ETV Bharat / entertainment

হঠাৎ কি হ’ল ছৈফ আলী খানৰ ?

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 2:50 PM IST

Saif Ali Khan Hospitalized : চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অভিনেতা ছৈফ আলী খানক । আঁঠু আৰু কান্ধত আঘাতপ্ৰাপ্ত হৈ বৰ্তমান কোকিলাবেন হাস্পতালত ভৰ্তি হৈ আছে অভিনেতাগৰাকী ।

Saif Ali Khan admitted in Kokilaben Hospital
আহত ছৈফ আলী খান

চিটাৰা ডেস্ক, ২২ জানুৱাৰী: বলীউডৰ প্ৰবীণ অভিনেতা ছৈফ আলী খান সন্দৰ্ভত এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে । জানিব পৰা মতে অভিনেতাগৰাকীক আজি পুৱাই মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হৈছে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি আঁঠু আৰু কান্ধত আঘাতপ্ৰাপ্ত হৈছে অভিনেতাগৰাকী । কোৱা হৈছে যে তেওঁৰ আঁঠুৰ অস্ত্ৰোপচাৰ কৰা হৈছে । অৱশ্যে ছৈফ কেনেকৈ আঘাতপ্ৰাপ্ত হ’ল সেই সম্পৰ্কে এতিয়াও কোনো তথ্য লাভ কৰা হোৱা নাই । ছৈফৰ সৈতে চিকিৎসালয়ত উপস্থিত আছে তেওঁৰ অভিনেত্ৰী পত্নী কৰীণা কাপুৰ খান ।

উল্লেখ্য যে, বৰ্তমান ছৈফ আলী খানে দক্ষিণৰ ছবি দেৱৰাত কাম কৰি আছে । এই ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব জুনিয়ৰ এন টি আৰক । ছবিখনত লগতে দেখা যাব জাহ্নৱী কাপুৰক । ছবিখনত প্ৰচণ্ড একশ্যন দৃশ্যও দেখা যাব । এতিয়া ছবিখনৰ শ্বুটিঙৰ সময়ত ছৈফ আলী খান আঘাতপ্ৰাপ্ত হৈছে নে অন্য কোনো কাৰণত আহত হৈছে সেই কথা এতিয়াও প্ৰকাশ পোৱা নাই ।

এই পৰ্যন্ত কোনো বিবৃতি প্ৰকাশ কৰা নাই চিকিৎসালয়খনে

ছৈফ আলী খানৰ অস্ত্ৰোপচাৰ সন্দৰ্ভত এতিয়ালৈকে কোকিলাবেন হাস্পতালৰ পৰা কোনো বিবৃতি দিয়া হোৱা নাই । নতুবা ছৈফ আলী খান আৰু কৰীণা কাপুৰেও নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ছৈফৰ আঘাতৰ বিষয়ে কোনো আপডেট দিয়া নাই ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শ্বুটিঙৰ সময়ত ছৈফ আলী খান কেইবাবাৰো আঘাতপ্ৰাপ্ত হৈছিল । ২০১৬ চনত ‘ৰেংগুন’ ছবিৰ শ্বুটিঙৰ সময়ত ছৈফ আলী খানে বুঢ়া আঙুলিত আঘাত পাইছিল, তাৰ পিচত তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল । ইয়াৰ পূৰ্বে ‘ক্যা কেহনা’ৰ একশ্যন দৃশ্যৰ শ্বুটিঙৰ সময়ত ছৈফ গুৰুতৰভাৱে আহত হৈছিল । বাইকত ষ্টাণ্টৰ সময়ত পিচলি পৰি ছৈফে মূৰত আঘাত পাইছিল । ইয়াৰ পিচত তেওঁ কেইবাদিনো চিকিৎসালয়ত ভৰ্তি হৈ থাকিব লগা হৈছিল ।

লগতে পঢ়ক: সন্তানৰ সফলতাত কোনগৰাকী মাতৃৰ হৃদয় ভৰি নপৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.