ETV Bharat / entertainment

অস্ত্ৰোপচাৰৰ পিচত চিকিৎসালয়ৰ পৰা উভতিল ছৈফ আলী খান

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 4:44 PM IST

Saif Ali Khan Health Update: সোমবাৰে মুম্বাইৰ এখন চিকিৎসালয়ত ছৈফ আলী খানৰ ট্ৰাইচেপ অস্ত্ৰোপচাৰ কৰা হৈছিল । অস্ত্ৰোপচাৰৰ পিচত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে উপস্থিত হয় অভিনেতাগৰাকী । এই সময়ছোৱাত অভিনেতাগৰাকীক পত্নী কৰীণাৰ সৈতে দেখা গৈছিল ।

Saif Ali Khan discharged from hospital, returns home with Kareena after tricep surgery - watch
চিকিৎসালয়ৰ পৰা উভতিল ছৈফ আলী খান

চিটাৰা ডেস্ক, ২৩ জানুৱাৰী: শেহতীয়াকৈ বলীউডৰ অভিনেতা ছৈফ আলী খান মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি হৈ আছিল । সোমবাৰে অভিনেতাজনৰ ট্ৰাইচেপ অস্ত্ৰোপচাৰ কৰা হৈছিল । আচলতে ৫৩ বছৰীয়া অভিনেতাগৰাকীয়ে তেওঁৰ আগন্তুক ছবি ‘দেৱৰা’ৰ একশ্যন দৃশ্যৰ শ্বুটিং কৰি থকাৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল । যাৰ বাবে সোমবাৰে (২২ জানুৱাৰী) ছৈফৰ অস্ত্ৰোপচাৰ কৰা হয় । ছৈফ আলী খানৰ ট্ৰাইচেপ অস্ত্ৰোপচাৰৰ পিচত মঙলবাৰে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা দিয়ে অভিনেতাগৰাকী । এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেতাজনৰ ভিডিঅ’ ।

উল্লেখ্য যে, অস্ত্ৰোপচাৰৰ পিচত ছৈফ আলী খানক একেবাৰে সুস্থ যেন দেখা পোৱা গৈছে । যদিও ছৈফৰ হাতত বেণ্ডেজ লগোৱা পৰিলক্ষিত হৈছে ৷ তেওঁৰ লগত পত্নী কৰীণা কাপুৰ খানো আছিল । এই সময়চোৱাত ছৈফে পৰিধান কৰিছিল হাফ ক’লা টি-চাৰ্ট আৰু ডেনিম জিন্স । কৰীণা কাপুৰক দেখা গৈছিল ক’লা লেগিংছৰ সৈতে চেকযুক্ত চাৰ্টত ।

ছৈফে শ্বেয়াৰ কৰিছিল স্বাস্থ্যৰ আপডেট

ইয়াৰ পূৰ্বে অভিনেতাগৰাকীয়ে নিজৰ আঘাতৰ বিষয়ে মুকলিকৈ কথা পাতিছিল আৰু লগতে অনুৰাগীক তেওঁলোকৰ শুভকামনাৰ ধন্যবাদ জনাইছিল । শেহতীয়া এটা সাক্ষাৎকাৰত ছৈফে তেওঁৰ স্বাস্থ্যৰ বিষয়ে এটা আপডেট দিছিল । ছৈফে কৈছিল যে ‘দেৱৰা’ৰ বাবে একশ্যন ছিকুৱেন্সৰ শ্বুটিং কৰি থাকোঁতে বেয়াকৈ আঘাত পোৱাৰ বাবে তেওঁৰ ট্ৰাইচেপত অসহ্যকৰ বিষ হৈছিল ।

অভিনেতাজনে কয়, "মই ভাবিছিলো যে সকলো ঠিকেই আছে । তাৰ পিচত মই ব্যায়াম কৰি আছিলো আৰু তেতিয়াই হঠাৎ বিষ বাঢ়ি গ’ল । যদি মই ওজন থকা কাম কৰো, তেন্তে বিষ বাঢ়ি যায় । গতিকে এম আৰ আই কৰাটোৱেই উত্তম বুলি ভাবিলো । কাৰণ মই যেতিয়া পৰিয়ালৰ সৈতে নৱবৰ্ষৰ পালন কৰি আছিলো তেতিয়াও মোৰ বিষ আৰু বাঢ়ি গৈছিল । তাৰ পিচত গ’ম পালো বাহুৰ পিছফালে থকা পেশীটো অতি বেয়াকৈ ফাটি গৈছে, যিকোনো মুহূৰ্ততে ছিন্নভিন্ন হ’ব পৰা ৰবৰৰ বেণ্ডৰ দৰে ঠাইত কষ্টৰে ধৰি ৰখা হৈছে ।"

ছৈফে তেওঁৰ অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াৰ কথাও কৈছিল । ছৈফে কৈছিল, ‘‘দেৱৰাৰ টকী পাৰ্ট আৰু আন কিছুমান প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ পিচত মই অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লৈছিলো ।’’ তেওঁ কয় যে অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াৰ সময়তে চিকিৎসকে উপলব্ধি কৰিছিল যে পৰিস্থিতি যথেষ্ট বেয়া । তাৰ পিচত চিকিৎসকে অস্ত্ৰোপচাৰ কৰিছিল ।

লগতে পঢ়ক: হঠাৎ কি হ’ল ছৈফ আলী খানৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.