ETV Bharat / entertainment

জীৱন মৃত্যুৰে যুঁজি হাৰ মানিলে ইলায়াৰাজাৰ কন্যা ভৱতাৰিণীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 4:38 PM IST

Music Director Ilayaraja Daughter Dead: সংগীত পৰিচালক ইলায়াৰাজাৰ কন্যা তথা প্লেবেক গায়িকা ভৱতাৰিণীৰ দেহাৱসান ৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল ভৱতাৰিণী ৷

Music Director Ilaiyaraaja's Daughter Bhavatharini Dies Of Cancer
ইলায়াৰাজাৰ কন্যা ভৱতাৰিণীৰ দেহাৱসান

চিটাৰা ডেস্ক, ২৬ জানুৱাৰী: প্ৰবীণ সংগীত পৰিচালক ইলায়াৰাজাৰ কন্যা তথা প্লেবেক কণ্ঠশিল্পী ভৱতাৰিণীৰ দেহাৱসান । দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল ভৱতাৰিণীয়ে ৷ অৱশেষত মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে কণ্ঠশিল্পীগৰাকীয়ে ৷ জানিব পৰা মতে এই ৰোগৰ সৈতে যুঁজি ২৫ জানুৱাৰীত পৃথিৱীৰ পৰা বিদায় লয় ভৱতাৰিণীয়ে । অৱশ্যে ভাৰতত নহয়, শ্ৰীলংকাত মৃত্যু হয় ভৱতাৰিণীৰ ।

ভৱতাৰিণীৰ লিভাৰ কেন্সাৰ হৈছিল

জানিব পৰা মতে, কণ্ঠশিল্পীগৰাকী যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ যোৱা ছমাহ ধৰি চিকিৎসাধীন হৈ আছিল । ভৱতাৰিণী বিশেষভাৱে চিকিৎসাৰ বাবে শ্ৰীলংকালৈ গৈছিল যদিও চিকিৎসাৰ সময়তেই মৃত্যুক আকোৱালি লয় । এই খবৰ চলচ্চিত্ৰ সমালোচক ৰমেশ বালাই নিজৰ এক্স একাউণ্টৰ জৰিয়তে নিশ্চিত কৰিছে ।

এটা পোষ্টৰ সৈতে ভৱতাৰিণীৰ এখন ফটো শ্বেয়াৰ কৰি ৰমেশ বালাই কেপচনত লিখিছে, ‘‘দুখৰ খবৰ ! আজি সন্ধিয়া শ্ৰীলংকাত ইছাইগনানী ইলায়াৰাজাৰ কন্যা কণ্ঠশিল্পী ভৱতাৰিণীৰ মৃত্যু হয় । কেন্সাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল । শুনি আচৰিত হ’লোঁ ৷ তেওঁৰ আত্মাই শান্তি লাভ কৰক !’’

খবৰ অনুসৰি ২৬ জানুৱাৰীত অৰ্থাৎ আজি ভৱতাৰিণীৰ মৃতদেহ চেন্নাইলৈ অনা হ’ব আৰু চেন্নাইতে তেওঁৰ অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হ’ব ।

উল্লেখ্য যে, মৃত্যুৰ সময়ত ভৱতাৰিণীৰ বয়স আছিল মাত্ৰ ৪৭ বছৰ। ইলায়াৰাজাৰ কন্যা আৰু কাৰ্তিক ৰাজা আৰু যুৱ শংকৰ ৰাজাৰ ভগ্নী আছিল ভৱতাৰিণী । বহু গীতত কণ্ঠদান কৰিছিল ভৱতাৰিণীয়ে ৷ ‘ভাৰতী’ৰ তামিল পোলা পন্নু অন্নু গীতটিৰ বাবে শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকা হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ।

লগতে পঢ়ক: ৰাশ্বিদ খান আৰু নাই, কৰ্কট ৰোগে প্ৰাণ কাঢ়িলে শাস্ত্ৰীয় গায়কগৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.