গুৱাহাটী : 'ৰূপকাৰ' ৷ কেৱল এখন আলোচনীয়েই নহয়, যেন 'ৰূপকাৰ' আছিল অসমীয়া সাহিত্য-সংস্কৃতিৰ এক আবেগস্বৰূপ । ১৯৭৫ চনৰ গুৱাহাটীৰ পৰা বিশিষ্ট সাংবাদিক প্ৰয়াত পবিত্ৰ কুমাৰ ডেকাৰ তত্বাৱধানত প্ৰকাশ পাইছিল চলচ্চিত্ৰ তথা সাংস্কৃতিক বিষয়ক আলোচনী 'ৰূপকাৰ' । সাংবাদিক পবিত্ৰ কুমাৰ ডেকাৰ নাম নুশুনা মানুহ হয়তো কমেই ওলাব ।
তেওঁ অকলেই অসমৰ সাংস্কৃতিক সাংবাদিকতাৰ এছোৱা আৱৰি আছিল ৷ এনে এজন সাংবাদিক আছিল যি নিজৰ ঘৰৰ চৌহদৰ পৰা বাহিৰ নোলোৱাকৈয়ে গোটেই সাংস্কৃতিক জগতৰ খবৰ হাতৰ মুঠিত ৰাখিবলৈ সক্ষম হৈছিল ।
আছাম ট্ৰিবিউনৰ কাৰ্যালয়ত চাকৰি কৰিছিল যদিও তেওঁ কেৱল এজন চাকৰিয়ালেই নাছিল ৷ তেওঁৰ সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত প্ৰকাশ কৰি উলিয়াইছিল 'ৰূপকাৰ' নামৰ সাংস্কৃতিক বিষয়ক আলোচনীখন ৷ ভিন্ন কাৰণত ৯০ দশকৰ মাজভাগত ‘ৰূপকাৰ’ ৰ প্ৰকাশ বন্ধ হৈ পৰে । কিন্তু 'ৰূপকাৰ'ৰ স্বৰ্ণ জয়ন্তী উপলক্ষে পবিত্ৰ কুমাৰ ডেকাৰ সুযোগ্য পুত্ৰ প্ৰদ্যুৎ কুমাৰ ডেকা আৰু পল্লবী বৰাৰ প্ৰচেষ্টাত প্ৰকাশ পাইছে ৰূপকাৰৰ স্বৰ্ণ জয়ন্তী বিশেষ সংখ্যা ৷

ৰূপকাৰ আলোচনীখন প্ৰথমে কেতিয়া আৰু কেনেদৰে প্ৰকাশ পাইছিল ?
ই টিভিৰ ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত প্ৰদ্যুৎ কুমাৰ ডেকাই ক'লে- "মোৰ দেউতা, প্ৰয়াত পবিত্ৰ কুমাৰ ডেকাই ১৯৬০ চনৰ পৰা ‘ট্ৰিবিউন গ্ৰুপ’ৰ সৈতে কাম কৰিছিল । লগতে সেই সময়তে দুজন সহকৰ্মীৰ সৈতে তেওঁ ‘সমকালীন’ নামৰ এখন প্ৰগতিশীল আলোচনী আৰম্ভ কৰিছিল । একে সময়তে তেওঁ প্ৰসিদ্ধ আলোচনী ‘আমাৰ প্ৰতিনিধি’ৰ সহযোগী সম্পাদক হিচাপেও কাম কৰিছিল, যাৰ সম্পাদক আছিল কিংবদন্তি ড° ভূপেন হাজৰিকা ।
১৯৭৪ চনত তেওঁ কিছু কাৰণবশতঃ আলোচনীখনৰ পৰা অব্যাহতি লয় । সেই এক বছৰতে তেওঁ বাংলা ভাষাত প্ৰকাশিত আলোচনী ‘আনন্দ সংবাদ’ৰ সম্পাদনা আৰম্ভ কৰিছিল, কিন্তু আলোচনীখন কিছু মাহৰ পাছত বন্ধ হৈ গ’ল ।

লগতে ডেকাই জনাই, ''আনন্দ সংবাদ বন্ধ হৈ যোৱাৰ পাছত তেওঁ নিজেই নিজৰ সাংস্কৃতিক আলোচনী 'ৰূপকাৰ' প্ৰকাশ আৰু সম্পাদনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । যি আনন্দ সংবাদৰ দৰে একেই ধৰণৰ আছিল । ১৯৭৫ চনৰ এপ্ৰিল মাহত গুৱাহাটীৰ পৰা আৰম্ভ হৈছিল 'ৰূপকাৰ'ৰ যাত্ৰা । 'ৰূপকাৰ' আছিল চলচ্চিত্ৰ আৰু সংস্কৃতিকেন্দ্ৰীক এখন আলোচনী ।
যিখন আলোচনী প্ৰায় দুই দশক ধৰি চলিছিল । সেই সময়ত ট্ৰিবিউন গ্ৰুপৰ সৈতে কাম কৰি থকাৰ বাবে তেওঁ আৰম্ভণিতে সম্পাদক বা প্ৰকাশক হিচাপে নিজৰ নাম ব্যৱহাৰ কৰিছিল নাছিল । পৰৱৰ্তী সময়ত ট্ৰিবিউন গ্ৰুপৰ অনুমতি মৰ্মে সম্পাদক বা প্ৰকাশক হিচাপে নিজৰ নাম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে । এনেদৰে আৰম্ভণি হৈছিল ৰূপকাৰ আলোচনীৰ যাত্ৰা ।''
পবিত্ৰ কুমাৰ ডেকাৰ লগত আৰু কোন কোন জড়িত আছিল সেই সময়ত ?
