ETV Bharat / entertainment

ৰশ্মিকা মন্দান্নাৰ শীৰ্ষ ছবিৰ তালিকাত নাই এনিমেল - Rashmika Mandanna Birthday

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 11:09 AM IST

Rashmika Mandanna Birthday
ৰশ্মিকা মন্দান্না

Rashmika Mandanna Birthday: প্ৰতিভাশালী আৰু বহুমুখী প্ৰতিভাৰ অভিনেত্ৰী ৰশ্মিকা মন্দন্নাই তেওঁৰ আকৰ্ষণীয় অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । আজি শুকুৰবাৰে অভিনেত্ৰীগৰাকীয়ে 28 সংখ্যক জন্মদিন উদযাপন কৰিছে ৷ জন্মদিনৰ এই বিশেষ দিনটোত আইএমডিবি ৰেটেড অভিনেত্ৰীগৰাকীৰ শীৰ্ষ 10 খন চলচ্চিত্ৰৰ বিষয়ে জানো আহক-

চিটাৰা ডেস্ক, 5 এপ্ৰিল : কেৰিয়াৰৰ আৰম্ভণিৰ পৰা ৰশ্মিকা মন্দন্নাই বৰ্তমানলৈকে যেনেদৰে নিজকে ৰূপালী পৰ্দাত উপস্থাপন কৰি আহিছে, আজিকালিৰ দিনত ৰশ্মিকা এগৰাকী ম’ষ্ট ৱাণ্টেড অভিনেত্ৰী বুলি ক’লেও মিছা কোৱা নহ’ব ৷ 2016 চনত চিনেমাৰ জগতত পদাৰ্পণ কৰাৰ পৰা দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰশ্মিকা ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰশ্মিকাই ২০১৬ চনত কিৰিক পাৰ্টি ছবিখনৰ জৰিয়তে কানাড়া চলচ্চিত্ৰত জগতত আত্মপ্ৰকাশ কৰে । অভিনয়ৰ বাবে ইতিবাচক পৰ্যালোচনা লাভ কৰিছিল তেওঁ আৰু ইয়ে তেওঁৰ ছবি উদ্যোগত ভৱিষ্যতৰ বাবে পথ প্ৰশস্ত কৰিছিল । তেতিয়াৰ পৰা তেওঁ তামিল আৰু তেলুগু দুয়োটা উদ্যোগতে ধাৰাবাহিকভাৱে উৎকৃষ্ট প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰি আছে ৰশ্মিকাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

অভিনেত্ৰীগৰাকীয়ে কেৱল সুন্দৰ চেহেৰা আৰু নৃত্যৰ দ্বাৰাই নহয়, Dear Comrade আৰু Geetha Govindam ৰ দৰে চলচ্চিত্ৰত বাস্তৱবাদী চৰিত্ৰত অভিনয় কৰি নিজকে প্ৰতিষ্ঠা কৰিছিল ৷ যিয়ে কেৱল সমালোচকৰ পৰাই নহয়, দৰ্শকৰ পৰাও প্ৰশংসা লাভ কৰিছিল । এই চলচ্চিত্ৰসমূহে ৰশ্মিকাক দিছিল খ্যাতি ৷ এগৰাকী দৃঢ় মহিলাৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰীলৈকে যিকোনো ধৰণৰ চৰিত্ৰই সহজে ৰূপায়ন কৰি পৰা এইগৰাকী অভিনেত্ৰী কেতিয়াও থমকি ৰ’বলগীয়া হোৱা নাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আজি তেওঁৰ জন্মদিনত, অভিনেত্ৰীগৰাকীৰ শীৰ্ষ দহখন আইএমডিবি উচ্চ মূল্যাঙ্কন প্ৰাপ্ত চলচ্চিত্ৰৰ সৈতে তেওঁৰ কেৰিয়াৰৰ গতিপথ চাওঁ আহক-

1. কিৰিক পাৰ্টি (2016) - আইএমডিবি ৰেটিং: 8.2

ৰশ্মিকাৰ প্ৰথম ছবি কিৰিক পাৰ্টি বক্স অফিচত সফল হৈছিল আৰু ইয়াৰ আকৰ্ষণীয় প্লট আৰু আকৰ্ষণীয় চৰিত্ৰসমূহৰ বাবে সমালোচকসকলৰ পৰা প্ৰশংসা লাভ কৰিছিল । 10,000 তকৈও অধিক আইএমডিবি ভোটৰ সৈতে, এই চলচ্চিত্ৰখনে ছবি উদ্যোগত ৰশ্মিকাৰ কেৰিয়াৰৰ বাট প্ৰশস্ত কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

2. গীতা গোবিন্দম (2018) - আইএমডিবি ৰেটিং: 7.7

বিজয় দেৱেৰাকোণ্ডাৰ সৈতে ৰশ্মিকাই অভিনয় কৰা এই ৰোমান্টিক কমেডী ছবিখনে মনোমোহা কাহিনী আৰু আকৰ্ষণীয় অভিনয়ৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে । আইএমডিবিত ১৬ হাজাৰৰো অধিক ভোটে গীতা গোবিন্দমৰ জনপ্ৰিয়তা অব্যাহত ৰাখিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

