ETV Bharat / entertainment

জনপ্ৰিয় কণ্ঠশিল্পী তৰালি শৰ্মাৰ নতুন গীত ‘উপমাৰ সিপাৰে’

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 2:20 PM IST

Tarali Sharma new song: মুক্তি লাভ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাৰ নতুন গীত ‘উপমাৰ সিপাৰে’। শুকুৰবাৰে জ্যোতি চিত্ৰবনত মুক্তি দিয়া হয় এই নতুন গীতটি ।

Popular singer Tarali Sharma's new song 'Upomar Xipare' released
তৰালী শৰ্মাৰ নতুন গীত
তৰালী শৰ্মাৰ নতুন গীত

গুৱাহাটী, 24 ফেব্ৰুৱাৰী : আজি মুক্তি পালে জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাৰ নতুন গীত ‘উপমাৰ সিপাৰে’ । ডেউকা এলবামৰ তৃতীয় গীত ‘উপমাৰ সিপাৰে’ শুকুৰবাৰে মুক্তি দিয়া হয় মহানগৰীৰ জ্যোতি চিত্ৰবনত । উক্ত অনুষ্ঠানত উপস্থিত থাকে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰ, শিল্পী জাহানাৰা বেগমৰ লগতে বহু বিশিষ্ট ব্যক্তি ।

উল্লেখ্য যে উপমাৰ সিপাৰে গীতটিৰ কণ্ঠ, সুৰ, সংগীত পৰিচালনা তৰালী শৰ্মাৰ ৷ কথা ৰাহুল গৌতম শৰ্মাৰ, সংগীত ব্যৱস্থাপনা প্ৰশান্ত শইকীয়াৰ । গীতটিৰ সন্দৰ্ভত মন্তব্য কৰি কণ্ঠশিল্পী তৰালী শৰ্মাই কয়, ‘আমি প্ৰতিগৰাকী মানুহে মনত কিছুমান কাহিনী লৈ থাকো যিবোৰ অব্যক্ত । অথচ সেইবোৰ কাহিনীয়ে আমাক হহুঁৱাই আমাক কন্দুৱাই, আমাক সৃষ্টি কৰিবলৈ অনুপ্ৰেৰণা যোগায় ৷ তেনেকুৱা এটা কাহিনীৰে এই গীতটি । আশা কৰো গীতটি ৰাইজে ভাল পাব ।’

আনহাতে গীতটিৰ সন্দৰ্ভত মন্তব্য কৰি জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰে কয়, ‘তৰালী শৰ্মা মানে আমি সকলোৱে জানো এক ব্যতিক্ৰমী কণ্ঠৰ অধিকাৰী । তৰালী কেতিয়াও সাধাৰণতে উটি ভাঁহি যোৱা শিল্পী নহয় । আজি তেখেতৰ ‘উপমাৰ সিপাৰে’ গীতটি মুক্তি লাভ কৰিলে ৷ আশা কৰো ৰাইজে আঁকোৱালি ল’ব ।’

উল্লেখ্য যে বৰগীত, চুফীৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিটো গীতেৰে অনুৰাগীক ইতিমধ্যে মুহিবলৈ সক্ষম হৈছে কণ্ঠশিল্পী তৰালী শৰ্মাই । জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাৰ একক কণ্ঠৰ সংগীতবোৰে সদায় শ্ৰোতাগণক এক আজৱ আমোদ আৰু প্ৰশান্তি প্ৰদান কৰি আহিছে । কন্ঠশিল্পী গৰাকীৰ 'হেঙুলীয়া', 'আহিবা তুমি', 'মাতিলেই নামি অহা জোনাক', 'ডেউকা মেলি দিলোঁ' আদি গীতে প্ৰতিগৰাকী শ্ৰোতাকে মুগ্ধ কৰিবলৈ সক্ষম হৈছে । কণ্ঠশিল্পী গৰাকীৰ অন্যান্য গীতসমূহৰ দৰে "উপমাৰ সিপাৰে" গীতটোও ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী কণ্ঠশিল্পী গৰাকী ।

লগতে পঢ়ক : পখিলা খেদি ফুৰা বয়সত নিজৰ সপোনবোৰক খেদি ফুৰা সংযুক্তা কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.