ETV Bharat / entertainment

কেতিয়া, কোনটো প্লেটফৰ্মত ছেম বাহাদুৰ মুক্তি পাব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 10:41 AM IST

Sam Bahadur OTT Release Date Out: বিকি কৌশলৰ বলিষ্ঠ অভিনয়েৰে সজ্জিত ছবি ‘ছেম বাহাদুৰ’ চালে নে ? যদি ছবিগৃহত এই ছবিখন চোৱা নাই তেন্তে এতিয়া ঘৰতে বহি উপভোগ কৰিব পাৰিব ৷ ছবিখন কেতিয়া আৰু কোনটো প্লেটফৰ্মত মুক্তি পাব জানি লওক এই প্ৰতিবেদনত ৷

Sam Bahadur movie OTT release date announced, Find out where and when you can watch it
ছেম বাহাদুৰ অ’টিটি মুক্তিৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, ২৩ জানুৱাৰী: ২০২৩ চনৰ ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল বিকি কৌশল অভিনীত ছবি ‘ছেম বাহাদুৰ’ ৷ ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন আগবঢ়াইছিল । এইখিনিতে ক’ব লাগিব যে ছবিখনে ৰণবীৰ কাপুৰৰ ব্লকবাষ্টাৰ ছবি এনিমেলৰ সৈতে বক্স অফিচত প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ কিন্তু ইমানৰ পিচতো ‘ছেম বাহাদুৰে’এ বক্স অফিচত ভাল সংগ্ৰহ লাভ কৰিছিল । অৱশ্যে সেই সময়ত যদি আপুনি বিকি কৌশলৰ বলিষ্ঠ অভিনয়ৰ ছবিখন চিনেমাগৃহত চাব পৰা নাই, তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ ৷ আচলতে এই ছবিখন OTT ত মুক্তিৰ তাৰিখ চমু চাপি আহিছে । গতিকে জানো আহক ছবিখন কেতিয়া আৰু কোনটো প্লেটফৰ্মত মুক্তি পাব ।

অ'টিটিত কেতিয়া আৰু ক’ত মুক্তি পাব ছেম বাহাদুৰ ?

মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত ‘ছেম বাহাদুৰ’ দেশৰ প্ৰথম ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ জীৱনৰ আধাৰত নিৰ্মিত । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিকি কৌশলে । ছবিগৃহত মুক্তি পোৱাৰ পিচত এতিয়া অ’টিটিত মুক্তিৰ বাবে সাজু হৈছে ছবিখন । উল্লেখ্য যে, এই ছবিখন OTT প্লেটফৰ্ম Zee5 ত মুক্তি দিয়া হ’ব ।

এক্স একাউণ্টত ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি Zee5 প্লেটফৰ্মে লিখিছে, “এজন দূৰদৰ্শী নেতা, এজন কিংবদন্তি আৰু এজন প্ৰকৃত নায়ক – ছেম আপোনাৰ পৰ্দাত শাসন কৰিবলৈ সকলো সাজু ! ছেম বাহাদুৰৰ প্ৰিমিয়াৰ হ’ব ২৬ জানুৱাৰীত #ZEE5 ত ।’’ অৰ্থাৎ গণৰাজ্য দিৱস উপলক্ষে এই ছবিখনে অ’টিটিত উপভোগ কৰিব পাৰিব ।

ছেম বাহাদুৰ প্ৰথম ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ কাহিনী

‘ছেম বাহাদুৰ’ত ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ উজ্জ্বল কেৰিয়াৰ আৰু যাত্ৰাৰ উত্থান-পতনৰ কাহিনী দেখুওৱা হৈছে । এজন প্ৰকৃত নায়কৰ অদম্য মনোভাৱক 'ছেম বাহাদুৰ'ৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে।

বক্স অফিচত কিমান উপাৰ্জন কৰিছিল ছেম বাহাদুৰে ?

ছেম বাহাদুৰে বক্স অফিচত দৰ্শকৰ পৰা অতি ভাল সঁহাৰি লাভ কৰিছিল । ছবিখনে ঘৰুৱা বজাৰত ৯৩ কোটিৰো অধিক ধন উপাৰ্জন কৰিছিল । আনহাতে বিশ্বব্যাপী উপাৰ্জন কৰিছিল ১০০ কোটিতকৈও অধিক টকা।

লগতে পঢ়ক: ভক্ষকৰ দৃষ্টি পৰিল কণ-কণ ছোৱালীৰ ওপৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.