ETV Bharat / entertainment

বেংগালুৰুত ভোটাধিকাৰ সাব্যস্ত কৰিলে অভিনেতা প্ৰকাশ ৰাজে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 10:01 AM IST

Lok Sabha Election 2024: আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয়টো দিন ৷ অভিনেতা প্ৰকাশ ৰাজে বেংগালুৰুৰ এটা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে ৷

Lok Sabha Election 2024
বেংগালুৰুত ভোটাধিকাৰ সাব্যস্ত কৰিলে অভিনেতা প্ৰকাশ ৰাজে

চিটাৰা ডেস্ক, 26 এপ্ৰিল : দেশজুৰি 2024 চনৰ লোকসভা নিৰ্বাচন অব্যাহত আছে ৷ ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হৈছে । আজি 13 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত, 89 টা সমষ্টিত ভোটদান অনুষ্ঠিত হৈছে । ভোটদান প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে আৰু এই ভোটদান সন্ধিয়া 5 বজালৈ চলিব ৷ 19 এপ্ৰিলত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত মুঠ 109 খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হৈছিল ৷

আজি বলীউড তথা দক্ষিণৰ প্ৰখ্যাত অভিনেতা প্ৰকাশ ৰাজে বেংগালুৰুত ভোটদান কৰে । অভিনেতাজনক পুৱা বেংগালুৰুৰ এটা ভোটকেন্দ্ৰত দেখা গৈছিল । ভোটদান কৰাৰ পিচত অভিনেতাজনে কৈছিল, "মোৰ ভোট মোৰ অধিকাৰ আৰু ই মোক স্বাধীনতা দিয়ে সাংসদত কোনে মোক প্ৰতিনিধিত্ব কৰি আৰু আমাৰ হৈ মাত দিব ৷ আপুনি বিশ্বাস কৰা প্ৰাৰ্থীজনক ভোট দিয়াতো অতি গুৰুত্বপূৰ্ণ, মই সেইগৰাকী নিৰ্বাচনী ইস্তাহাৰ আৰু প্ৰাৰ্থী চাই ভোট দিছো ৷"

আজি কৰ্ণাটকৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 14 খন আসনত ভোটগ্ৰহণ কৰা হৈছে । দ্বিতীয় পৰ্যায়ত বেংগালুৰুৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত আছে বেংগালুৰ গ্ৰাম্যৰ ডি কে সুৰেশ, বেংগালুৰু উত্তৰৰ শোভা কাৰান্দলাজে, বেংগালুৰু দক্ষিণৰ তেজস্বী সূৰ্য আৰু মাণ্ড্যৰ এইছ ডি কুমাৰস্বামী ৷

ভোটাৰসকলৰ সুবিধাৰ বাবে, নিৰ্বাচন আয়োগে গৰমৰ লগত মোকাবিলা কৰিবলৈ সুবিধাসহ সকলো ভোটগ্ৰহণ স্থানত পুংখানুপুংখ ব্যৱস্থা কৰিছে । মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কৈছে যে, লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত সুশৃংখল ভোটদানৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ লগতে তেওঁ ভোটাৰসকলক গণতন্ত্ৰ উদযাপন কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: পৰীক্ষাত ফেইল : ৭ গৰাকী শিক্ষাৰ্থীৰ আত্মহত্যা - Students suicide

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.