ETV Bharat / entertainment

আজি পঞ্চভূতত বিলীন হ’ব পংকজ উধাছ, কন্যাই শ্বেয়াৰ কৰিলে আবেগিক পোষ্ট

Pankaj Udhas Funeral: লাখ লাখ অনুৰাগীক কন্দুৱাই অজান পৃথিৱীলৈ গুচি গ’ল গজল সম্ৰাট পংকজ উধাছ ৷ আজি বিয়লি প্ৰয়াত গজল কণ্ঠশিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ৷

Ghazal singer Pankaj Udhas Funeral will be held on Tuesday, says daughter Nayaab Udhas
পঞ্চভূতত বিলীন হ’ব পংকজ উধাছ
author img

By ETV Bharat Assamese Team

Published : February 27, 2024 at 11:27 AM IST

3 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ২৭ ফেব্ৰুৱাৰী: নিজৰ গজলেৰে মানুহৰ হৃদয় জয় কৰা পংকজ উধাছ আৰু নাই ৷ ২৬ ফেব্ৰুৱাৰীত ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে গজল সম্ৰাটগৰাকীয়ে । বহুদিনৰে পৰা অসুস্থ হৈ আছিল পংকজ উধাছ । এতিয়া পংকজ উধাছৰ মৃত্যুৰ পিচত মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ ৷ বহু চেলিব্ৰিটি আৰু অনুৰাগীয়ে পংকজৰ মৃত্যুত শোক প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত পংকজক শ্ৰদ্ধাঞ্জলি জনাইছে । ইফালে মঙলবাৰে অৰ্থাৎ আজি প্ৰয়াত গজল সম্ৰাটগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব । পংকজৰ কন্যা নয়াব উধাছে ছ’চিয়েল মিডিয়াত এটা আবেগিক পোষ্টৰ জৰিয়তে অন্ত্যেষ্টিক্ৰিয়া সম্পৰ্কীয় তথ্য শ্বেয়াৰ কৰিছে ।

আজি পঞ্চভূতত বিলীন হ’ব গজল গায়ক পংকজ উধাছ । সোমবাৰে প্ৰয়াত গজল গায়কগৰাকীৰ কন্যা নয়াব উধাছে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পৰ্কীয় তথ্য শ্বেয়াৰ কৰে ৷ নয়াবে লিখিছে, "অতি গধুৰ হৃদয়েৰে পদ্মশ্ৰী পংকজ উধাছৰ মৰমৰ স্মৃতিত, দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে ২০২৪ চনৰ ২৬ ফেব্ৰুৱাৰীত তেখেতৰ মৃত্যুৰ কথা আপোনালোকক জনাবলৈ পাই আমি দুখী হৈছো । ২৭ ফেব্ৰুৱাৰী মঙলবাৰে বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ শেষকৃত্য সম্পন্ন কৰা হ'ব ৷"

উল্লেখ্য যে, পংকজ উধাছৰ নশ্বৰদেহ ব্ৰিচ কেণ্ডি হাস্পতালৰ পৰা কাৰ্মাইকেল ৰোডৰ তেওঁৰ বাংলোলৈ প্ৰায় ১১.১৫ বজাত অনা হ’ব । প্ৰয়াত গজল কণ্ঠশিল্পীগৰাকীক শেষবাৰৰ বাবে দৰ্শনৰ বাবে দুপৰীয়া প্ৰায় ২.৩০ বজালৈকে ৰখা হ’ব আৰু তাৰ পিচত বিয়লি ৩ বজাৰ পিচত ৱৰলীৰ হিন্দু শ্মশানত তেওঁৰ অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হ’ব ।

পংকজ উধাছক স্মৰণ কৰি আবেগিক হৈ পৰিল অনুপ জালোটা

অনুপ জালোটাই কয়, ‘‘মই জানিছিলোঁ যে পংকজজী ৫-৬ ধৰি মাহ অসুস্থ হৈ আছে । মানুহক কোৱা নাছিল যদিও গম পাইছিলোঁ । এই ৰোগে কাকো ৰেহাই নিদিয়ে । কিন্তু ইমান সোনকালে এনেকুৱা হ’ব বুলি কোনো বিশ্বাস নাছিল । যোৱা ২-৩ মাহ ধৰি মই ফোনত কথা পাতিবলৈ চেষ্টা কৰি আছিলো । কিন্তু তেওঁৰ ফোন অহা নাছিল, গতিকে মই বুজিলোঁ যে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । জীয়েকৰ লগত কথা পাতিছিলো । মানুহে হেৰুৱাইছে পংকজ উধাছক । মই হেৰুৱাইছে মোৰ বন্ধুক । মোৰ, পংকজ আৰু তলতৰ বন্ধুত্ব জনপ্ৰিয় আছিল । পংকজ উধাছৰ বিয়োগত বাৰুকৈ মৰ্মাহত হৈছো । তেওঁৰ অৱদান যথেষ্টখিনি আছিল । ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰো যাতে তেওঁৰ আত্মাই শান্তি লাভ কৰে । ’’

আনহাতে পংকজ উধাছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বহু চেলিব্ৰিটিয়ে । মনোজ বাজপেয়ী, ৰিতেশ দেশমুখ, মাধুৰী দীক্ষিত নেনে, অভিষেক বচ্চন, অৰ্জুন ৰামপাল, ছানী দেওল, অনুপম খেৰ, চনু নিগম, অনুৰাগ ঠাকুৰ আদিয়েও পংকজ উধাছৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: পংকজ উধাছৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