মাণিক কুমাৰ ৰয়
আজি বিশ্ব ধঁপাত বিৰোধী দিৱস ৷ ধঁপাতৰ অপকাৰিতা সম্পৰ্কে ৰাইজক সজাগ-সচেতন কৰাৰ লক্ষ্যৰে বিভিন্ন বিষয়বস্তু লৈ প্ৰত্যেক বছৰে বিশ্বজোৰি এই দিৱসটো পালন কৰি অহা হৈছে ৷ ১৯৮৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই ধঁপাতজনিত কাৰণৰ বাবে হোৱা ৰোগ আৰু মৃত্যুৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰৰ ৩১ মে’ৰ দিনটো বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে ৷ এই বছৰ দিৱসৰ মূল বিষয়বস্তু হৈছে ধঁপাত আৰু নিক’টিনৰ প্ৰতি আকৃষ্ট কৰিব পৰা উদ্যোগসমূহৰ বিভিন্ন কৌশলসমূহ সাধাৰণ ৰাইজৰ মাজত উদঙাই দিয়া ৷
অসমসহ উত্তৰ-পূৰ্বাঞ্চলত ধঁপাতৰ প্ৰভাৱ যথেষ্ট বেছি আৰু যাৰ বাবে কৰ্কট ৰোগীৰ হাৰো ইয়াত যথেষ্ট বেছি ৷ বিশ্ব ধঁপাত বিৰোধী দিৱসৰ দিনটোত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত আজিৰ এই প্ৰতিবেদন ৷ এই প্ৰতিবেদন গুৱাহাটীৰ ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা বিশেষ্ট অংকল'জিষ্ট ডাঃ অমল চন্দ্ৰ কটকীৰে হোৱা আছুতীয়া বাৰ্তালাপৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ৷
ধঁপাতৰ সামগ্ৰিক প্ৰেক্ষাপট
প্ৰত্যেক বছৰে বিশ্বত প্ৰায় ৮০ লাখ লোক ধঁপাতজনিত ৰোগৰ বাবে মৃত্যুমুখত পৰে ৷ ২০২৩ চনৰ তথ্য মতে ভাৰতত এই সংখ্যা ১৩.৫০ লাখ ৷ আনহাতে গ্ল'বেল এডাল্ট ত'বাক চাৰ্ভেৰ (GATS-2, 2016-17) তথ্যমতে ভাৰতত ধঁপাত সেৱনৰ সৰ্বভাৰতীয় হাৰ ২৮.৬ শতাংশ ৷ ইয়াৰ বিপৰীতে অসমত এই হাৰ ৪৮.২ শতাংশ ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰাম, ত্ৰিপুৰা, মণিপুৰ, মেঘালয় আদি ৰাজ্যসমূহতো এই হাৰ যথেষ্ট বেছি ৷ ভাৰতত প্ৰায় ৫২ শতাংশ প্ৰাপ্তবয়স্ক লোক ব্যক্তি পৰোক্ষ ধঁপাত সেৱনৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায় ৷ গ্ৰামাঞ্চলত এই হাৰ ৫৮ শতাংশ আৰু চহৰাঞ্চলত ৩৯ শতাংশ ৷ কৰ্মস্থলীত প্ৰায় ২৬.৭ শতাংশ আৰু ৰাজহুৱা স্থানত ৩৪.৪ শতাংশ ব্যক্তি পৰোক্ষ ধঁপাত সেৱনৰ দ্বাৰা আক্ৰান্ত হয় ৷ ২০২৪ চনৰ তথ্যমতে ভাৰতত ১৫ বছৰ বয়সৰ তলৰ ৪৬.৫ শতাংশ শিশু পৰোক্ষ ধঁপাত সেৱনৰ দ্বাৰা প্ৰভাৱিত হয় ৷
