ETV Bharat / entertainment

মিথুন চক্ৰৱৰ্তীৰ স্বাস্থ্যৰ বিষয়ে জনালে অভিনেত্ৰী দেবাশ্ৰী ৰায়ে

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 11:11 AM IST

Updated : Feb 11, 2024, 1:56 PM IST

Mithun Chakraborty Health Update: অভিনেতা মিথুন চক্ৰৱৰ্তীৰ স্বাস্থ্য এতিয়া কিছু উন্নত হৈছে । শনিবাৰে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । এতিয়া অভিনেত্ৰী দেবাশ্ৰী ৰায় আৰু পৰিচালক পথিকৃত বসুৱে দিলে তেওঁৰ স্বাস্থ্যৰ আপডেট ।

Mithun Chakraborty Health Update, How is Mithun Chakraborty's health now?
মিথুন চক্ৰৱৰ্তী স্বাস্থ্য আপডেট

চিটাৰা ডেস্ক, ১১ ফেব্ৰুৱাৰী : শেহতীয়াকৈ প্ৰবীণ অভিনেতা মিঠুন চক্ৰৱৰ্তীৰ সন্দৰ্ভত এটা উদ্বেগজনক খবৰ আহিছিল ৷ দৰাচলতে শনিবাৰে কলকাতাত শ্বুটিং কৰি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিছিল মিঠুন চক্ৰৱৰ্তী । ইয়াৰ পিচতে তেওঁক ততাতৈয়াকৈ কলকাতাৰ এপ’ল’ হাস্পতালৰ জৰুৰীকালীন ইউনিটত ভৰ্তি কৰোৱা হৈছিল ৷ তাতেই অভিনেতাগৰাকীৰ চিকিৎসা চলি আছিল । এতিয়া চিকিৎসালয়খনে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত এটা আপডেট শ্বেয়াৰ কৰিছে ।

চিকিৎসালয়খনে জাৰি কৰা বিবৃতিটোত অভিনেতাজনৰ ষ্ট্ৰোক হোৱা বুলি কোৱা হৈছে । চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্যৰ নিৰীক্ষণ কৰি আছে ।

শনিবাৰে এপ’ল’ হাস্পতালে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতা মিথুন চক্ৰৱৰ্তীক পুৱা ৯.৪০ বজাত কলকাতাৰ এপ’ল’ মাল্টিস্পেচিয়েলিটি হাস্পতালৰ জৰুৰীকালীন বিভাগলৈ অনা হয় । মগজুৰ তলৰ অংশৰ এম আৰ আইকে ধৰি প্ৰয়োজনীয় পৰীক্ষাগাৰ আৰু ৰেডিঅ’লজী কৰা হৈছিল ।

তেওঁৰ মগজুৰ Ischemic Cerebrovascular Accident (Stroke) ৰোগ ধৰা পৰিছে । বৰ্তমান তেওঁ সম্পূৰ্ণ সচেতন, সুস্থ আৰু কোমল খাদ্য গ্ৰহণ কৰি আছে । মিথুন চক্ৰৱৰ্তীক বৰ্তমান নিৰীক্ষণ কৰি আছে স্নায়ু-চিকিৎসক, হৃদৰোগ বিশেষজ্ঞ আৰু গেষ্ট্ৰ’এণ্টেৰ’লজিষ্টকে ধৰি চিকিৎসকৰ এটা দলে ।

ইয়াৰ পূৰ্বে পুত্ৰ মহাঅক্ষয় চক্ৰৱৰ্তীয়ে পিতৃৰ স্বাস্থ্যৰ বিষয়ে জনাইছিল যে তেওঁক (মিথুন চক্ৰৱৰ্তীক) নিয়মীয়া পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ অনা হৈছে ।

ইফালে আজি সংবাদ মাধ্যমেৰে হোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰী দেৱশ্ৰী ৰায়ে কয়, ‘‘মই মিথুনক চিকিৎসালয়ত লগ পাইছিলো। এতিয়া তেওঁ ভালে আছে, সময়মতে চিকিৎসালয়লৈ লৈ যোৱা হ’ল ৷ তেওঁৰ শৰীৰত চেনিৰ মাত্ৰা কমিছে । যথেষ্ট অস্বস্তি অনুভৱ কৰিছিল যদিও এতিয়া আই চি ইউৰ পৰা উলিয়াই অনা হৈছে আৰু এটা কোঠাত জিৰণি লৈছে ।’’

ইয়াৰ উপৰিও পৰিচালক পথিকৃত বসুৱেও হাস্পতালত অভিনেতাজনক লগ কৰে ৷ এই সন্দৰ্ভত তেওঁ কয়, ‘‘মই এইমাত্ৰ হাস্পতালৰ পৰা আহিছো । মই তেওঁক লগ পাইছিলো আৰু তেওঁ ভাল হৈ আছে । মিথুন দাই কৈছে কিছুদিনৰ পিচত পুনৰ শ্বুটিং আৰম্ভ কৰিব । ’’

পদ্মভূষণ সন্মান লাভ মিথুন চক্ৰৱৰ্তীৰ

উল্লেখ্য যে, শেহতীয়াকৈ ভাৰত চৰকাৰৰ বিশেষ সন্মান পদ্মভূষণৰ বাবে অভিনেতা মিথুন চক্ৰৱৰ্তী নিৰ্বাচিত হৈছিল । ইয়াৰ পিচত অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াত ভাৰত চৰকাৰ আৰু অনুৰাগীসকলক ধন্যবাদ জনাইছিল ।

এই সন্দৰ্ভত তেওঁ কৈছিল - ইমান মৰম আৰু সন্মান দিয়াৰ বাবে সকলোকে ধন্যবাদ । এই বঁটাটো মই ভাৰত আৰু বিশ্বৰ সকলো অনুৰাগীলৈ উৎসৰ্গা কৰিছো । যিসকলে মোক নিস্বাৰ্থ মৰম দিছে, মোৰ শুভাকাংক্ষীসকলৰ বাবে এইখিনি উৎসৰ্গা কৰিছো । মোক ইমান মৰম আৰু সন্মান দিয়াৰ বাবে ধন্যবাদ ।

লগতে পঢ়ক: শ্বুটিঙৰ সময়ত হঠাৎ অসুস্থ অভিনেতা মিঠুন চক্ৰৱৰ্তী

Last Updated : Feb 11, 2024, 1:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.