ETV Bharat / entertainment

কোনগৰাকী তাৰকাই কেনেদৰে ৰাম নৱমীৰ শুভেচ্ছা জনালে অনুৰাগীক ? - Ram Navami 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 12:56 PM IST

Ram Navami 2024 : আজি ৰাম নৱমী ৷ বলীউডৰ প্ৰবীণ অভিনেত্ৰী হেমা মালিনী, মাধুৰী দীক্ষিত, কংগনা ৰনৌত, জেকি শ্ৰফে সামাজিক মাধ্যমত অনুৰাগীসকলক ৰাম নৱমীৰ শুভেচ্ছা জনাইছে ৷

Ram Navami 2024
কোনগৰাকী তাৰকাই কেনেদৰে ৰাম নৱমীৰ শুভেচ্ছা জনালে অনুৰাগীক ?

চিটাৰা ডেস্ক, 17 এপ্ৰিল : 17 এপ্ৰিল তথা আজি সমগ্ৰ দেশতে, ৰাম নৱমী উদযাপন কৰা হৈছে ৷ ৰাম নৱমী উপলক্ষে আজি দুপৰীয়া 12 বজাত অযোধ্যাত ৰামলালাৰ সূৰ্যতিলক সম্পন্ন কৰা হ'ব । ৰাম নৱমীৰ দিনটোত শ্ৰী ৰামক যথাযথভাৱে উপাসনা কৰাৰ পৰম্পৰা আছে । এই ৰ্ষত ৰাম নৱমীৰ বাবে প্ৰায় আঢ়ৈ ঘণ্টাৰ মুহুৰ্ত আছে ।

উপাসনাৰ শুভ সময় পুৱা 11:05 বজাৰ পৰা দুপৰীয়া 1:35 বজালৈ । ৰাম নৱমীৰ দিনটোত শ্ৰী ৰামৰ আশীৰ্বাদ পাবলৈ, ৰাম চৰিত মানসৰ চৌপাই পঢ়ি শ্ৰী ৰামৰ প্ৰশংসা কৰে বুলি কোৱা যায় । ৰাম চৰিত মানসৰ চৌপাই পঢ়ি মানুহে সকলো দুখ-কষ্টৰ পৰা মুক্তি লাভ কৰে।

এই পবিত্ৰ উৎসৱৰ দিনটোত বলীউডতো সকলো তাৰকাই নিজ নিজ সামাজিক মাধ্যমৰ একাউণ্টত অনুৰাগীসকলক শুভেচ্ছা জনোৱা দেখা গৈছে ৷

ড্ৰীম গাৰ্লখ্যাত হেমা মালিনীয়ে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামত অযোধ্যাৰ ৰাম মন্দিৰৰ ৰাম লাল্লাৰ এখন ফটো শ্বেয়াৰ কৰিছে আৰু সকলোৰে বাবে প্ৰাৰ্থনা কৰি শিৰোনামত লিখিছে, 'আজি ৰাম নৱমী, আমি সকলোৱে শান্তি আৰু সমৃদ্ধি আৰু আমাৰ গৌৰৱময় ৰাষ্ট্ৰৰ এক উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰাৰ্থনা কৰো আহক ।'

জেকি শ্ৰফে ২০২৪ চনৰ ২২ জানুৱাৰীৰ দিনটো মনত পেলাই অযোধ্যাত ৰামৰ সেৱাত অতিবাহিত কৰা মুহূৰ্তবোৰ ভাগ বাটোৱাৰা কৰিছে ৷ লগতে অভিনেতাগৰাকীয়ে ৰাম নৱমীৰ বাবে সকলোকে অভিনন্দন জনাইছে। তেওঁ শিৰোনামত লিখিছে, 'চিয়াবৰ ৰাম চন্দ্ৰৰ জয় ৷ ৰাম নৱমীৰ উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো।'

কংগনা ৰনৌত
কংগনা ৰনৌত

কংগনা ৰনৌতে তেওঁৰ ইনষ্টাগ্ৰামৰ ষ্টৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ ভিডিঅ' শ্বেয়াৰ কৰিছে আৰু তেওঁৰ অনুৰাগীসকলক শুভেচ্ছা জনাই লিখে যে, 'ৰামজীক জন্মদিনৰ শুভেচ্ছা জনাইছো । প্ৰথমবাৰৰ বাবে ৰামলালাই তেওঁৰ বিশাল মন্দিৰত ৰাম নৱমী উদযাপন কৰিছে।"

ইয়াৰোপৰি মাধুৰী দীক্ষিত, শিল্পা ছেট্টী, ঈষা গুপ্তাকে ধৰি বহুতো তাৰকাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীসকলক ৰাম নৱমীৰ শুভেচ্ছা জনাইছে ৷

লগতে পঢ়ক: গৌৰৱান্বিত ভাৰতবাসী : দ্য একাডেমীৰ পোষ্টত দীপিকা পাডুকন, কিন্তু কিয় ? - the academy instagram

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.