যিকোনো ছবি উপভোগ কৰক মাত্ৰ ৯৯ টকাত, কেতিয়া ক’ত চাব জানি লওক
Cinema Lovers Day 2024: চিনেমাপ্ৰেমীসকলৰ বাবে ভাল খবৰ ৷ শুকুৰবাৰে PVR Inox ত কম দামত সকলো নতুন পুৰণি চিনেমা চাব পাৰিব ৷

Published : February 22, 2024 at 4:51 PM IST
চিটাৰা ডেস্ক, ২২ ফেব্ৰুৱাৰী: চিনেমাৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বৃদ্ধিৰ বাবে সময়ে সময়ে প্ৰচেষ্টা চলোৱা হয় । যাৰ বাবে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় চিনেমা দিৱস ৷ এই দিৱসত চিনেমাপ্ৰেমী দৰ্শকৰ বাবে বিশেষ অফাৰ দিয়া হয় ৷ এইবাৰ ২৩ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হ’ব । অৰ্থাৎ কাইলৈ পালন কৰা হ’ব চিনেমাপ্ৰেমী দিৱস ৷ চিনেমা দিৱসত যিকোনো চিনেমা অতি কম মূল্যত দৰ্শকে উপভোগ কৰিব পাৰিব ।
মাত্ৰ ৯৯ টকাত চাব পাৰিব ছবি
পিভিআৰৰ পৰা পোৱা তথ্য অনুসৰি শুকুৰবাৰে এই বিশেষ দিনটোত দৰ্শকে ৯৯ টকাত প্ৰতিখন মূলসুঁতিৰ ছবিৰ টিকট ক্ৰয় কৰিব পাৰিব, কেৱল ইমানেই নহয়, প্ৰিমিয়াম চিনেমা ফৰ্মেট আৰু ৰিক্লাইনাৰ চিটতো ডাঙৰ ৰেহাই দিয়া হ’ব । চিনেমা দিৱসৰ দিনা হলিউডৰ ছবি মেডাম ৱেব, দ্য হোল্ডোভাৰ্ছ, বব মাৰ্লি আৰু অস্কাৰৰ বাবে মনোনীত দ্য টিচাৰছ লাউঞ্জো ছবিগৃহত চাব পাৰি । এই সকলোবোৰৰ টিকটৰ মূল্যও আৰম্ভ হ’ব কেৱল ৯৯ টকাৰ পৰা । আনহাতে, যদি বিলাসী আসনত বহি চিনেমা চাব বিচাৰে তেন্তে টিকটৰ দাম ১৯৯ টকাৰ পৰা আৰম্ভ হ’ব । একে সময়তে আইমেক্স, ৪ডিএক্স, এমএক্স৪ডি, স্ক্ৰীণএক্সৰ দৰে ফৰ্মেটত টিকটৰ মূল্য ১৯৯ টকাৰ পৰা ৪৯৯ টকালৈকে হ’ব ।
শুকুৰবাৰে মুক্তি পাব এই ছবিসমূহ
এই শুকুৰবাৰে মুক্তি পাব য়ামী গৌতমৰ ছবি আৰ্টিকেল ৩৭০, বিদ্যুৎ জামাৱালৰ ‘ক্ৰেক জীতেগা টু জেয়েগা’ আৰু অল ইণ্ডিয়া ৰেংক । একে সময়তে শ্বাহিদ কাপুৰ আৰু কৃতি ছেননৰ ছবি ‘তেৰী বাতৌ মে উলঝা জিয়া’ও এই সপ্তাহত কম মূল্যত চাব পাৰিব । ইফালে যদি আপুনি এতিয়াও হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ 'ফাইটাৰ' চোৱা নাই, তেন্তে এই সুযোগত ফাইটাৰ চাব পাৰিব ৷
প্ৰথমবাৰৰ বাবে কেতিয়া উদযাপন কৰা হৈছিল চিনেমা দিৱস ?
২০২২ চনত প্ৰথমবাৰৰ বাবে ২৩ ছেপ্টেম্বৰত ‘ৰাষ্ট্ৰীয় চিনেমা দিৱস’ উদযাপন কৰা হৈছিল । প্ৰথমবাৰৰ বাবে সকলো টিকটৰ দাম ৭৫ টকাত ৰখা হৈছিল । ২০২০ আৰু ২০২১ চনত কৰ’না মহামাৰীৰ পিচত দৰ্শকে ছবিগৃহলৈ যোৱা প্ৰায় বন্ধ কৰি দিছিল । দৰ্শক ছবিগৃহলৈ নোযোৱাৰ বাবে চলচ্চিত্ৰ ব্যৱসায় আৰু থিয়েটাৰৰ মালিকসকলো লোকচানৰ সন্মুখীন হ’বলগীয়া হয় । অৱশ্যে এতিয়া আকৌ এবাৰ চিনেমাৰ প্ৰতি আকৰ্ষণ দেখা গৈছে সাধাৰণ জনতাৰ মাজত । শেহতীয়াকৈ ছবিগৃহত টিকটৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে ।
লগতে পঢ়ক: ডন ৩ ত ৰণবীৰ সিঙৰ সৈতে দেখা যাব এইগৰাকী অভিনেত্ৰীক

