সামৰণি পৰিল অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ
ছ’ৰিল য়াল্লাট্টিকাৰ “জাছৱান্দা" শ্ৰেষ্ঠ ছবি ৷ অসমীয়া চুটি ছবি “ৰং নাম্বাৰ”ৰ চিত্ৰনাট্যকাৰ অভিজিত নায়কলৈ শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ বঁটা ৷

By ETV Bharat Entertainment Team
Published : October 28, 2024 at 8:39 PM IST
গুৱাহাটী: ৫০ খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শনেৰে সফল সমাপ্তি ঘটে গুৱাহাটীত অনুষ্ঠিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ । চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ উদ্দেশ্যৰে ২৬ অক্টোবৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সহযোগী অনুষ্ঠান “চলচ্চিত্ৰম”ৰ উদ্যোগত অনুষ্ঠিত হৈছিল ৷
এই চলচ্চিত্ৰ মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ ছবিৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় “এ ছিলভান ছাগা” নামৰ ছবিখনে ৷ লগতে সৰ্বভাৰতীয় শিতানত ছ’ৰিল য়াল্লাট্টিকাৰ “জাছৱান্দা" ছবিখনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় । আনহাতে অসমীয়া চুটি ছবি “ৰং নাম্বাৰ”ৰ চিত্ৰনাট্যকাৰ অভিজিত নায়কে লাভ কৰে শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ বঁটা । লগতে জুৰীৰ “স্পেচিয়েল মেনশ্যন” বঁটা লাভ কৰে দেৱযানী হালদাৰ পৰিচালিত “এ লেটাৰ টু মাই হোম”ছবিখনে ।
"আদি শক্তি মা কামাখ্যা"ৰ বাবে অংশুমান বৰুৱা আৰু প্ৰদীপ চি শৰ্মা আৰু Teens of ১৯৪২ ৰ বাবে চিদা বৰা আৰু চাৰিল নন্দন ডেকাক শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী বঁটা প্ৰদান কৰা হয় । "বীৰুবালা-দ্য ক্ৰুছেডাৰ"ৰ বাবে ভাস্কৰ জ্যোতি ভূঞালৈ প্ৰদান কৰা হয় শ্ৰেষ্ঠ সম্পাদনা বঁটা । জুৰীৰ বিশেষ উল্লেখ লাভ কৰে দেৱযানী হালদাৰৰ দ্বাৰা পৰিচালিত ' এ লেটাৰ টু মাই হোম' এ ।
এই চলচ্চিত্ৰ মহোৎসৱত "আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ” মূল বিষয়বস্তু হিচাপে লৈ ভূমি আৰু মানুহ, পৰ্যটন, কলা, হস্তশিল্প আৰু বস্ত্ৰ, পাণ্ডুলিপি আৰু পাণ্ডুলিপি চিত্ৰাংকন, চিত্ৰাংকন আৰু কাঠত খোদিত কৰা কলা, সংগীত আৰু সংগীতজ্ঞ, সাংস্কৃতিক উৎসৱ, স্মৃতিসৌধ আৰু ঐতিহ্য ক্ষেত্ৰ, সমাজ সংস্কাৰক আৰু আগৰণুৱাসকল, ক্ৰীড়া, চাহ আৰু তৈল উদ্যোগ, সংস্কৃতি আৰু মূল্যবোধ, সামাজিক সজাগতা, পৰিয়াল ব্যৱস্থা, মহিলা, পৰিবেশ আদি বিষয়ক প্ৰাধান্য দি নিৰ্মিত কেবাখনো চুটি ছবি তথা তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় । সামৰণি অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় চিত্ৰ সাধনাৰ প্ৰমুখ অতুল গাংৱাৰ, বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা, ড৹ সন্তোষ পাথাৰি, যদুমনি দত্ত, সংস্কাৰ দেশাই আৰু ঐনাম গৌতমকে ধৰি বহু বিশিষ্ট ব্যক্তি ।
লগতে পঢ়ক: দুটি লোকগীতৰ মাজেৰে স্বামীক জীয়াই ৰখাৰ প্ৰয়াস পত্নীৰ

