ETV Bharat / entertainment

EaseMyTrip ৰ প্ৰতিষ্ঠাপক নিশান্ত পিট্টীৰ সৈতে সম্পৰ্কত থকাৰ খবৰ সন্দৰ্ভত স্পষ্টীকৰণ কংগনাৰ - kangana ranaut boyfriend

Kangana Ranaut: EaseMyTrip ৰ প্ৰতিষ্ঠাপক নিশান্ত পিট্টীৰ সৈতে সম্পৰ্কত আছে নেকি কংগনা ৰনৌত ? নিশান্ত পিট্টীৰ সৈতে সম্পৰ্কত থকা বাতৰিৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগনা ৰনৌতে ।

'Dating someone else; wait for right time': Kangana Ranaut debunks Nishant Pitti linkup rumours
নিশান্ত পিট্টীৰ লগত সম্পৰ্কত থকা খবৰত স্পষ্টীকৰণ কংগনাৰ
author img

By ETV Bharat Assamese Team

Published : January 24, 2024 at 3:03 PM IST

2 Min Read

চিটাৰা ডেস্ক, ২৪ জানুৱাৰী: শেহতীয়াকৈ অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সাক্ষী হৈছিল বলীউড অভিনেত্ৰী কংগনা ৰনৌত । এতিয়া ৰাম মন্দিৰৰ পৰা অভিনেত্ৰীগৰাকীৰ এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ দৰাচলতে EaseMyTrip ৰ প্ৰতিষ্ঠাপক নিশান্ত পিট্টীৰ সৈতে অযোধ্যাৰ পৰা কংগনাৰ এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীয়ে নিশান্ত পিট্টীক ডেট কৰি আছে বুলি খবৰ বিয়পি পৰে । এতিয়া এই খবৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খোদ অভিনেত্ৰীগৰাকীয়ে ।

নিশান্ত পিট্টীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে নেকি কংগনা ?

কংগনা ৰনৌতে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত EaseMyTrip প্ৰতিষ্ঠাপক নিশান্ত পিট্টীৰ সৈতে ফটো তুলিছিল । ইয়াৰ পিচতে দুয়ো সম্পৰ্কত আছে বুলি জল্পনা-কল্পনা আৰম্ভ হয় । জল্পনা-কল্পনা বৃদ্ধি পোৱা দেখি কংগনাই বুধবাৰে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । নিশান্তক ডেট কৰা খবৰৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনাই সংবাদ মাধ্যমক অনুৰোধ জনায় লিখিছে, ‘‘প্ৰতিদিনে নতুন পুৰুষৰ সৈতে সংযোগ কৰি মোক লাজ নিদিব ৷’’

ইনষ্টাগ্ৰাম ষ্ট’ৰীত নিজৰ আৰু নিশান্ত পিট্টীৰ বিষয়ে প্ৰকাশিত বাতৰি এটাৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘‘সংবাদ মাধ্যমলৈ মোৰ বিনম্ৰ অনুৰোধ, অনুগ্ৰহ কৰি ভুল তথ্য প্ৰচাৰ নকৰিব, নিশান্ত পিট্টীজী বিবাহিত আৰু তেওঁ অতি সুখী ৷ মই আন কাৰোবাৰ লগত সম্পৰ্কত আছো । সঠিক সময়ৰ বাবে অপেক্ষা কৰক । অনুগ্ৰহ কৰি মোক লজ্জিত নকৰিব, কেৱল একেলগে ছবি ক্লিক কৰাৰ বাবেই প্ৰতিদিনে এগৰাকী যুৱতীক নতুন পুৰুষৰ লগত লিংক কৰাটো ভাল নহয় । প্লিজ এইটো নকৰিব ।”

'Dating someone else; wait for right time': Kangana Ranaut debunks Nishant Pitti linkup rumours
নিশান্ত পিট্টীৰ লগত সম্পৰ্কত থকা খবৰত স্পষ্টীকৰণ কংগনাৰ

লগতে পঢ়ক: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিচত অনুৰাগীক কংগনাই দিলে ডাঙৰ উপহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.