অসমসহ উত্তৰ-পূৰ্বাঞ্চলত ধঁপাতজনিত কৰ্কট ৰোগ
অসম তথা উত্তৰ পূৰ্বাঞ্চলত ধঁপাতজনিত কাৰণত হোৱা কৰ্কট ৰোগীৰ সংখ্যা ভাৰতৰ ভিতৰতে সৰ্বাধিক ৷ আই চি এম আৰৰ তথ্য আধাৰত ডাঃ অমল কটকীয়ে কয়, "মেঘালয় আৰু ত্ৰিপুৰাত পুৰুষৰ ক্ষেত্ৰত ক্ৰমে ৬৫.২ শতাংশ আৰু ৫৩.৮ শতাংশ ধঁপাতজনিত কাৰণত কৰ্কট ৰোগ হয় ৷ কামৰূপ মহানগৰ জিলাত পুৰুষৰ ক্ষেত্ৰত এই হাৰ ৪৯.৭ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত ২৪.১ শতাংশ ৷ গৱেষণাৰ দ্বাৰা প্ৰমাণ হৈছে যে মুখগহ্বৰ, কণ্ঠনলী, হাঁওফাঁও, খাদ্যনলী, পাকস্থলী, মুত্ৰাশয়, বৃক্ক আৰু অগ্নাশয়ত হোৱা কৰ্কট ৰোগ ধঁপাত সেৱনৰ লগত জড়িত ৷ অতি সম্প্ৰতি গৱেষণাৰ পৰা জানিব পৰা গৈছে যে একিউট লিউকেমিয়া, জৰায়ু, যকৃত আৰু কল’ৰেক্টেল কেন্সাৰৰো ধঁপাত সেৱনৰ লগত এক সম্পৰ্ক আছে ৷" ডাঃ কটকীয়ে জনোৱা মতে উত্তৰ-পূৰ্বাঞ্চলত বছৰি ৬০ হাজাৰ লোক নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰে ৫০ হাজাৰ ৰোগী অসমৰ ৷ অসমত প্ৰত্যেক বছৰে প্ৰায় ২৫ হাজাৰ কৰ্কট ৰোগীৰ মৃত্যু হয় ৷ দেশত বছৰি প্ৰায় ১৪ লাখ কৰ্কট ৰোগী নতুনকৈ চিনাক্ত হয় ৷ ইয়াৰে ৮ লাখ লোক মৃত্যু মুখত পৰে ৷

অসমত ধঁপাতৰ চাহিদা
ডাঃ কটকীয়ে জনোৱা মতে, অসমত কেইবছৰমান আগলৈকে প্ৰতিদিনে ৩.২ লাখ পেকেট চিগাৰেট আৰু ৬.৫ লাখ পেকেট গুটখা বিক্ৰী হৈছিল ৷ বৰ্তমান এই হাৰ আৰু অধিক হোৱাই স্বাভাৱিক ৷ এতিয়াও ভাৰতৰ বিভিন্ন ৰাজ্যত চিগাৰেটতকৈও বিড়ি খোৱা ব্যক্তিৰ সংখ্যা যথেষ্ট বেছি ৷ দক্ষিণ ভাৰতত ১৩-১৫ বছৰ বয়সৰ ১৩.৪ শতাংশ শিশুৱে ধঁপাত সেৱন কৰাৰ বিপৰীতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এই সংখ্যা ৩৪.৩ শতাংশ ৷
উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগী বৃদ্ধিৰ কাৰণ
এই সন্দৰ্ভত ডাঃ কটকীয়ে কয়, "উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগ বৃদ্ধিৰ মূলতেই হৈছে হৈছে ধঁপাত সেৱন, মদ্যপান আৰু খাদ্যাভ্যাস ৷ অসমসহ উত্তৰ-পূবত ধঁপাত সেৱনৰ বাবে হোৱা কৰ্কট ৰোগীৰ হাৰ বেছি ৷ সৰ্বভাৰতীয় পৰ্যায়ত ধঁপাত সেৱনৰ হাৰ ২৮ শতাংশ ৷ আগতে ৩৪ শতাংশ আছিল ৷ এতিয়া