ETV Bharat / entertainment

KJo ৰ নতুন প্ৰজেক্ট ধড়ক 2: এইবাৰ ভাবী 2 ৰ লগত সিদ্ধান্তৰ কেমেষ্ট্ৰীয়ে কেনে সোৱাদ দিব দৰ্শকক ? - Karan Johar instagram

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 4:47 PM IST

Dhadak 2: কৰণ জোহৰে সিদ্ধান্ত চতুৰ্বেদী আৰু তৃপ্তী ডিমৰীয়ে অভিনয় কৰিবলগীয়া ধড়ক 2 ঘোষণা কৰে । শ্বাজিয়া ইকবালৰ দ্বাৰা পৰিচালিত এই ছবিখন এই বছৰ ২২ নৱেম্বৰত মুক্তি পাব ।

Karan Johar Announces Dhadak 2 with Siddhant Chaturvedi and Tripti Dimri
সিদ্ধান্ত চতুৰ্বেদী আৰু তৃপ্তী ডিমৰী (etv bharat)

চিটাৰা ডেস্ক, 27 মে’ : চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে ঘোষণা কৰিছে তেওঁৰ নতুন প্ৰজেক্ট ধড়ক ২ । সোমবাৰে কৰণ জোহৰে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই কথা ঘোষণা কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত ছবিখনৰ তাৰকা সিদ্ধান্ত চতুৰ্বেদী আৰু তৃপ্তী ডিমৰীৰ কথা প্ৰকাশ পাইছে । শ্বাজিয়া ইকবালৰ পৰিচালনা আৰু স্বয়ং জোহৰৰ প্ৰযোজনাত ছবিখন ২০২৪ চনৰ ২২ নৱেম্বৰত ৰূপালী পৰ্দাত মুক্তি পোৱাৰ কথা আছে ।

নতুন ছবিখনৰ বিষয়ে ঘোষণা কৰি শ্বেয়াৰ কৰা ভিডিঅ’টোৰ সৈতে কৰণ জোহৰে লিখিছে, "এই কাহিনীটো কিছু পৃথক কিয়নো তাত এজন ৰজা আছিল আৰু এগৰাকী ৰাণী আছিল-দুয়োৰে জাতি বেলেগ বেলেগ আছিল...ইমানতে শেষ কাহিনী ৷ আপোনালোকলৈ আগবঢ়াইছো সিদ্ধান্ত চতুৰ্বেদী আৰু তৃপ্তী ডিমৰী অভিনীত ধড়ক 2 ৷ #ধড়ক2 ছবিগৃহত 22নৱেম্বৰ 2025 ৷"

ধড়ক2 ঘোষণা কৰা ভিডিঅ'টোৱে এনে এক বৰ্ণনাৰ ইংগিত দিছে য’ত প্ৰেমৰ জটিলতা আৰু সামাজিক নিয়মবোৰক প্ৰত্যাহ্বান জনাই প্ৰেমিকযুগলে আকৌ এবাৰ সীমা অতিক্ৰম কৰিব । দৰ্শকে ৰোমাঞ্চ, নাটক আৰু আৱেগৰ গভীৰতাৰে পৰিপূৰ্ণ চলচ্চিত্ৰ এখন আশা কৰিব পাৰে । এই ছবিখনেৰে চতুৰ্বেদী আৰু ডিমৰীয়ে প্ৰথমবাৰৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰিব ৷ দৰ্শকে এক সতেজ আৰু ৰোমাঞ্চকৰ কাহিনী উপভোগ কৰিবলৈ পাব ।

২০১৬ চনত মুক্তি পোৱা ধড়কত জাহ্নৱী কাপুৰ আৰু ঈশান খট্টৰে অভিনয় কৰিছিল আৰু ছবিখনে বাণিজ্যিক সফলতা লাভ কৰিছিল । চলচ্চিত্ৰখন সমালোচকৰ দ্বাৰা প্ৰশংসিত মাৰাঠী চলচ্চিত্ৰ ছাইৰাটৰ পুনৰ নিৰ্মাণ আছিল, যিয়ে সামাজিক বাধা অতিক্ৰম কৰি প্ৰেমৰ বিষয়বস্তু অন্বেষণ কৰিছিল আৰু দৰ্শকৰ সৈতে গভীৰভাৱে একাত্ম হ’ব পাৰিছিল । ধড়ক 2 ৰ সৈতে জোহৰে পুনৰ এক অনন্য কাহিনী উপস্থাপন কৰি দৰ্শকসকলক আকৰ্ষিত কৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক : চেন্নাইৰ ভিতৰতে মাকৰ আটাইতকৈ প্ৰিয় ঠাইত উপস্থিত জাহ্নৱী - Sridevi Most Favourite Place

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.