মহেশ বাবুৰ কন্যা সীতাৰাৰ ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট, মাতৃ নম্ৰতাই দিলে সকীয়নি
Sitara Ghattamaneni's Fake Insta Account: প্ৰৱঞ্চকে ছুপাৰষ্টাৰ মহেশ বাবু আৰু নম্ৰতা শিৰোডকাৰৰ কন্যা সীতাৰাৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট তৈয়াৰ কৰিছে ৷ ইয়াৰ পিচতে মহেশ বাবুৰ পত্নীয়ে প্ৰৱঞ্চকৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ।

Published : February 11, 2024 at 10:05 AM IST
চিটাৰা ডেস্ক, ১১ ফেব্ৰুৱাৰী: ব্লকবাষ্টাৰ ছবি ‘গুন্টুৰ কৰম’ৰ বাবে বৰ্তমান চৰ্চাত আছে দক্ষিণৰ ছুপাৰষ্টাৰ মহেশ বাবু । ১২ জানুৱাৰীত ছবিগৃহত মুক্তি পোৱা ছবিখনে ছবিগৃহত খলকনি তোলাৰ পিচত এতিয়া অ’টিটিত মুক্তি লাভ কৰিছে ৷ ৯ ফেব্ৰুৱাৰীত নেটফ্লিক্স প্লেটফৰ্মত তেলুগু, তামিল, কানাড়া, মালয়ালম আৰু হিন্দী ভাষাত মুকলি কৰা হয় ‘গুন্টুৰ কৰম’। এই ছবিখনৰ সফলতাৰ মাজতে এতিয়া মহেশ বাবুৰ কন্যা সীতাৰাৰ বিষয়ে আহিছে এটা খবৰ ৷ দৰাচলতে মহেশ বাবুৰ কন্যা সীতাৰাৰ নামত কোনোবাই ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলিছে । এই বিষয়ে সীতাৰাৰ মাতৃ নম্ৰতা শিৰোডকাৰে গম পোৱাৰ লগে লগে প্ৰৱঞ্চকৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এই তথ্য অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে ।
মহেশ বাবুৰ কন্যাৰ ভুৱা একাউণ্ট
মহেশ বাবুৰ পত্নী নম্ৰতা শিৰোডকাৰে ছ’চিয়েল মিডিয়াত কন্যা সীতাৰা ঘট্টামনেনীৰ পৰিচয়ৰ অপব্যৱহাৰ কৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । মহেশ বাবুৰ প্ৰডাকশ্যন হাউছ জিএমবি এণ্টাৰটেইনমেণ্ট আৰু নম্ৰতা শিৰোডকাৰে এটা পোষ্টৰ জৰিয়তে কয় যে প্ৰৱঞ্চকে সীতাৰাৰ ভুৱা ছ’চিয়েল মিডিয়া একাউণ্ট তৈয়াৰ কৰি একাংশ ব্যৱহাৰকাৰীলৈ ট্ৰেডিং আৰু ইনভেষ্টমেণ্টৰ লিংক প্ৰেৰণ কৰিছিল । কন্যা সীতাৰাৰ ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নম্ৰতা শিৰোডকাৰে ।
ইয়াত চাওক নম্ৰতাৰ পোষ্ট-
প্ৰৱঞ্চকক সকীয়নি নম্ৰতাৰ
নম্ৰতাই প্ৰকাশ কৰা বিবৃতিত লিখা আছিল, ‘‘সাৱধান হওক! মাধাপুৰ আৰক্ষীয়ে টিম জিএমবিৰ পৰা তথ্য গ্ৰহণ কৰি ইনষ্টাগ্ৰামত সীতাৰা ঘট্টামনেনীৰ নামত সংঘটিত হৈ থকা চাইবাৰ অপৰাধৰ ঘটনা সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে । এজন অচিনাকি ব্যৱহাৰকাৰীয়ে প্ৰৱঞ্চনাৰে সীতাৰাৰ একাউণ্ট তৈয়াৰ কৰি ব্যৱসায় আৰু বিনিয়োগৰ লিংক মানুহলৈ প্ৰেৰণ কৰিছে ।’’ ইফালে অভিনেত্ৰী নম্ৰতাই সীতাৰাৰ অফিচিয়েল একাউণ্টৰ বাহিৰে আন কোনো একাউণ্টক বিশ্বাস নকৰিবলৈও অনুৰোধ জনায় ।
লগতে পঢ়ক: 1 মিনিটৰ বাবে 1 কোটি টকা লয় এইগৰাকী ফ্লপ অভিনেত্ৰীয়ে

