰে ষ্টুডিঅ’টো কাৰ্যক্ষম কৰা হৈছিল । পোনপ্ৰথমবাৰৰ বাবে এই ফিল্ম ষ্টুডিঅ’ত শ্বুটিং কৰা হৈছিল নিপ বৰুৱাৰ 'ভদৰী' শীৰ্ষক চুটিছবিখন । আনহাতে ১৯৭২ চনত মুক্তি পোৱা বিভ্ৰাট ছবিৰ গীত ৰেকৰ্ডিং কৰা হৈছিল জ্যোতি চিত্ৰবনত । আটাইকেইটা গীত জ্যোতি চিত্ৰবনত ৰেকৰ্ডিং কৰা এইখনেই আছিল প্ৰথম অসমীয়া ছবি ।

জ্যোতি চিত্ৰবনৰ সন্দৰ্ভত কিছু কথা

অসমৰ প্ৰথম আৰু বৰ্তমানলৈ একমাত্ৰ ফিল্ম ষ্টুডিঅ’ জ্যোতি চিত্ৰবনৰ মুঠ মাটি কালি ৭০ বিঘা । ইয়াত বিভিন্ন ছেট বনাব পৰাকৈ শ্বুটিং ফ্ল’ৰ, বাতানুকুল প্ৰেক্ষাগৃহ, মোবাইল জেনেৰেটৰ ভেন, অ’ডিঅ’ ৰেকৰ্ডিং আৰু মিক্সিং ষ্টুডিঅ’, কেমেৰা আৰু সম্পাদনা কৰিব পৰা যন্ত্ৰপাতিৰে সু-সজ্জিত ভিডিঅ’ বিভাগৰ লগতে আউটড’ৰ শ্বুটিঙৰ ব্যৱস্থা আছে । ১৯৮০-৯০ চনৰ পৰাই ইয়াত নতুন সুবিধাৰ সংযোজন আৰম্ভ হয় । বৰ্তমান জ্যোতিচিত্রবনত ডিজিটেল সম্পাদনা, আধুনিক ডাবিং ছিষ্টেম আৰু ষ্টুডিঅ’ ৰেকৰ্ডিং সুবিধা উপলব্ধ ।

লগতে পঢ়ক : জয়মতীৰ ৯০ বছৰ: আজিও অৱহেলিত অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