ETV Bharat / entertainment

আজি ঘোষণা হ’ব অস্কাৰ ২০২৪ৰ মনোনয়ন, ভাৰতত কেতিয়া, ক’ত চাব পাৰিব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 5:57 PM IST

Oscars 2024 Nominations: ২০২৪ চনৰ অস্কাৰ বঁটাৰ মনোনয়ন জানিবলৈ সকলোৱে অপেক্ষা কৰি আছে । গতিকে জানো আহক ভাৰতত অস্কাৰ ২০২৪ ৰ মনোনয়ন অনলাইনত ক’ত চাব পাৰিব ।

Oscars 2024 Nominations: When and where to watch, Know the details
অস্কাৰ ২০২৪ৰ মনোনয়ন

চিটাৰা ডেস্ক, ২৩ জানুৱাৰী: অস্কাৰ বঁটা হৈছে চলচ্চিত্ৰ জগতৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় বঁটা । এই বঁটাৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰে । এইবাৰ ৯৬ সংখ্যক একাডেমী বঁটা ঘোষণা কৰা হ’ব, ইয়াৰ বাবে মনোনয়ন তালিকা মঙলবাৰে অৰ্থাৎ আজি মুকলি কৰা হ’ব ৷ আনহাতে যদি আমি এইবাৰৰ গোল্ডেন গ্ল’বছ বা ক্ৰীটিক্স চইছ এৱাৰ্ডছ চাওঁ, তেন্তে গ্ৰেটা গেৰৱিগৰ বাৰ্বি, ক্ৰীষ্টোফাৰ নোলানৰ অপেনহাইমাৰ আৰু মাৰ্টিন স্ক’ৰচেজৰ Killers of the Flower Moon য়ে সৰ্বাধিক মনোনয়ন লাভ কৰিছে । এনে পৰিস্থিতিত এই ছবিসমূহে অস্কাৰৰ মনোনয়নতো আধিপত্য বিস্তাৰ কৰাৰ সম্ভাৱনা আছে । গতিকে জানো আহক ভাৰতত অস্কাৰ ২০২৪ৰ মনোনয়ন ক’ত চাব পাৰিব আৰু কেতিয়া হ’ব অস্কাৰ অনুষ্ঠান ।

অস্কাৰ ২০২৪ৰ মনোনয়ন কেতিয়া ঘোষণা কৰা হ’ব ?

২৩ জানুৱাৰী মঙলবাৰে পুৱা ৮:৩০ বজাত (ইটি) লছ এঞ্জেলছৰ একাডেমীৰ চেমুৱেল গোল্ডউইন থিয়েটাৰৰ পৰা পোনপটীয়াকৈ মুক্তি পায় অস্কাৰ ২০২৪ ৰ মনোনয়ন । ভাৰতত মনোনয়নৰ লাইভ ঘোষণা ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা আৰম্ভ হ’ব ।

অস্কাৰ ২০২৪ ৰ মনোনয়ন লাইভ ক’ত চাব পাৰিব ?

অস্কাৰ ২০২৪ৰ মনোনয়নৰ ঘোষণা Oscar.com , Oscar.0rg আৰু একাডেমীৰ ডিজিটেল প্লেটফৰ্মত লাইভত চাব পাৰিব । উল্লেখ্য যে, প্ৰতিটো শিতানৰ বাবে মনোনীতসকলৰ লাইভ ঘোষণা কৰা হয় । বৰ্তমান সময়ত সকলোৱে অস্কাৰৰ মনোনয়ন জানিবলৈ অপেক্ষা কৰি আছে ৷

অস্কাৰ ২০২৪ৰ বাবে কোনে ঘোষণা কৰিব মনোনয়ন ?

এইবাৰ অভিনেতা জেজী বিটজ আৰু জেক কোৱাইডে ২৩টা শাখাৰ প্ৰতিটো মনোনীতসকলৰ নাম প্ৰকাশ কৰিব । যোৱা বছৰ ৰিজ আহমেদ আৰু এলিছন উইলিয়ামছে এই দায়িত্ব গ্ৰহণ কৰিছিল ।

২০২৪ চনৰ অস্কাৰ অনুষ্ঠান কেতিয়া হ’ব ?

অহা ১০ মাৰ্চ দেওবাৰে অনুষ্ঠিত হ’ব ৯৬ সংখ্যক একাডেমী বঁটা বা অস্কাৰ ২০২৪ বঁটা প্ৰদান অনুষ্ঠান । আকৌ এবাৰ আমেৰিকান টেলিভিছন পৰিচালক তথা কমেডিয়ান জিমি কিমেলে আঁত ধৰোতাৰ ৰূপত থাকিব এই বঁটাত ৷ এই বঁটা আমেৰিকাত সন্ধিয়া ৭ বজাত (ভাৰতত সোমবাৰে পুৱা প্ৰায় ৫.৩০ বজাত) অনুষ্ঠিত হ’ব ।

২০২৪ চনৰ অস্কাৰত কোনে কোনে মনোনয়ন লাভ কৰাৰ সম্ভাৱনা আছে ?

যোৱা বছৰ বাৰ্বি আৰু অপেনহাইমাৰে বিশ্বব্যাপী বক্স অফিচত আধিপত্য বিস্তাৰ কৰিছিল । পূৰ থিংছ, দ্য হোল্ডোভাৰছ আৰু কিলাৰ্ছ অৱ দ্য ফ্লাৱাৰ মুনেও বহু শাখাত অস্কাৰৰ বাবে মনোনীত হোৱাৰ সম্ভাৱনা আছে । এইবোৰৰ উপৰিও এনাটমী অৱ এ ফ’ল, মেষ্ট্ৰ’, দ্য জ’ন অৱ ইণ্টাৰেষ্ট, পাষ্ট লাইভছ আৰু আমেৰিকান ফিকচনেও মনোনয়ন লাভ কৰিব পাৰে । অভিনয়ৰ ক্ষেত্ৰত চিলিয়ান মাৰ্ফি, এমা ষ্টোন, ৰবাৰ্ট ডাউনী জুনিয়ৰ আৰু ডি’ৱেইন জয় ৰেণ্ডলফে মনোনয়ন লাভ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: ৰাম মন্দিৰত জনসমাগমৰ মাজত অমিতাভ বচ্চনক কি সুধিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.