'ৰূপকাৰ' আলোচনীৰ আৰম্ভণিতে জ্যেষ্ঠ সাংবাদিক অপূৰ্ব কুমাৰ দাস জড়িত আছিল । লগতে আলোচনীখনৰ নিৰ্দেশক আৰু স্থায়ী উপদেষ্টা হিচাপে আছিল ড° ভূপেন হাজৰিকা আৰু নিৰোদ চৌধুৰী । জনপ্ৰিয় কলম লিখিছিল তেওঁলোক দুয়োগৰাকীয়ে ।
লগতে প্ৰখ্যাত কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী ত্ৰৈলোক্য দত্তই প্ৰথমে আলোচনীখনৰ কভাৰ ডিজাইন কৰিছিল । পিছলৈ শিল্পী চন্দন চুতীয়াই সেই দায়িত্ব লৈছিল । ইয়াৰোপৰি নিতাই ঘোষ, আৰতী ঠাকুৰ আৰু জিতু-তপনে কলিকতা, দিল্লী আৰু মুম্বাইৰ পৰা সংবাদদাতা হিচাপে অৱদান আগবঢ়াইছিল ।
সেই সময়ত কোন কোন লিখকৰ লিখনি প্ৰকাশ পাইছিল ?
'ৰূপকাৰ’ত বহু বৰেণ্য লেখকৰ অৱদান আছিল । সেই সকলৰ ভিতৰত আছিল প্ৰসিদ্ধ সাহিত্যিক পদ্ম বৰকটকী, নিৰোদ চৌধুৰী, ড° লক্ষীনন্দন বৰা, ৰত্ন ওজা আদিকে ধৰি বহু গুণী-জ্ঞানী ব্যক্তি । লগতে আলোচনীখন নতুন লেখকসকলৰ বাবে, বিশেষকৈ চলচ্চিত্ৰ প্ৰতিবেদনত ৰুচি থকা লেখকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হৈ পৰিছিল । ইয়াৰে ভিতৰত কমললোচন দাস, শেখৰজ্যোতি ভূঞা, অৰুণলোচন দাস, উৎপল দত্ত, ৰেজেক আলী আহমেদ, হেমন্ত কুমাৰ দাস, বিদ্যুৎ কুমাৰ ভূঞা আৰু সঞ্জীৱ হাজৰিকাৰ দৰে লেখকসকলৰ নাম উল্লেখযোগ্য ।

আলোচনীখনৰ বিশেষ সংখ্যাসমূহত ৰহস্যধর্মী কাহিনীৰ জনপ্ৰিয় লেখক সত্যানন্দ কলিতা আৰু প্রফুল্ল কুমাৰ দত্তই থ্ৰিলাৰ বা ভৌতিক কাহিনী লিখি আলোচনীখনত এক নতুন মাত্ৰা প্ৰদান কৰিছিল ।
কি কি শিতান আছিল 'ৰূপকাৰ'ত ? কোনবোৰ শিতান বিশেষভাৱে জনপ্ৰিয় আছিল ?
