ETV Bharat / entertainment

পত্নীৰ গীতত আপ্লুত হৈ ৰাঘৱ চাড্ডাই লিখিলে ৰোমান্টিক পোষ্ট

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 11:29 AM IST

Raghav Chadha on Parineetis Live Performance: পত্নী পৰিণীতি চোপ্ৰাৰ বাবে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৰাঘৱ চাড্ডাই । য’ত তেওঁ অভিনেত্ৰীগৰাকীৰ গায়কী প্ৰতিভাৰ প্ৰশংসা কৰে ।

'My Human': Parineeti Chopra Melts as Raghav Chadha Pens Mushy Note on Her Live Singing Debut
ৰাঘৱ চাড্ডাই লিখিলে ৰোমান্টিক পোষ্ট

চিটাৰা ডেস্ক, ১ ফেব্ৰুৱাৰী: অভিনেত্ৰী পৰিণীতি চোপ্ৰা প্ৰায়ে কিবা নহয় কিবা কাৰণত চৰ্চাত থাকে ৷ বিশেষকৈ যেতিয়াৰ পৰা আপ নেতা ৰাঘৱ চাড্ডাৰ সৈতে পৰিণীতিৰ নাম জড়িত হৈছে তেতিয়াৰ পৰাই কিবা নহয়, কিবা কাৰণত চৰ্চাত থাকে । ইফালে বিবাহৰ পিচত অভিনেত্ৰীগৰাকীয়ে অভিনয় কেৰিয়াৰৰ উপৰিও আন এটা দিশত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে ৷ আচলতে পৰিণীতিয়ে নিজৰ গান গোৱাৰ সপোন পূৰণ কৰিবলৈ অভিনয়ৰ পৰা কণ্ঠশিল্পীলৈ পৰিণত হোৱাৰ দিশত আগবাঢ়িছে ৷ ইতিমধ্যেই ইয়াৰ আৰম্ভণিও কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

শেহতীয়াকৈ মুম্বাই ফেষ্টিভেল ২০২৪ত পৰিণীতিয়ে লাইভ কনচাৰ্টত গীত পৰিৱেশন কৰিছে । এই কনচাৰ্টৰ সময়ত অভিনেত্ৰীগৰাকীয়ে নিজৰ গায়কী প্ৰতিভাৰে সকলোৰে হৃদয় জয় কৰিছিল । অভিনেত্ৰীগৰাকীৰ এই কৃতিত্বৰ বাবে তেওঁৰ স্বামী ৰাঘৱ চাড্ডাই পৰিণীতি চোপ্ৰাক খুব প্ৰশংসা কৰে । ছ’চিয়েল মিডিয়াত পৰিণীতিৰ সংগীত অনুষ্ঠানৰ কিছু ছবি ৰাঘৱে শ্বেয়াৰ কৰিছে, য’ত পৰিণীতিক মঞ্চত গান গোৱা দেখা গৈছে । এই সময়চোৱাত সম্পূৰ্ণ ক’লা সাজ-পোছাক পৰিধান কৰা দেখা গৈছে অভিনেতাগৰাকীক ।

পৰিণীতিৰ বাবে ৰাঘৱ চাড্ডাই শ্বেয়াৰ কৰে পোষ্ট

কেপচনত লিখিছে, "মোৰ ৰক ষ্টাৰ, মোৰ নাইটিংগেল, মোৰ নিজৰ ব্যক্তিগত মেল'ডি কুইন - তুমি গীতত প্ৰাণ ঢালি দিয়া, পাৰু ! মই সম্পূৰ্ণ ভয়ত (আৰু অতি উত্তেজিত) যিহেতু আপুনি অৱশেষত সেই পথত খোজ দিলে, যাৰ বাবে বহুদিনৰ পৰা হাহাকাৰ কৰি আছিলে । আগবাঢ়ি যোৱা আৰু পৃথিৱীখন জোকাৰি যোৱা, মোৰ গাৰ্ল ! মই আপোনাক সমৰ্থন আৰু উৎসাহিত কৰিবলৈ সদায় আপোনাৰ লগত থাকিম ।’’

আপ নেতাগৰাকীয়ে লগতে কয়, "অৱশেষত মোৰ ঘৰত মই প্ৰতিদিনে আয়োজন কৰা বিনামূলীয়া সংগীত অনুষ্ঠানবোৰ বিশ্বই চাবলৈ পালে । হাহা ।" পৰিণীতিয়ে পোষ্টটোত ৰিপ্লাই দি কিছু চুমা আৰু লাজ লগা ইমোজিৰে কমেন্ট কৰিছে ।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে সপোনৰ চহৰ মুম্বাইৰ মঞ্চত গীত পৰিৱেশন পৰিণীতি চোপ্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.