ETV Bharat / entertainment

টুইংকল খান্নাক সমালোচনা কংগনাৰ, কিন্তু কিয় ?

Kangana Ranaut slammed Twinkle Khanna: নাৰীবাদ আৰু সমতাৰ ওপৰত টুইংকল খান্নাৰ মতামতক লৈ ক্ষুব্ধ হৈ পৰিল কংগনা ৰনৌত ৷ কংগনাই নিজৰ ইনষ্টা ষ্ট’ৰীত টুইংকলৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত টুইংকলে ধেমালিতে পুৰুষক ‘প্লাষ্টিক বেগ’ৰ সৈতে তুলনা কৰিছিল । এতিয়া ইয়াকে লৈ টুইংকলক সমালোচনা কৰে কংগনাই ৷ ঘটনাৰ সবিশেষ বিৱৰণ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Kangana Ranaut slams Twinkle Khanna, Here know the reason
টুইংকল খান্নাক সমালোচনা কৰে কংগনাই
author img

By ETV Bharat Assamese Team

Published : February 22, 2024 at 11:42 AM IST

3 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ২২ ফেব্ৰুৱাৰী: বলীউডত নিজৰ স্পষ্ট কণ্ঠৰ বাবে পৰিচিত কংগনা ৰনৌত । সেয়েহে, কংগনা তেওঁৰ ছবিতকৈ অধিক নিজৰ বক্তব্যৰ বাবে চৰ্চাত থাকে ৷ প্ৰায়ে যিকোনো বিষয়ত নিজৰ মতামত প্ৰকাশ কৰা দেখা যায় অভিনেত্ৰীগৰাকীক ৷ আনকি বহুবাৰ নিজৰ মতামতৰ বাবে সমালোচিত হ’বলগীয়া হয় কংগনা ৷ তথাপিও প্ৰত্যেকটো বিষয়ত নিজৰ স্পষ্টবাদী মতামত প্ৰকাশ কৰা দেখা যায় কংগনাক ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিচৰে পৰা তেওঁ অহৰহ নেপোটিজমৰ বিষয়টো উত্থাপন কৰি আহিছে । এতিয়া আকৌ এবাৰ কংগনা নেপো কিডৰ বিৰুদ্ধে গৰজি উঠিছে ৷ এইবাৰ তেওঁ ৰাজেশ খান্নাৰ কন্যা তথা অক্ষয় কুমাৰৰ পত্নী অভিনেত্ৰী টুইংকল খান্নাক লক্ষ্য কৰি লৈছে । টুইংকলৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কংগনাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা দীঘলীয়া পোষ্ট লিখিছে ।

Kangana Ranaut slams Twinkle Khanna, Here know the reason
কংগনাৰ পোষ্ট

টুইংকল খান্নাক বিশেষ সুবিধাপ্ৰাপ্ত ছোৱালী বুলি অভিহিত কৰি কংগনাই লিখিছে, ‘‘এই বিশেষ সুবিধাপ্ৰাপ্ত মানুহবোৰে নিজৰ মানুহজনক পলিথিনৰ বেগৰ লগত তুলনা কৰিছে, এয়া কৰি নিজকে কুল দেখুৱাবলৈ চেষ্টা কৰিছে নেকি ? ৰূপৰ চামুচ লৈ জন্ম হোৱা নেপো সন্তানক সোণৰ প্লেটত চলচ্চিত্ৰ কেৰিয়াৰ দিয়া হৈছে, কিন্তু তেওঁলোকে নিশ্চিত ৰূপত ইয়াৰ সৈতে ন্যায় কৰিব নোৱাৰিলে, অন্ততঃ মাতৃত্বৰ নিস্বাৰ্থতাত কিছু সুখ আৰু পূৰ্ণতা বিচাৰি পাব পাৰিলে হয়, যিটো তেওঁলোকৰ ক্ষেত্ৰত অভিশাপ যেন লাগে, তেওঁলোকে কি হ’ব বিচাৰে জীৱনত ? শাক-পাচলি ? এইটোৱেই নাৰীবাদ নেকি ? ’’

টুইংকলৰ কোনটো বক্তব্যত খং উঠিছিল কংগনাৰ ?

আচলতে টুইংকল খান্নাই এটা পুৰণি সাক্ষাৎকাৰত কৈছিল যে তেওঁ কেনেকৈ উপলব্ধি কৰিলে যে তেওঁ এগৰাকী নাৰীবাদী । এটা ধেমেলীয়া উত্তৰ দি টুইংকলে কয় যে তেওঁৰ মাতৃ অভিনেত্ৰী ডিম্পল কাপাড়িয়াই তেওঁক শিকাইছিল যে নাৰীক পুৰুষৰ প্ৰয়োজন নাই ।

টুইংকলে সাক্ষাৎকাৰটোত কৈছিল, ‘‘মই কেতিয়াও নাৰীবাদ বা সমতা বা যিকোনো কথাৰ বিষয়ে কোৱা নাছিলো, কিন্তু এইটো অতি স্পষ্ট যে এজন পুৰুষৰ একেবাৰেই প্ৰয়োজন নাই । মানুহ এজন থাকিলে ভাল হয়, ঠিক যেনেকৈ এটা ধুনীয়া হেণ্ডবেগ থাকিলে ভাল হয়, কিন্তু তথাপিও যদি আপোনাৰ হাতত প্লাষ্টিকৰ বেগ আছে তথাপিও কাম চলি যাব ৷ মই সেই ধাৰণাটো লৈয়ে ডাঙৰ হৈছো আৰু অনুভৱ কৰিছিলো যে পুৰুষৰ কোনো বিশেষ কাম নাই ।’’ টুইংকলৰ এই বক্তব্যক ক্ষুব্ধ হৈ পৰে কংগনা ৷ তাৰ পিচতে ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰি টুইংকলক সমালোচনা কৰে ৷

লগতে পঢ়ক: ৰকুল প্ৰীত-জেকী ভগনানীৰ বিবাহৰ স্থানৰ পৰা ভাইৰেল বিশেষ ছবি