এই সন্দৰ্ভত প্ৰদ্যুৎ কুমাৰ ডেকাই কয়, ''মোৰ দেউতা অত্যন্ত ব্যস্ত মানুহ আছিল । মই পূৰ্বেও কৈছিলো, তেওঁ ‘ট্ৰিবিউন গ্ৰুপ’ত কাম কৰিছিল । যাৰ বাবে তেওঁ অতি ব্যস্ত আছিল আৰু সন্ধিয়া কাৰ্যালয়ৰ কাম শেষ কৰি আহিহে ‘ৰূপকাৰ’ৰ কামত মনোযোগ দিব পাৰিছিল । ইয়াৰোপৰি তেখেতে ‘ঐক্যতান’ নামৰ এক অতি জনপ্ৰিয় নাট্যদলৰো নেতৃত্ব দিছিল । যিটো নাট্যগোষ্ঠীয়ে নিয়মিতভাৱে নাটক মঞ্চস্থ কৰিছিল । লগতে লেখক, সাংবাদিক, ৰাজনীতিজ্ঞ, চলচ্চিত্ৰ নিৰ্মাতা, নাট্যব্যক্তিত্ব, সংগীতজ্ঞ আদি সকলোৰে সমাগমত আলোচনা সভা অনুষ্ঠিত হৈছিল, যি প্ৰায়েই পুৱা পৰ্যন্ত চলিছিল । এই সকলোবোৰ ব্যস্ততাৰ মাজতো দেউতাই প্ৰতিমাহে ‘ৰূপকাৰ’ৰ নতুন সংখ্যা অনিয়মিত নোহোৱাকৈ প্ৰকাশ কৰিছিল । তেতিয়াৰ দিনত মানুহে বিশ্বৰ ঘটনা সম্বন্ধে বেছি জানিব নোৱাৰিছিল, কিন্তু জানিবলৈ উৎসুক আছিল । ‘ৰূপকাৰ’এ সেই অভাৱ পূৰ কৰিছিল । সংস্কৃতি, চলচ্চিত্ৰ আৰু নাট্যকলা সম্পৰ্কে বস্তুনিষ্ঠ আৰু পৰিশীলিতভাৱে, কোনো চাঞ্চল্যবিহীনভাৱে তথ্য প্ৰদান কৰিছিল 'ৰূপকাৰ’এ । নাটঘৰ, চিত্ৰঘৰ, ফ্লেছবেক, এখন্তেক আৰু আন্তৰ্জাতিক নামৰ শিতানবোৰ অত্যন্ত জনপ্ৰিয় হৈছিল । ‘ৰূপকাৰ’ক এক সুকীয়া মাত্ৰা দিছিল নিয়মিতভাৱে প্ৰকাশ কৰা জনপ্ৰিয় নাটক আৰু প্ৰসিদ্ধ চলচ্চিত্ৰৰ পৰ্দাছবিসমূহে ৷ যি আলোচনীখনৰ এক অনন্য বৈশিষ্ট্য আছিল । মোৰ স্পষ্টকৈ মনত আছে ১৯৭৫ বা ১৯৭৬ চনৰ এটা সংখ্যাত ‘শ্ব'লে’ নামৰ ব্লকবাষ্টাৰ চলচ্চিত্ৰখনৰ সম্পূৰ্ণ পৰ্দাছবি অসমীয়াত প্ৰকাশ কৰা হৈছিল ।"
সেই সময়ত আলোচনীখনৰ প্ৰতি পাঠকৰ সঁহাৰি কেনেধৰণৰ আছিল ?
"এখন আলোচনী কেৱল তেতিয়াহে চলিব পাৰে যেতিয়া মানুহে আলোচনীখনক পচন্দ কৰে আৰু ইয়াৰ সৈতে সংযোগ অনুভৱ কৰে । মই আগতে কৈছিলো, তেতিয়াৰ দিনত মানুহে পৃথিৱীৰ ক’ত কি ঘটিছে সেয়া জানিবলৈ কৌতূহলী আছিল । কিন্তু অসমত সেইধৰণৰ তথ্য সহজলভ্য নাছিল । সেই অভাৱ পূৰণ কৰিছিল ‘ৰূপকাৰ’এ—বিশেষকৈ যুৱ পঢ়ুৱৈসকলৰ মাজত সেই কৌতূহল আছিল । সঁচা কথা ক'বলৈ গ'লে এই আলোচনীখন বৌদ্ধিক শ্রেণীৰ বাবে নহয়, বৰঞ্চ সাধাৰণ ৰাইজৰ বাবে আছিল । ইয়াৰ পৰৱৰ্তী সময়ত ‘ৰূপকাৰ’ এ মেঘালয় আৰু অৰুণাচল প্ৰদেশত থকা অসমীয়া পঢ়ুৱৈসকলৰ মাজতো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল ।" অতীত সুঁৱৰি ক'লে প্ৰদ্যুৎ কুমাৰ ডেকাই ৷
সেই সময়ত কিমান কপীলৈকে প্ৰকাশ কৰিছিল ? কেতিয়া কি পৰিস্থিতিত আলোচনীখন বন্ধ হৈছিল ?