3. চামাক (2017) - আইএমডিবি ৰেটিং: 7.5

সতেজ কাহিনীৰ বাবে প্ৰশংসা লাভ কৰা এই ৰোমান্টিক কমেডীখনত অভিনেতা গণেশৰ সৈতে অভিনয় কৰিছিল ৰশ্মিকাই । আইএমডিবিত ১২০০ৰো অধিক ভোট লাভ কৰা Chamak ছবিখনে অভিনেত্ৰী হিচাপে ৰশ্মিকাৰ দক্ষতা ফুটাই তুলিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

4. ডিয়েৰ কমৰেড (2019) - আইএমডিবি ৰেটিং: 7.3

এখন আৱেগিক ৰোমাণ্টি ছবি য’ত বিজয় দেৱেৰাকোণ্ডাৰ সৈতে ৰশ্মিকাৰ অভিনয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ ডিয়েৰ কমৰেড হৈছে তেওঁৰ অন্যতম ছবি, যিখন ছবিয়ে আইএমডিবিত 11,000 তকৈও অধিক ভোট লাভ কৰিছে ।

5. চাৰিলেৰু নীকেভভাৰু (2020) - আইএমডিবি ৰেটিং: 6.9

মহেশ বাবুৰ সৈতে একশ্যন ভৰ্তি এই ব্লকবাষ্টাৰ ছবিখনত ৰশ্মিকাই দৰ্শক আৰু সমালোচকক আপ্লুত কৰিবলৈ সক্ষম হৈছিল । আইএমডিবিত 6,000 তকৈও অধিক ভোট লাভ কৰা চাৰিলেৰু নীকেভভাৰু, অভিনেত্ৰী হিচাপে ৰশ্মিকাৰ পৰিসৰৰ এক প্ৰমাণ বুলি ক’ব পাৰি ।

  • " class="align-text-top noRightClick twitterSection" data="">

6. অঞ্জনী পুত্ৰ (2017) - আইএমডিবি ৰেটিং: 6.8

এই কানাড়া একশ্যন নাটকখনত এগৰাকী উগ্ৰ যুৱতীক চিত্ৰিত কৰাৰ বাবে ৰশ্মিকাই সমালোচক আৰু দৰ্শক উভয়ৰে পৰা প্ৰশংসা লাভ কৰে । আইএমডিবিত ১৫০০ৰো অধিক ভোট লাভ কৰা অঞ্জনী পুত্ৰ ৰশ্মিকাৰ ফিল্ম’গ্ৰাফীত এক উল্লেখযোগ্য সংযোজন ।

7. ভীষ্ম (2020) - আইএমডিবি ৰেটিং: 6.6

  • " class="align-text-top noRightClick twitterSection" data="">

নিথিইনৰ সৈতে ৰশ্মিকাৰ কেমিষ্ট্ৰী আৰু স্বাধীনতাৰ শক্তিশালী অনুভূতি থকা ছোৱালী এজনীৰ বিশ্বাসযোগ্য চৰিত্ৰ ৰূপায়নৰ বাবে এই ৰোমান্টিক কমেডীখন আংশিকভাৱে সফল হৈছিল ৷ আইএমডিবিত ২৫০০ৰো অধিক ভোট লাভ কৰা ভীষ্মই দৰ্শকৰ মাজত ৰশ্মিকাৰ জনপ্ৰিয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

8. দেৱদাস (2018) - আইএমডিবি ৰেটিং: 6.6

নানী আৰু নাগাৰ্জুনৰ সৈতে এই ৰোমাঞ্চকৰ ছবিখনত ৰশ্মিকাই এগৰাকী চিকিৎসক হিচাপে সকলোৰে মন সাঁচ বহুৱাই । আইএমডিবিত ২,০০০ তকৈও অধিক ভোট লাভ কৰা দেৱদাসে অভিনেত্ৰী হিচাপে ৰশ্মিকাৰ পৰিসৰৰ ওপৰত আলোকপাত কৰে ।

9. পোগাৰু (2021) - আইএমডিবি ৰেটিং: 6.4

এই কানাড়া একশ্যন থ্ৰিলাৰখনত ৰশ্মিকাই এক উগ্ৰ চৰিত্ৰৰ চিত্ৰণ কৰাৰ বাবে অনুৰাগীসকলে প্ৰশংসা কৰে । আইএমডিবিত ১০০০ৰো অধিক ভোট লাভ কৰা পোগাৰুৱে বিভিন্ন ভূমিকাত ৰশ্মিকাৰ বহুমুখী প্ৰতিভা প্ৰদৰ্শন কৰিছে ।

10. যজামান (2019) - আইএমডিবি ৰেটিং: 6.4

ৰশ্মিকাৰ উপস্থিতিয়ে অধিক আকৰ্ষণীয় কৰি তোলা এই কানাড়া একশ্যন ছবিখনত দৰ্শনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । আইএমডিবিত ১২০০ ৰো অধিক ভোট লাভ কৰিছে Yajamana ছবিখনে ৷

লগতে পঢ়ক : গৌৰৱান্বিত ভাৰতবাসী : দ্য একাডেমীৰ পোষ্টত দীপিকা পাডুকন, কিন্তু কিয় ? - The Academy Instagram

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.