কমি ২৮ শতাংশ হৈছে ৷ কিন্তু ইয়াৰ বিপৰীতে অসমসহ উত্তৰ-পূৰ্বাঞ্চলত ধঁপাত সেৱনৰ হাৰ বৃদ্ধি পাইছে ৷ অসমত আগতে ধঁপাত সেৱনৰ হাৰ ৩৯ শতাংশ আছিল আৰু এতিয়া বৃদ্ধি হৈ ৪৮ শতাংশ হৈছে ৷ মিজোৰাম আৰু মেঘালয়ত ৭০ শতাংশ কৰ্কট ৰোগীয়েই হৈছে ধঁপাত সেৱনকাৰী ৷ আনহাতে অসমত সুৰাপায়ীৰ হাৰো যথেষ্ট বেছি ৷ সৰ্বভাৰতীয় পৰ্যায়ত সুৰাপানৰ হাৰ ১১ শতাংশ ৷ কিন্তু অসমত এই হাৰ প্ৰায় ২২ শতাংশ ৷ অৰ্থাৎ দুগুণ ৷ কৰ্কট ৰোগ প্ৰথম অৱস্থাত চিনাক্ত কৰিব পাৰিলে ৮০ শতাংশৰ ক্ষেত্রত ৰোগমুক্ত কৰিব পাৰি ৷ কিন্তু কৰ্কট ৰোগৰ সজাগতাৰ অভাৱৰ লগতে বিভিন্ন কাৰণত দুই তৃতীয়াংশ ৰোগী পলমকৈ চিকিৎসালয়লৈ আহে ৷ যিটো সময়ত চিকিৎসকৰ কৰাৰ বিশেষ একো নাথাকে ৷ আনহাতে ৫ৰ পৰা ১০ শতংশ কৰ্কট ৰোগ বংশনুক্ৰমে হোৱা দেখা যায় ৷"

কেৱল কৰ্কট ৰোগেই ধঁপাতৰ কাৰক নহয়
ধঁপাত সেৱনৰ ফলত কেৱল কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাই বেছি নাথাকে ৷ ধঁপাত সেৱনৰ ফলত বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা থাকে ৷ এই সন্দৰ্ভত ডাঃ কটকীয়ে কয়, "ধঁপাতৰ বাবেই হৃদযন্ত্ৰ আৰু উচ্চ ৰক্তচাপ ৰোগ, মগজুত ৰক্তক্ষৰণ(ষ্ট্ৰ’ক), ক্ৰণিক বংকাইটিজ, হাপানী, যক্ষ্মা, ক’ভিড সংক্ৰমণ আদি ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পোৱা দেখা যায় ৷ ধঁপাত সেৱনকাৰীৰ প্ৰজনন ক্ষমতা বাধাগ্ৰস্ত হোৱাৰ উপৰি গৰ্ভৱতী মহিলাৰ গৰ্ভপাত, মৃত শিশুৰ জন্ম, গৰ্ভস্থিত সন্তানৰ ওজন কমি যোৱা, অকাল প্ৰসৱ আদি হোৱা দেখা যায় ৷ ধঁপাত সেৱনকাৰী মাতৃৰ সন্তান এবছৰৰ ভিতৰত মৃত্যুৰ মুখত পৰাৰ সম্ভাৱনাও যথেষ্ট বেছি ৷ কৰ্কট ৰোগ ধঁপাত সেৱনৰ এক অন্যতম কাৰণ ৷ ধঁপাতজনিত কাৰণত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা এইডচ, ড্ৰাগছ সেৱন, দুৰ্ঘটনাজনিত মৃত্যু, আত্মহনন, অগ্নিদগ্ধ হৈ হোৱা মৃত্যুৰ মুঠ সংখ্যাতকৈ যথেষ্ট বেছি ৷ ২০২২ চনৰ এক তথ্য অনুসৰি ভাৰতত ধঁপাত সেৱনৰ বাবে প্ৰায় ৭১ লাখ ব্যক্তি অকালতে মৃত্যুৰ মুখত পৰে ৷ ২০২১ চনৰ ভাৰত চৰকাৰৰ তথ্য মতে ৩৫ বছৰ বযসৰ ওপৰৰ ব্যক্তিৰ ধঁপাতজনিত ৰোগত হোৱা মৃত্যু আৰু ৰোগৰ চিকিতসাৰ বাবে প্ৰায় ১,৭৭,৩৪০ কোটি টকা খৰচ কৰিবলগীয়া হয় (২০১৭-১৮ বৰ্ষ) ৷ ইয়াৰে ২২ শতাংশই চিকিতসাজনিত খৰচ আৰু ৭৮ শতাংশ পৰোক্ষ আনুসংগিক খৰচ ৷"