ডেকাই আৰু ক'লে- "মোৰ সঠিক সংখ্যাটো মনত নাই যদিও ‘ৰূপকাৰ’ সেই সময়ত প্ৰায় ৫০ হাজাৰ ক'পী প্ৰকাশ হৈছিল । সেইসময়ৰ পৰিপ্ৰেক্ষিতত এইটো এক ডাঙৰ কথা আছিল । কিন্তু ১৯৯০ দশকৰ পৰা এয়া সলনি হ’বলৈ ধৰিলে । কম্পিউটাৰ আৰু ইণ্টাৰনেট আহিল, তথ্য আৰু বিনোদনে একেবাৰে নতুন ৰূপত লাভ কৰিলে । সেই সময়তো আমাৰ ‘ৰূপকাৰ প্ৰকাশন’ পৰম্পৰাগত পদ্ধতিৰে চলি আছিল । সেই সময়ত আমাক প্ৰয়োজন আছিল একেবাৰে নতুনকৈ প্ৰযুক্তিৰ পূৰ্ণ সংস্কাৰৰ । দেউতাই ইতিমধ্যে ‘ট্ৰিবিউন গ্ৰুপ’ৰ পৰা অৱসৰ গ্ৰহণ কৰি সদ্যগঠিত ‘সাদিন গ্ৰুপ’ত যোগ দিছিল । জীৱনৰ সেই পৰ্যায়ত তেওঁ নতুনকৈ কোনো ডাঙৰ সিদ্ধান্ত ল’বলৈ ইচ্ছা নকৰিলে । সেয়ে ১৯৯০ দশকৰ মাজভাগত ‘ৰূপকাৰ’ৰ প্ৰকাশ বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ।''
আলোচনীখনৰে ৫০ বছৰীয়া সংখ্যা প্ৰকাশ কৰাৰ কথাটো কেনেদৰে মনলৈ আহিল ?
"মই ২০২০ চনৰ আৰম্ভণিত ‘ৰূপকাৰ প্ৰকাশন’ পুনৰুজীৱিত কৰিছিলো । দেউতাৰ আত্মজীৱনীমূলক কিতাপ ‘মোৰ সত্য অন্ন সংস্থাপনৰ কাহিনী' প্ৰকাশ পাইছিল ৷ এইবোৰৰ মাজত উল্লেখযোগ্য আছিল ‘ৰূপকাৰৰ সৰ্বশ্ৰেষ্ঠ গল্প’ । বহু পৰ্যালোচনাৰ পাছত মই নিজেই আলোচনীখনক পুনৰ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো । ২০২৫ চনতেই সোণালী জয়ন্তী বৰ্ষত পুনৰুজ্জীৱিত কৰাৰ বাবে সঠিক সময় বুলি অনুভৱ কৰিলো ।" মন্তব্য প্ৰদ্যুৎ কুমাৰ ডেকাৰ ৷
ডিজিটেল যুগত এখন ছপা আলোচনী প্ৰকাশ কৰাটো প্ৰত্যহ্বানমূলক
"ভাগ্যক্ৰমে বা হয়তো দুর্ভাগ্যক্ৰমে মই ছপা যুগ আৰু ডিজিটেল যুগ দুয়োটাতে জীয়াই আছো । সময় সলনি হ’লে আপুনিও সলনি হ'ব লাগিব ৷ অন্য কোনো বিকল্প নাথাকে । মই চলচ্চিত্ৰ নিৰ্মাতা হিচাপে কাম কৰিছিলোঁ ৷ প্ৰথমতে পৰম্পৰাগত পদ্ধতিত আৰম্ভ কৰিছিলোঁ আৰু এতিয়া মই হাৰ্ড ডিস্ক আৰু কম্পিউটাৰ ব্যৱহাৰ কৰিছোঁ ৷ কিন্তু এটা বস্তু একেবাৰেই সলনি হোৱা নাই- সেইটো হৈছে সৃষ্টিশীলতা । আপুনি যি উপকৰণেই ব্যৱহাৰ নকৰক, এখন ভাল ছবি বনাবলৈ সৃষ্টিশীলতা প্ৰয়োজন ।
