ETV Bharat / entertainment

চকুলো টুকি পৰিয়াল-চেলিব্ৰিটিয়ে শেষ বিদায় দিলে পংকজ উধাছক

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 6:05 PM IST

Pankaj Udhas Laid To Rest: সকলোকে কন্দুৱাই অজান পৃথিৱীলৈ গুচি গ’ল গজল সম্ৰাট পংকজ উধাছ । পঞ্চভূতত বিলীন হ’ল কণ্ঠশিল্পীগৰাকী ৷

Pankaj Udhas Laid To Rest: State Funeral In Mumbai Amid Emotional Farewell By Family & Celebrities
পঞ্চভূতত বিলীন হ’ল কণ্ঠশিল্পীগৰাকী

চিটাৰা ডেস্ক, ২৭ ফেব্ৰুৱাৰী: পঞ্চভূতত বিলীন হ’ল বলীউডৰ 'গজল সম্ৰাট' অৰ্থাৎ পংকজ উধাছ ৷ সকলোকে কন্দুৱাই থৈ অজান পৃথিৱীলৈ গুচি গ’ল গজল সম্ৰাট ৷ শেষবাৰৰ বাবে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ বহু চেলিব্ৰিটিয়ে কণ্ঠশিল্পীগৰাকীৰ ঘৰত বাহগৃহত উপস্থিত হৈছে । ২৬ ফেব্ৰুৱাৰীত দেহাৱসান ঘটিছিল পংকজ উধাছৰ । মৃত্যুৰ সময়তে তেওঁৰ বয়স আছিল ৭২ বছৰ ৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলোকে এই তথ্য দিছিল তেওঁৰ কন্যাই ।

ক’ত সম্পন্ন হৈছে পংকজ উধাছৰ অন্ত্যেষ্টিক্ৰিয়া ?

মুম্বাইৰ ৱৰলীৰ হিন্দু শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় গজল সম্ৰাটগৰাকীৰ । য’ত তেওঁক পৰিয়ালৰ সদস্য আৰু বহু চেলিব্ৰিটিয়ে কান্দি কান্দি বিদায় দিয়ে । এই সময়ত মুম্বাই আৰক্ষীয়েও গজল সম্ৰাটগৰাকীক চেলুট দিয়াৰ লগতে তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয় ।

মুম্বাই আৰক্ষীয়ে জনালে শেষ শ্ৰদ্ধা

পংকজ উধাছৰ নশ্বৰদেহ ত্ৰিৰংগাত মেৰিয়াই ঘৰৰ পৰা মুম্বাইৰ ৱৰলীৰ হিন্দু শ্মশানলৈ লৈ যোৱা হয় ৷ যাৰ বহু ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াতো পোহৰলৈ আহিছে । উল্লেখ্য যে এই সময়ছোৱাত বহু বিশিষ্ট লোক গজল সম্ৰাটগৰাকীৰ বাসগৃহত উপস্থিত হয় আৰু তেওঁক শেষবাৰৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । তবলাবাদক জাকিৰ হুছেইনৰ উপৰিও সুনীল গাভাস্কাৰ, বিদ্যা বালান, শংকৰ মহাদেৱনকে ধৰি বহু চেলিব্ৰিটিয়ে গজল সম্ৰাটগৰাকীক বিদায় দিবলৈ আহিছিল ।

গায়কীৰ বাবে ৫১ টকা প্ৰথম পুৰস্কাৰ পাইছিল

পিতৃ আৰু ভাতৃৰ পথ অনুসৰণ কৰি সংগীত জগতত ভৰি দিছিল পংকজ উধাছে । অৱশ্যে তেওঁৰ মন আছিল চিকিৎসক হোৱাৰ । কিন্তু গীতে তেওঁ গজল সম্ৰাট কৰি তুলিলে । তেওঁৰ কেৰিয়াৰত পংকজ উধাছে পদ্মশ্ৰী বঁটাৰ দৰে বহু ডাঙৰ বঁটাও লাভ কৰিছিল ।

লগতে পঢ়ক: মুম্বাই আৰক্ষীয়ে শেষ শ্ৰদ্ধা জনাব পংকজ উধাছক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.