কিদৰে বিষাক্ত তথা বৰবিহ স্বৰূপ ধঁপাত
ডাঃ কটকীয়ে জনোৱা মতে, ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰনালয়ৰ তথ্য অনুসৰি ধোঁৱাবিহীন ধঁপাতত প্ৰায় ৩০৯৫ বিধ ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে আৰু ইয়াৰে ২৮ বিধ কৰ্কট ৰোগ সৃষ্টিৰ কাৰ্চিন’জেন হিচাপে পৰিগণিত হৈছে ৷ ধঁপাতত এচিট’ন, ডিডিটি, নিক’টিন, ফেন’ল, নেফথেলিন, বিউটেন, কেডমিয়াম, লেড, আৰ্চেনিক ইত্যাদি বহু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে ৷ এই ৰাসায়নিক দ্ৰব্যসমূহ সাধাৰণতে ঘৰত ব্যৱহাৰ হোৱা ফেনাইল, ডিঅ’ডাৰেণ্ট, নেফথেলিন, নেইলপলিচ ৰিমভাৰ, বেটাৰী আদিত উপলব্ধ ৷ অৰ্থাৎ ধঁপাত সেৱনকাৰী সকলে এনে মৰাত্মক ৰাসায়নিক পদাৰ্থসমূহ সেৱন কৰি থাকে ৷ ধঁপাত সেৱনৰ প্ৰতি আসক্তি জাগ্ৰত কৰিবলৈ প্ৰায় ১৬ হাজাৰ বিভিন্ন সুগন্ধি উপাদান ব্যৱহাৰ কৰা হয় ৷ ধঁপাতৰ প্ৰতি আসক্তি হোৱাৰ ইয়ো এক অন্যতম প্ৰধান কাৰণ ৷ ধঁপাতৰ প্ৰতি আসক্তি সৃষ্টি কৰা ৰাসায়নিক পদাৰ্থ হ’ল নিক’টিন ৷ ই দ্ৰুতগতিত তেজৰ লগত মিহলি হৈ মগজুত ১০ ছেকেণ্ডৰ ভিতৰত ড’পামিন আৰু নৰএড্ৰিনেলিনৰ দৰে সুখী হৰমন নিগ্ৰত কৰে ৷ বাৰে বাৰে সেৱন কৰাৰ পিছত ই এক এৰিব নোৱাৰা অভ্যাসলৈ পৰিণত হয় ৷
আইন আছে যদিও কাৰ্যতঃ নিষ্ক্ৰিয়

ভাৰত চৰকাৰে ধঁপাত নিয়ন্ত্ৰণৰ বাবে ২০০৩ চনত COTPA(Cigarette and Other Tobacco Products Act) প্ৰণয়ন কৰে ৷ এই আইনৰ অধীনত বহু নিষেধাজ্ঞা আছে যদিও মূলত: ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ, ধঁপাতজাতীয় সামগ্ৰীৰ কোনোধৰণৰ প্ৰত্যক্ষ বা পৰোক্ষ বিজ্ঞাপন, কোনোধৰণৰ প্ৰচাৰ আৰু পৃষ্ঠপোষকতা নিষিদ্ধ কৰা হৈছে ৷ ১৮ বছৰৰ তলৰ যিকোনো ব্যক্তিক ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে ধঁপাত বিক্ৰীৰ যিকোনো দোকান শিক্ষানুষ্ঠানৰ পৰা ১০০ গজ ব্যাসাৰ্ধৰ পৰা আঁতৰত হ’ব লাগিব ৷ ইয়াৰ বাহিৰেও ধঁপাত জাতীয় সামগ্ৰীৰ নিৰ্দিষ্ট চিত্ৰ সম্বলিত