ETV Bharat / entertainment

অনুৰাগীয়ে ৰেষ্টুৰেণ্টৰ বাহিৰত ঘেৰি ধৰিলে মুনাৱাৰ ফাৰুকীক, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 4:29 PM IST

Munawar Faruqui Gets Mobbed: ৰিয়েলিটি টিভি শ্ব’ ‘বিগ বছ ১৭’ত জয়ী হোৱাৰ পিচত মুনাৱাৰ ফাৰুকীক দেখা গৈছিল এখন ৰেষ্টুৰেণ্টৰ বাহিৰত । এই সময়চোৱাত মুনাৱাৰক আগুৰি ধৰে ব্যাপক সংখ্যক অনুৰাগীয়ে । অনুৰাগীয়ে মুনাৱাৰ ফাৰুকীৰ সৈতে ছেলফি তুলিবলৈ হেতা-ওপৰা লাগে ৷ এতিয়া ভাইৰেল হৈ পৰিছে মুনাৱাৰৰ এই ভিডিঅ’ ৷

Munawar Faruqui mobbed as he leaves restaurant, Watch
অনুৰাগীয়ে ৰেষ্টুৰেণ্টৰ বাহিৰত ঘেৰি ধৰিলে মুনাৱাৰ ফাৰুকীক

চিটাৰা ডেস্ক, ৩১ জানুৱাৰী: বৰ্তমান ছ’চিয়েল মিডিয়াত চৰ্চাত মুনাৱাৰ ফাৰুকী ৷ এইখিনিতে ক’ব লাগিব যে মুনাৱাৰৰ বিপুল ফেন ফ’ল’ৱাৰ্ছ আছে আৰু ইয়াত কোনো সন্দেহ নাই । প্ৰথমে ‘লক আপ’ আৰু তাৰ পিচত ‘বিগ বছ ১৭’ৰ খিতাপ দখল কৰে মুনাৱাৰে ৷ শেহতীয়াকৈ বিগ বছ ১৭ ৰ ট্ৰফী লৈ নিজৰ ঘৰ ডংৰিলৈ উপস্থিত হৈছিল মুনাৱাৰ ৷ য’ত ব্যাপক সংখ্যক দৰ্শকে মুনাৱাৰ ফাৰুকীক ছুপাৰষ্টাৰৰ দৰে আদৰণি জনাইছিল আৰু ইয়াৰ পৰাই তেওঁৰ অনুৰাগীৰ অনুমান কৰিব পাৰি ।

মুনাৱাৰৰ ফেন ফ’ল’ৱাৰৰ আন এটা উদাহৰণ শেহতীয়াকৈ দেখা গৈছে, যেতিয়া তেওঁক ৰেষ্টুৰেণ্টৰ বাহিৰত ভিৰৰ মাজত তেওঁৰ অনুৰাগীয়ে আগুৰি ধৰিছিল । আচলতে ‘বিগ বছ ১৭’ বিজয়ী হোৱাৰ দুদিন পিচত মঙলবাৰে নিশা ষ্টেণ্ড আপ কমেডিয়ানগৰাকীয়ে বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী আব্দু ৰ’জিকৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ ওলাই গৈছিল । অৱশ্যে ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহাৰ লগে লগে মুনাৱাৰক বিপুল সংখ্যক অনুৰাগীয়ে আগুৰি ধৰে ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মুনাৱাৰ ফাৰুকীৰ এই ভিডিঅ’টো । ভিডিঅ'টোত দেখা অনুসৰি মুনাৱাৰ ফাৰুকীক বহু অনুৰাগীয়ে আগুৰি ধৰিছে, যিয়ে ষ্টেণ্ডআপ কমেডিয়ানজনৰ সৈতে ছেলফি তুলিবলৈ চেষ্টা কৰা দেখা যায় । প্ৰতিজন অনুৰাগীয়ে বিগ বছ ১৭ৰ বিজয়ীৰ সৈতে ছেলফি তুলিবলৈ হেতা-ওপৰা লগায় ৷ ইফালে মুনাৱাৰ ফাৰুকীৰ দলটোৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা দেখা যায় ।

আনকি ভিৰ ইমানেই বেছি আছিল যে মুনাৱাৰে লৰচৰ কৰিবও পৰা নাছিল । অনুৰাগীৰ মাজত যেন মুনাৱাৰৰ সৈতে ছেলফি লোৱাৰ প্ৰতিযোগিতা আৰম্ভ হয় । ইয়াৰ পিচত মুনাৱাৰে ভিৰৰ মাজত অলপ লৰচৰ কৰিবলৈ চেষ্টা কৰোঁতেই ভাৰসাম্য হেৰুৱাই মাটিত বাগৰি পৰে ৷ অৱশ্যে লগে লগে মুনাৱাৰৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক সহায় কৰে । মুনাৱাৰ ফাৰুকীৰ এই ভিডিঅ’টো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

লগতে পঢ়ক: ডংৰিত হোৱা বিপুল জনসমাগমৰ বাবেই বিপদত পৰিব পাৰে মুনাৱাৰ ফাৰুকী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.