মই জানোঁ, আজিকালি মানুহে বেছিভাগ অনলাইনতে পঢ়ে । কিন্তু ইও সত্য যে তেওঁলোকে প্ৰধানকৈ খবৰ, তথ্য বা চিনেমাতে সীমাবদ্ধ থাকে । কথাসাহিত্য বা গল্পক এতিয়াও মানুহে পৰম্পৰাগতভাৱে পঢ়িবলৈয়েই পচন্দ কৰে । সেইকাৰণে মই বাৰ্ষিক প্ৰকাশ হিচাপে ‘ৰূপকাৰ’ পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । এইদৰে আলোচনীখনৰ প্ৰতিটো সংখ্যা বিশেষ হৈ উঠিব ।" ডেকাই ক'লে ৷
বৰ্তমান পাঠকৰ সঁহাৰি কেনে পাইছে ?
"সৌভাগ্যক্ৰমে পাঠকৰ যথেষ্ট উৎসাহজনক সঁহাৰি লাভ কৰিছো । আলোচনীখনৰ প্ৰি-অৰ্ডাৰসমূহ আমি আশা কৰাতকৈও বহুত বেছি আছিল । এতিয়াও মানুহে অনলাইন আৰু দোকান দুয়ো ঠাইতে কিনি আছে ।"
ইয়াৰ পৰৱৰ্তী সংখ্যা কেতিয়া প্ৰকাশ পাব ?
‘ৰূপকাৰ’ৰ পৰৱৰ্তী সংখ্যা অহা বছৰৰ এপ্ৰিল মাহত অৰ্থাৎ বিহুৰ সময়ছোৱাত প্ৰকাশ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দি প্ৰদ্যুৎ কুমাৰ ডেকাই ক'লে যে আলোচনীখনৰ অহা সংখ্যাটো একেবাৰে বিশেষ হ’ব । পৰৱৰ্তী সংখ্যাটো ‘ৰহস্য সংখ্যা’ হ'ব, য'ত থাকিব ৰহস্য কাহিনী, উপন্যাস, নাটক, পৰ্দাছবি আৰু বিভিন্ন ৰহস্য-সম্পৰ্কীয় প্ৰবন্ধ । "আমাৰ বাবে এইটো এক নতুন আৰু সাহসী প্ৰয়াস আৰু আমি এই কথা আপোনালোকক জনাবলৈ পাই সঁচাকৈয়ে উৎফুল্লিত । আমি আশা কৰোঁ, আমাৰ পঢ়ুৱৈসকলে এই নতুন ৰূপক আদৰি ল'ব । অৱশ্যে কেতিয়াবালৈ মই দূৰ্গা পূজাৰ সময়তো এটা বিশেষ সংখ্যা উলিয়াবলৈ চেষ্টা কৰিব পাৰো ।" ডেকাই কয় ৷
সেই সময়ৰ কিবা স্মৰণীয় মুহূৰ্ত আছে নেকি ?