স্বাস্থ্য সতৰ্কবাণী বাধ্যতামূলক কৰা হৈছে ৷ দুৰ্ভাগ্যবশত: এতিয়াও শিক্ষানুষ্ঠানৰ আশে-পাশে গুটখা নিষিদ্ধ কৰাৰ পাছতো মুক্তভাৱে বিক্ৰী হোৱা দেখা যায় ৷ ডাঃ কটকীয়ে কয়, "গুটখাৰ প্ৰসিদ্ধ ব্ৰেণ্ডৰ নামেৰে পাণমছলা প্ৰস্তুত কৰি নতুন প্ৰজন্মক এনেধৰণৰ ধঁপাত আৰু পাণমছলাৰ প্ৰতি আকৃষ্ট কৰিবৰ বাবে ধঁপাত প্ৰস্তুতকাৰী কোম্পানীসমূহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা যায় ৷ ভাৰতত বহু নামী-দামী বলিউডৰ অভিনেতা আৰু ক্ৰিকেটাৰো এইধৰণৰ ব্যৱসায়িক বিজ্ঞাপনত জড়িত হৈ পৰা দেখা গৈছে ৷ ২০২৩ চনত ভাৰতত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ সময়ত টিভিৰ পৰ্দাত বিমল, কমলা পচন্দ আদি ব্ৰেণ্ড বিলাকৰ বিজ্ঞাপন সঘনাই প্ৰদৰ্শন কৰা হৈছিল ৷ সেইবাৰ বিশ্বকাপ ক্ৰিকেটত ভাৰত পৰাস্ত হ’লেও ধঁপাত আৰু পাণমছলাৰ প্ৰতি মানুহৰ মন প্ৰভাৱান্বিত কৰিবলৈ এই বিজ্ঞাপনসমূহ সমৰ্থ হৈছিল ৷"
কিদৰে ধঁপাতৰ বদভ্যাসৰ পৰা মুক্তি পাব পাৰি
ধঁপাতৰ বদভ্যাসৰ পৰা মুক্তি পোৱাৰ উপায় সন্দৰ্ভত ডাঃ কটকীয়ে কয়, "ধঁপাতৰ কবলৰ পৰা মুক্ত হোৱাৰ দুই ধৰণৰ উপায় আছে ৷ কল্ড টাৰ্কি পদ্ধতিত মন দৃঢ় কৰি একেবাৰতে ত্যাগ কৰিবলৈ লোৱা সিদ্ধান্ত ৷ আনটো পদ্ধতি হ’ল টেপাৰিং অফ পদ্ধতি অৰ্থাৎ ক্ৰমান্বয়ে ব্যৱহাৰ হ্ৰাস কৰা ৷ বহু ব্যক্তিয়ে দ্বিতীয়টো পথ বাচি লোৱা দেখা যায় ৷ ধঁপাত বন্ধ কৰাৰ বাবে বিশেষজ্ঞৰ সহায় আৰু পৰামৰ্শ আৰু নিক’টিন ৰিপ্লেচমেণ্ট থেৰাপী প্ৰয়োজনীয় ৷ খাবলৈ মন গলেই ধঁপাত সেৱন ৫-১০ মিনিটৰ কাৰণে প্ৰথম অৱস্থাত বিলম্ব কৰিব লাগে ৷ লাহে লাহে এই আগ্ৰহ কমি অহা দেখা যায় ৷ ধঁপাত সেৱন কৰিবলৈ মন গলেই অন্য বিষয়ত মনোযোগ দিয়া, অধিক পানী খোৱা, দীঘলকৈ উশাহ-নিশাহ লোৱাৰ দ্বাৰাও উপকৃত হ’ব পাৰি ৷ ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰনালয়ৰ দ্বাৰা ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ২০১৭ চনত স্থাপন কৰা ৰিজিঅ’নেল টবেক’ কুইট লাইন চেণ্টাৰৰ টোল-ফ্ৰী নম্বৰ-১৮০০১১২৩৫৬ৰ সৈতে যোগাযোগ কৰি বিনামূলীয়া পৰামৰ্শ গ্ৰহণৰ দ্বাৰাও উপকৃত হ’ব পৰা যায় ৷"
লগতে পঢ়ক