ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ প্ৰি ৱেডিং; ৰিহানাৰ সংগীত অনুষ্ঠানে আপ্লুত কৰিলে সকলোকে

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 10:45 AM IST

Anant Radhika Pre Wedding: আম্বানী পৰিয়ালৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান আৰম্ভ হৈছে । প্ৰি-ৱেডিং উপলক্ষে জামনগৰত দেখা গৈছে তাৰকাৰ সমাৱেশ । এই অনুষ্ঠানত বহু ডাঙৰ ডাঙৰ তাৰকায়ো অংশগ্ৰহণ কৰিছে । যোৱা সন্ধিয়া অনন্ত আৰু ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত নৃত্য আৰু গীতেৰে সকলোকে আমোদ দিয়ে আমেৰিকান-বাৰ্বাডিয়ান পপ গায়িকা ৰিহানাই ।

Rihanna Jazzes up Anant-Radhika's Pre-wedding Festivities with Dazzling Performance - Watch
অনন্ত-ৰাধিকাৰ প্ৰি ৱেডিঙত পপ গায়িকা ৰিহানাৰ গীত পৰিৱেশন

চিটাৰা ডেস্ক, ২ মাৰ্চ: সম্প্ৰতি বাতৰিৰ শিৰোনাম দখল কৰিছে আম্বানী পৰিয়ালৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানে ৷ শুকুৰবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হৈছে প্ৰি-ৱেডিং অনুষ্ঠান । এতিয়া প্ৰি-ৱেডিং অনুষ্ঠানৰ পৰা ভাইৰেল হৈ পৰিছে বহুতো ভিডিঅ’ ৷ দীপিকা-ৰণবীৰৰ পৰা শ্বাহৰুখ খান-ছৈফ আলী খানলৈকে যোৱা সন্ধিয়া জামনগৰত দেখা গ’ল তাৰকাৰ সমাৱেশ । কিন্তু অনন্ত আৰু ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত আটাইতকৈ বেছি লাইমলাইট দখল কৰিছে আমেৰিকান-বাৰ্বাডিয়ান পপ গায়িকা ৰিহানাই ।

ৰিহানা ভাৰতলৈ অহাৰ পিচৰে পৰা ধাৰাবাহিকভাৱে লাইমলাইটত আছে । প্ৰথমবাৰৰ বাবে ভাৰতত তেওঁক দেখি অনুৰাগীসকল অতিশয় আনন্দিত হৈ পৰিছিল । শুকুৰবাৰে তেওঁ প্ৰি-ৱেডিং অনুষ্ঠানত গীত পৰিৱেশন কৰে ৷ অনন্ত আৰু ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত ৰিহানাই নিজৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে উপস্থিত সকলোকে নাচিবলৈ বাধ্য কৰায় । অনুষ্ঠানত অংশগ্ৰহণ কৰা তাৰকাসকলেও ৰিহানাৰ গীত উপভোগ কৰা দেখা গৈছিল । এতিয়া ৰিহানাৰ পাৰফমেন্সৰ বহু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে যে ৰিহানাই সেউজীয়া ৰঙৰ সাজ-পোছাক পৰিধান কৰি নিজৰ নৃত্য আৰু গীতেৰে সকলোকে আপ্লত কৰে ৷ আনকি সমগ্ৰ আম্বানী পৰিয়ালেও ৰিহানাৰ সৈতে নৃত্য কৰা দেখা যায় । বিশেষকৈ আম্বানী পৰিয়ালৰ হ’বলগীয়া বোৱাৰী ৰাধিকা মাৰ্চেণ্টৰ সুখ স্পষ্টকৈ দেখা যায় । একে সময়তে নীতা আৰু মুকেশ আম্বানীৰ লগতে গোটেই পৰিয়ালটোৱে মঞ্চত ৰিহানাৰ সৈতে এই সময়চোৱা উপভোগ কৰে ।

উল্লেখ্য যে, ৰিহানা আৰু তেওঁৰ দলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছিল । বিমানবন্দৰত যেতিয়া ৰিহানাৰ লাগেজ দেখা গৈছিল, সকলোৱে স্তম্ভিত হৈ পৰিছিল । বেগবোৰৰ উপৰিও পপ গায়িকাগৰাকীয়ে লগত লৈ আহিছিল ১০ ফুটতকৈও অধিক উচ্চতাৰ বাকচ থকা চাৰিখন ডাঙৰ ট্ৰ’লী । অনন্ত আৰু ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে ৰিহানাই কোটি কোটি টকাৰ পাৰিশ্ৰমিক লৈছিল ।

লগতে পঢ়ক: অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিঙত তাৰকাৰ বাবে কেনেকুৱা ব্যৱস্থা কৰা হৈছে ? ছাইনা নেহৱালে দেখুৱালে ইয়াৰ আভাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.