২৪ ডিচেম্বৰত আহি আছে নতুন ৱেব ছিৰিজ ‘স্কেম ২০১৯’
নতুন অসমীয়া ৱেব ছিৰিজ ‘স্কেম ২০১৯’ ৰ অফিচিয়েল টিজাৰ মুকলি । গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত মুকলি কৰা হয় টিজাৰতো ।

By ETV Bharat Entertainment Team
Published : October 29, 2024 at 6:53 PM IST
গুৱাহাটী : শীঘ্ৰে আহি আছে নতুন অসমীয়া ৱেব ছিৰিজ ‘স্কেম ২০১৯’ । আজি গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয় আহিবলগীয়া এই নতুন ৱেব ছিৰিজখনৰ অফিচিয়েল টিজাৰ । ৰেড চিনেমাছ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই ৱেব ছিৰিজখনৰ পৰিকল্পনা অভিজিৎ শৰ্মাৰ । এজন উদণ্ড আৰু দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াক লৈ এটা কাল্পনিক কাহিনীৰে নিৰ্মাণ কৰা এই নতুন অসমীয়া ৱেব ছিৰিজখনৰ পৰিচালনা কৰিছে আৰ কেই ।
অহা ২৪ ডিচেম্বৰত 'ৰেড চিনেমাছ'ত দৰ্শকৰ বাবে মুক্তি দিয়া হ’ব এই নতুন ৱেব ছিৰিজখন । আজি টিজাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে ৱেব ছিৰিজখনৰ প্ৰযোজক অভিজিৎ শৰ্মা, পৰিচালক আৰ কে, অভিনেতা যতীন বৰা, অভিনেত্ৰী য়াংকি পৰাশৰৰ লগতে ৱেব ছিৰিজখনৰ লগত জড়িত সমূহ কলা-কুশলী ।
ৱেব ছিৰিজখনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেতা যতীন বৰাই কয়, “ৰেড চিনেমাছৰ প্ৰথম প্ৰচেষ্টা, তেওঁলোকে এখন ৱেব ছিৰিজ নিৰ্মাণ কৰিব বিচাৰিছে ‘স্কেম ২০১৯’ । এটা কাল্পনিক কাহিনীৰ ওপৰত ৱেব ছিৰিজখন নিৰ্মাণ কৰা হৈছে । ৰেড চিনেমাছৰ লগতে মোৰ জীৱনৰ এইখন প্ৰথম ৱেব ছিৰিজ । ৱেব ছিৰিজত সময়টো বহুত দিব লাগে বাবে অকণমান অসুবিধা হয় যিহেতু মই এতিয়া থিয়েটাৰত আছো । নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ লগত কাম কৰিবলৈ লৈছো । অসমৰ ৰাইজে এই ৱেব ছিৰিজখন নিশ্চয় ভাল পাব, মোৰো কাম কৰি ভাল লাগিছে ।”
এখন সমাজৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষাৰ বাবে নিযুক্ত কৰা বিষয়াই তেওঁৰ কৰ্তব্যৰ বিপৰীতে এটা দশকৰ সৰ্ববৃহৎ কেলেংকাৰিৰ সৈতে জড়িত হৈ পৰে । পৰিণামস্বৰূপে সেই বিষয়াজন কেৱল বিত্তীয় লোকচানৰ কাৰণ হোৱাই নহয়, বৰং শাৰীৰিক-মানসিক আৰু আনকি ৰাজ্যখনৰ পৰিচয়ৰ বাবেও এক ভয়াৱহ সংকট হৈ পৰে । এনে এক কাহিনী সামৰি নিৰ্মাণ কৰা হৈছে ৱেব ছিৰিজখন ।
আনহাতে ৱেব ছিৰিজখনত অভিনয় কৰিছে অসমীয়া ছবি আৰু ভ্রাম্যমান জগতৰ জনপ্রিয় অভিনেতা যতীন বৰাৰ লগতে বিভূতি ভূষণ হাজৰিকা, মৈত্রেয়ী গোস্বামী, মাণিক ৰয়, ভৱেশ দাস, য়াংকি পৰাশৰ, অর্চনা পূজাৰী, হিমাক্ষী বৰা আৰু আৰ কেৰ দৰে নবীন-প্রবীণ অভিনেতা-অভিনেত্রীয়ে । ৱেব ছিৰিজখনৰ পৰিচালনা কৰিছে আৰ কেই, কাহিনী আৰু প্রযোজনা আভিজিৎ শৰ্মাৰ । চিত্রনাট্য আৰু সংলাপ ভাস্কৰ ডেকাৰ । ৱেব ছিৰিজখনৰ চিনেমাট'গ্রাফী বিতুল দাসৰ, সম্পাদনা কৰিছে ঝুলন কৃষ্ণ মহন্তই আৰু সংগীত দিছে বিদীপ দাসে ।
লগতে পঢ়ক : সামৰণি পৰিল অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ

