নাম সলনি হ’ল ৰাজকুমাৰ ৰাওৰ আগন্তুক ছবিৰ - Rajkummar Rao movie Srikanth
Rajkummar Rao FIRST Look From Srikanth : বিখ্যাত উদ্যোগপতি শ্ৰীকান্ত বোল্লাৰ জীৱনীমূলক ছবিৰ পৰা ৰাজকুমাৰ ৰাওৰ প্ৰথম ৰূপটো প্ৰকাশ পাইছে ।

Published : April 5, 2024 at 8:46 PM IST
চিটাৰা ডেস্ক, 5 এপ্ৰিল : ৰাজকুমাৰ ৰাওৰ পৰৱৰ্তী ছবি হৈছে বিখ্যাত উদ্যোগপতি শ্ৰীকান্ত বল্লাৰ জীৱনীমূলক ছবি শ্ৰীকান্ত । ছবিখনৰ নাম 'শ্ৰী'ৰ পৰা 'শ্ৰীকান্ত'লৈ সলনি কৰা হৈছে । শেহতীয়াকৈ ছবিখনৰ নাম সলনি কৰি মুক্তিৰ তাৰিখো ঘোষণা কৰা হয় । এতিয়া প্ৰকাশ হৈছে বায়’পিক ‘শ্ৰীকান্ত’ৰ অভিনেতা ৰাজকুমাৰ ৰাওৰ ফাৰ্ষ্ট লুক । ‘শ্ৰীকান্ত’ত ৰাজকমাৰ ৰাওৰ লুকটো যথেষ্ট উৎফুল্লিত যেন দেখা গৈছে ৷ ছবিখনৰ কাহিনীটোও প্ৰেৰণাদায়ক ।
ৰাজকুমাৰ ৰাৱে ছবিখনৰ এটা টিজাৰ শ্বেয়াৰ কৰি নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত লিখিছে, ‘এনে এক যাত্ৰা যিয়ে আপোনাৰ চকু মেলি দিব আৰু আপোনাক অনুপ্ৰাণিত কৰিব । সকলোৰে দৃষ্টিভংগী সলনি হ'বলৈ আহি আছে শ্ৰীকান্ত ।’
- " class="align-text-top noRightClick twitterSection" data="">
কেতিয়া মুক্তি পাব ছবিখন ?
শেহতীয়াকৈ টি-ছিৰিজে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ছবিখনৰ শেহতীয়া আপডেট শ্বেয়াৰ কৰিছে । তেওঁলোকৰ পোষ্টটোত নিৰ্মাতাসকলে লিখিছে, ‘বিখ্যাত উদ্যোগপতি শ্ৰীকান্ত বল্লাৰ বায়’পিকখনৰ নাম এতিয়া শ্ৰীৰ পৰা শ্ৰীকান্তলৈ সলনি কৰা হৈছে আৰু এই ছবিখন ২০২৪ চনৰ ১০ মে’ত অক্ষয় তৃতীয়াৰ দিনা ছবিগৃহত মুক্তি দিয়া হ’ব ।’এই ছবিখনত দক্ষিণৰ অভিনেত্ৰী জ্যোতিকাৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব আৰু আলয়া এফকো ছবিখনত স্থান দিয়া হৈছে ।
এইসকল কলা-কুশলীৰ উপৰিও বলীউড আৰু দক্ষিণৰ ছবিত সক্ৰিয় অভিনেতা শৰদ কেলকাৰেও এই ছবিখনত বিশেষ চৰিত্ৰত অভিনয় কৰিব । তুষাৰ হীৰানন্দনীয়ে পৰিচালনা কৰিছে এই ছবিখন আৰু টি ছিৰিজৰ স্বত্বাধিকাৰী ভূষণ কুমাৰ, কৃষ্ণ কুমাৰ আৰু নিধি পৰমাৰ হিৰণানন্দনী ইয়াৰ প্ৰযোজক ।
ৰাজকুমাৰ ৰাওক 2023 চনত ভিৰ ছবিখনত দেখা গৈছিল ৷ ছবিখন কৰ'না যুগৰ ওপৰত আধাৰিত আছিল । শ্ৰীকান্তৰ লগতে অভিনেত্ৰী জাহ্নৱী কাপুৰৰ সৈতে মিষ্টাৰ এণ্ড মিচেছ মাহী, ষ্ট্ৰী ২ ৰাজকুমাৰ ৰাওক দেখিবলৈ পোৱা যাব ।
লগতে পঢ়ক : চিনেমাখনৰ ছেট নিৰ্মাণতেই ব্যয় হৈছে 11 কোটি টকা ! - Ramayana Movie

