ধনী হোৱাৰ সপোনে যেতিয়া হাতবাউল দি মাতে, পাহৰি নাযাব প্ৰত্যাহ্বানৰ কথা
ধনী হোৱাৰ স্বপ্ন বুকুত বান্ধি আগবাঢ়ি যোৱা যুৱকৰ কাহিনীৰে শীঘ্ৰেই আহি আছে "Malamal Boyyyz" ৷ পূৰ্ণগতিত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণ ।

By ETV Bharat Entertainment Team
Published : March 14, 2025 at 1:15 PM IST
গুৱাহাটী : চলিত বৰ্ষত নিৰ্মাণ হৈ থকা তথা মুক্তি পাবলগীয়া ছবিসমূহৰ তালিকাত সংযুক্ত হৈছে আন এখন পূৰ্ণদৈৰ্ঘৰ ছবি ৷ অনিমা লহকৰৰ প্ৰযোজনা তথা মাটংগী এণ্টাৰটেইনমেণ্টৰ বেনাৰত চলিত বর্ষত ছবিগৃহলৈ আহি আছে এই নতুন অসমীয়া ছবিখন, নাম "Malamal Boyyyz" ৷
এদল যুৱকে সপোনৰ পম খেদি জীৱনত আহৰণ কৰা তিতা-মিঠা অভিজ্ঞতা সামৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে ৷ আহিবলগীয়া এই ছবিখনৰ কাহিনী আৰু পৰিচালনা মৃণাল ডেকাৰ । ধনী হোৱাৰ স্বপ্ন বুকুত বান্ধি আগবাঢ়ি যোৱা যুৱককেইজনৰ কাহিনীৰে নিৰ্মিত এই ছবিখন সন্দৰ্ভত জানিবলৈ ইটিভি ভাৰতৰ সাংবাদিকে পৰিচালকৰ সৈতে যোগাযোগ কৰিছিল ৷

সাংবাদিক দিপাঞ্জলি শৰ্মাৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত পৰিচালকগৰাকীয়ে জনালে কিছু কথা-

“৪ জন যুৱক ধনী হোৱাৰ স্বপ্নত বিলীন হয় আৰু সেই স্বপ্নক সাৰ্থক কৰিবলৈ যোৱাৰ সময়ত তেওঁলোকে যিবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, সেইখিনিৰ আধাৰতেই নিৰ্মাণ কৰা হৈছে Malamal Boyyyz ।”

“ছবিখন এখন হাস্যমধুৰ ছবি । ৪ জন যুৱকৰ কাহিনীক লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে । বেলেগ বেলেগ ক্ষেত্ৰত চাকৰি কৰি থকা চাৰিজন যুৱকে ধনী হোৱাৰ সপোন দেখে । সামাজিক মাধ্যম আদিত দেখি থকা ভিন্ন ভিডিঅ’ আদিৰ পৰা অনুপ্ৰাণিত হৈ তেওঁলোকে ষ্টাৰ্ট আপ এটা আৰম্ভ কৰে । ষ্টাৰ্ট আপ হিচাপে তেওঁলোক চাৰিজনে মিলি চাহৰ দোকান এখন আৰম্ভ কৰে । কিন্তু সেই দোকানখনো কিছুদিনৰ পাছত উচ্ছেদ কৰি দিয়া হয় । যাৰ ফলত তেওঁলোক বহু বিপদত পৰে ৷ উচ্ছেদৰ পাছত কেনেদৰে চলিব বা কেনেদৰে জীৱন নিৰ্বাহ কৰিব এনেধৰণৰ বহু চিন্তা-চৰ্চা কৰাৰ ফলত তেওঁলোকৰ মনলৈ খেতি কৰাৰ কথা আহে । তেওঁলোকৰ এই সমগ্র যাত্ৰাটোকে আধাৰ হিচাপে লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে ৷ ” পৰিচালক ডেকাৰ ভাষ্য ৷

- বৰ্তমানলৈ ছবিখনৰ কিমান কাম সম্পূৰ্ণ হৈছে
এই সন্দৰ্ভত পৰিচালকে জনায়, “বৰ্তমানলৈ ছবিখনৰ ৪০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । লগতে ছবিখনৰ তিনিটা গীত সম্পূৰ্ণ হৈছে । গীত তিনিটাৰ এটা গীতট আচুৰ্য বৰপাত্ৰ, এটা গীতত জয় বৰুৱা আৰু আনটো গীতত বহ্ণিমানে কণ্ঠদান কৰিছে । আনহাতে বৰ্তমান ছবিখনৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত চলি আছে । গুৱাহাটীৰ লগতে মিৰ্জাৰ এখন গাঁৱত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব ।”

- ছবিখনৰ নিৰ্মাণৰ পৰিকল্পনা কিমান দিনৰ আছিল আৰু কেতিয়া মুক্তি দিয়া হ'ব ?
“ছবিখনৰ পৰিকল্পনা ২০২৪ বৰ্ষৰ শেষৰ ভাগতে কৰা হৈছিল । আনহাতে চলিত বর্ষৰ জুলাই মাহত ছবিখনৰ মুক্তিৰ পৰিকল্পনা কৰা হৈছে । জুলাইৰ পূৰ্বে সকলো কাম সম্পূৰ্ণ কৰি তোলা হ'ব ।”

উল্লেখ্য যে, এই অসমীয়া ছবিখনৰ জৰিয়তে উপস্থাপন কৰা হ’ব এদল যুৱপ্ৰজন্মৰ কাহিনী । চাৰি যুৱকৰ চৰিত্ৰত অভিনয় কৰিব বলিন বৰা, জিণ্টু কুমাৰ কাশ্যপ, নৱজ্যোতি নাথ আৰু উজ্জ্বল ৰাজখোৱাই । আনহাতে অন্যান্য চৰিত্ৰসমূহত থাকিব জুনু নাথ, অতুল পাঁচনি, সিদ্ধাৰ্থ মুখাৰ্জী, দীপক ৰয়, নম্ৰতা দাস, প্ৰণামী ভাৰতী, ৰাজু ৰয়, নৱ নাথ, অতনু কোঁৱৰ লগতে আন বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰী ৷

এই ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছে মৃণাল ডেকা, জিণ্টু কাশ্যপ আৰু নিশিৰঞ্জন কে মল্লিকাই । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে চন্দ্ৰ কুমাৰে । শব্দ-সংমিশ্ৰণ কিংশুক মৰণৰ । সম্পাদনাত আছে হাৰ্দিক কাশ্যপ আৰু সংগীত কৰিছে চিৰন মহন্তই ।

মৃণাল ডেকাৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবি আৰু ৱেব ছিৰিজসমূহে ইতিমধ্যে ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । তেখেতৰ পৰিচালনাৰে নিৰ্মিত ‘জুনুকা’ ধাৰাবাহিকখনে ইতিমধ্যে যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । আহিবলগীয়া ছবিখনৰ বাবে এতিয়া আশাবাদী পৰিচালক তথা কলা-কুশলীসকল ।


