ETV Bharat / entertainment

ফাইটাৰৰ প্ৰচাৰত দীপিকা নথকাৰ কাৰণ প্ৰকাশ পৰিচালক সিদ্ধাৰ্থ আনন্দৰ

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 11:26 AM IST

Fighter: পাঠান খ্যাত পৰিচালক সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ‘ফাইটাৰ’ ছবিখন মুক্তিৰ মাজত বাকী আছে মাত্ৰ দুদিন । হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ এই ছবিখন অহা ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব । এনে পৰিস্থিতিত ছবিখনৰ প্ৰচাৰ চলোৱা হৈছে ৷ কিন্তু ছবিখনৰ প্ৰচাৰৰ পৰা বিৰত আছে দীপিকা ৷ ইয়াৰ কাৰণ প্ৰকাশ কৰিলে পৰিচালক সিদ্ধাৰ্থ আনন্দে ৷

Director Siddharth Anand revealed reason for Deepika Padukone absence from promotion of Fighter
ফাইটাৰৰ প্ৰচাৰৰ পৰা কিয় বিৰত আছে দীপিকা

চিটাৰা ডেস্ক, ২৩ জানুৱাৰী: এই গণৰাজ্য দিৱস উপলক্ষে হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ বহু প্ৰত্যাশিত ছবি ‘ফাইটাৰ’ ডাঙৰ পৰ্দাত মুক্তি পাব । ছবিখনক লৈ অনুৰাগীৰ মাজত এক উচাহ দেখা পোৱা গৈছে । এই সপ্তাহত ছবিগৃহত মুক্তি পাব ফাইটাৰ । এনে পৰিস্থিতিত ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে সমগ্ৰ ফাইটাৰৰ দল ৷ কিন্তু ছবিখনৰ প্ৰচাৰৰ পৰা বিৰত আছে ছবিখনৰ মুখ্য অভিনেত্ৰী দীপিকা পাডুকন ৷ কিন্তু কিয় ? আনকি অনুৰাগীসকলেও ছবিখনৰ মুখ্য অভিনেত্ৰীয়ে কেতিয়া ছবিখন প্ৰচাৰ কৰিব তাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

এনে পৰিস্থিতিত ছবিখনৰ ট্ৰেইলাৰ লঞ্চৰ লগতে প্ৰতিটো প্ৰচাৰ অনুষ্ঠানৰ পৰা দীপিকা পাডুকন বিৰত আছে । যাৰ বাবে বহু প্ৰশ্ন উত্থাপন হৈছে যে ছবিখনৰ প্ৰচাৰৰ পৰা কিয় বিৰত আছে দীপিকা ? ইয়াৰ আঁৰত কিবা ডাঙৰ কাৰণ আছে নে অন্য কিবা কাৰণ আছে ? অৱশ্যে এতিয়া ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দে প্ৰকাশ কৰিছে ‘ফাইটাৰ’ৰ প্ৰচাৰত দীপিকা নথকাৰ কাৰণ ।

ফাইটাৰৰ প্ৰচাৰত কিয় দেখা নগ’ল দীপিকাক ?

‘ফাইটাৰ’ ছবিখনত প্ৰথমবাৰৰ বাবে হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনক একেলগে দেখা যাব ৷ কিন্তু ছবিখনৰ ট্ৰেইলাৰ লঞ্চ আৰু অন্যান্য প্ৰচাৰমূলক কাম-কাজৰ পৰা দীপিকা বিৰত আছে । এই সকলোবোৰৰ মাজতে অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁ প্ৰচাৰমূলক কামত অংশগ্ৰহণ নকৰাৰ ইংগিত দিছিল ।

শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত পৰিচালক সিদ্ধাৰ্থ আনন্দে প্ৰকাশ কৰিছে যে দীপিকা ‘ফাইটাৰ’ৰ প্ৰচাৰত নথকাৰ কাৰণ । আনন্দে প্ৰকাশ কৰে যে এইটো এটা কৌশলগত পদক্ষেপ যিটো তেওঁ প্ৰচাৰৰ উদ্দেশ্যে গ্ৰহণ কৰিছে । ২৩ জানুৱাৰীৰ পৰা ‘ফাইটাৰ’ৰ প্ৰচাৰত দীপিকাক দেখা যাব বুলি উল্লেখ কৰে আনন্দে ৷ লগতে অনুৰাগীৰ জল্পনা-কল্পনাৰ বাবে স্পষ্ট কৰি দিয়ে যে দীপিকা ট্ৰেইলাৰ মুকলি অনুষ্ঠানত অসুস্থ থকাৰ বাবে উপস্থিত থাকিব পৰা নাছিল । সিদ্ধাৰ্থ আনন্দে লগতে কয়, "নিশ্চিতভাৱে দীপিকাৰ অবিহনে আমি প্ৰমোশ্যন কৰিব নোৱাৰো ।"

হৃত্বিক ৰোশন আৰু দীপিকাৰ যুটি ছবিখনৰ প্ৰধান আলোচনাৰ বিষয়

হৃত্বিক ৰোশন আৰু দীপিকাৰ যুটিক ছবিখনৰ মূল আকৰ্ষণ বুলি অভিহিত কৰিছে ছবি নিৰ্মাতাগৰাকীয়ে । পৰিচালকগৰাকীয়ে কয়, "দীপিকা আৰু হৃত্বিকৰ যুটিটো অন্যতম হাইলাইট আৰু এজন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে তেওঁলোকক একেলগে দেখাটো মোৰ বাবে অতি আনন্দৰ বিষয় । গতিকে, মই কল্পনা কৰিব পাৰো যে দৰ্শকেও তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে ।"

অনুৰাগীক পৰিচালকে দিলে আশ্বাস

মুক্তিৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে ‘ফাইটাৰ’ৰ প্ৰচাৰত অভিনেত্ৰীগৰাকীক অধিক দেখা পাব বুলি অনুৰাগীক আশ্বাস দিছে পৰিচালকগৰাকীয়ে । অৱশ্যে মুক্তিৰ পূৰ্বে ফাইটাৰক পূৰ্ণাংগ ৰূপত প্ৰচাৰ নকৰাৰ আঁৰৰ কাৰণো দীপিকা আৰু হৃত্বিক বুলি কয় সিদ্ধাৰ্থে । তেওঁ কয় যে এই কৌশলৰ দ্বাৰা দৰ্শকে একেবাৰে ডাঙৰ পৰ্দাতে দুয়োৰে অন-স্ক্ৰীণ কেমিষ্ট্ৰী উপভোগ কৰিব পাৰিব ।

উল্লেখ্য যে, দীপিকা পাডুকন আৰু হৃত্বিক ৰোশনৰ উপৰিও ‘ফাইটাৰ’ত অনিল কাপুৰ আৰু কৰণ সিং গ্ৰ’ভাৰেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখন ২০২৪ চনৰ ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: Main Atal Hoon ত কাৰ অভিনয়ে খলকনি লগাইছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.