"আশীৰ দশকত মই সৰু আছিলো । স্কুলৰ পৰা ঘৰলৈ উভতি আহিয়েই দৌৰি গৈছিলো আমাৰ চৌহদত থকা সৰু প্ৰেছটোলৈ । সেইসময়ত তাত থকা চাৰি-পাঁচজনীয়া সৰু দলটোৰ লগতে প্ৰেছটোৰ সৈতে মোৰ এক গভীৰ আত্মীয়তা গঢ়ি উঠিছিল । ‘ৰূপকাৰ’ৰ নতুন সংখ্যা ওলোৱা মুহূৰ্তবোৰ মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া স্মৃতি । মই আগতেও কৈছিলো, আমাৰ ঘৰলৈ সদায় দেউতাক লগ কৰিবলৈ আহিছিল শিল্পী, সাংবাদিক, ৰাজনীতিক, নাট্যজগতৰ ব্যক্তি, সংগীতজ্ঞ, কবি, সাহিত্যিকৰ লগতে আন বহু লোক ।"
লগতে তেওঁ কয়, ''মোৰ মনত আছে সেই সময়ৰ বহু ব্যক্তিত্বৰ কথা । হেমাংগ বিশ্বাসৰ পৰা আৰম্ভ কৰি ড৹ হীৰেন গোহাঁই, ড৹ লক্ষ্মীনন্দন বৰা, উদয়াদিত্য ভৰালী, প্রদীপ আচার্য, নিত্য বৰা, ড৹ ভূপেন হাজৰিকা, খগেন মহন্ত, জয়ন্ত হাজৰিকা, বিজু ফুকন, কুলদা কুমাৰ ভট্টাচাৰ্য, আব্দুল মজিদ, দুলাল ৰয়, ৰত্ন ওজা, ইন্দ্ৰ বণিয়া, ৰতন লহকৰ, প্ৰশান্ত হাজৰিকা, মহেন্দ্ৰ বৰঠাকুৰ আদিকে ধৰি বৌদ্ধিক জগত-সংস্কৃতিক জগতৰ বহু ব্যক্তিয়ে আমাৰ ঘৰলৈ সদায় দেউতাক লগ কৰিবলৈ আহিছিল । আনহাতে সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰবৰ্তী, প্ৰৱীণ হাজৰিকা, মইনুল হক, নেকিবুৰ জামান, ভায়া মামা (ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী), সুৰজিৎ গগৈ আদিৰ লগতে সাহিত্যিক আৰু কবিসকল যেনে অৱনী চক্ৰৱৰ্তী, ৰবীন্দ্ৰ সৰকাৰ, জ্ঞান পূজাৰী, অৰুণ গোস্বামী, জয়ন্ত মাধৱ বৰুৱা, দেবব্ৰত দাস আদি আহিছিল ৷ এই মুহূৰ্তত সকলোৰে নাম মনলৈ অহা নাই যদিও এই তালিকাখন দীঘল আছিল ।''
'ৰূপকাৰ'ৰ কাৰ্যালয়ত সাহিত্য-সংস্কৃতিৰ আড্ডা
"তেতিয়াৰ সময়ৰ প্ৰায় সৃষ্টিশীল লোকেই এই আড্ডাত অংশগ্ৰহণ কৰিছিল । এই আড্ডাসমূহৰ আলোচনাৰ বিষয়বোৰ সদায় বুজি নাপাইছিলো যদিও মই ক’ব পাৰো—সেইবোৰ আলোচনা এক সৃষ্টিশীলতা, অনুপ্ৰেৰণা আৰু ইতিবাচক শক্তিৰে ভৰা আছিল । এই সময়ত এটা সৰু ঘটনা মোৰ মনলৈ আহিছে- আৰম্ভণিৰ দিনত এই আড্ডাসমূহ আমাৰ ‘ঐক্যতান’ ক্লাবত হৈছিল, যি ‘ৰূপকাৰ’ৰ কাৰ্যালয় হিচাপেও ব্যৱহৃত হৈ আহিছিল । আমাৰ ঘৰটোৰ কাষতেই আছিল । এদিন ৰাতি সেই আড্ডা ইমানেই দীঘল হৈ গৈছিল যে পুৱা ৪ মান বাজি পাৰ হৈ গৈছিল । অপেক্ষা কৰি কৰি মাৰ ধৈৰ্য শেষ হৈ গৈছিল, অৱশেষত তেওঁ খঙত একো নাই হৈ তালৈ ওলাই গৈছিল আৰু গৈ দেখা পাইছিল যে তাত সেই সময়তো উদয়াদিত্য ভৰালী আৰু দেউতা গভীৰ আলোচনাত মগ্ন । মাৰ ইমানেই খং উঠিছিল যে তেওঁ খঙৰ ভমকতে সকলোকে ধমক দিছিল । বিশেষকৈ ভৰালী ছাৰক, তেতিয়া তেখেত কটন কলেজৰ ইতিহাসৰ অধ্যাপক আছিল । আজিও মই ভৰালী ছাৰক লগ পালে সেই ৰাতিৰ কথা কৈ হাঁহো । অৱশ্যে মাও এতিয়া আমাৰ মাজত নাই ।" এনেকৈয়ে সোণসেৰীয়া স্মৃতি ৰোমন্থন কৰিলে প্ৰদ্যুৎ কুমাৰ ডেকাই ৷